ঢেকীয়াজুলিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
📌 ১ নৱেম্বৰৰ পৰা চাউলৰ লগতে দাইল, নিমখ, চেনি চৰকাৰৰ পৰা কম দামত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব
📌১৭ ছেপ্টেম্বৰত মোদীজীৰ জন্মদিনত অৰুনোদই ৩ দিয়াৰ ব্যৱস্থা
ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “মহিলা উদ্যমিতা আঁচনি’ ৰ অধীনত ঢেকিয়াজুলি সমষ্টিৰ ৩২ হাজাৰ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই চেক্ বিতৰণৰ পূৰ্বে ভাষণ প্ৰদান কৰি কয় যে আজি আমি ঢেকীয়াজুলিত সমবেত হৈছো মহিলা উদ্যমিতা আঁচনিৰ বীজ ধন সংগ্ৰহ কৰিবৰ বাবে। এই আঁচনিখনৰ চেক বিতৰণ কৰিবলৈ আমি অসমৰ যি স্থানলৈ গৈছো মহিলাসকলে যথেষ্ট উৎসাহ দেখুৱাইছে। এই আঁচনিৰ উদ্দেশ্য হ’ল অসমত ৪ লাখ আত্মসহায়ক গোট আছে। ৪ লাখ গোটত ৪০ লাখ মহিলা জড়িত হৈ আছে৷ ইয়াৰে চাৰে আঠ লাখ মহিলাই বছৰত ৮ লাখ টকাৰ ব্যৱসায় কৰে। কিছু মহিলাই লাখপতি বাইদেউৰ পৰা মহালাখপতি লৈ উন্নীত হৈছে মানে বছৰি ১০ লাখ টকাৰ ব্যৱসায় কৰে। বাকী ৩২ লাখ মহিলাক লাখপতি কৰাৰ বাবেই এই আঁচনিখন প্ৰস্তুত কৰা হৈছে।
প্ৰথমে যেতিয়া আমি মাইক্ৰ’ফাইনেঞ্চত লোন লৈছিলো তেতিয়া সুত ইমানেই বেছি আছিলে কাৰোবাৰ ২৩ বা ২৪ শতাংশ আছিল। আমি ভাল কৰি ব্যৱসায় কৰিব নোৱাৰিলো৷ কিন্ত যেতিয়া আত্মসহায়ক গোটত ২৫ হাজাৰ টকা ৰিভলভিং ফাণ্ড দিলো তেতিয়া মহিলাসকলে বেংকৰ পৰা ১৬ হাজাৰ কোটি টকা ঋণ ল’লে আৰু ৯৯% শতাংশ মহিলাই ঘূৰাই দিবলৈ সক্ষম হৈছে।
গতিকে ৮ লাখ নহয় ৪০ লাখ মহিলাক লাখপতি কৰাৰ বাবে চৰকাৰে অভিলাষী আঁচনি হাতত লৈছে। ঘৰত আমি মৌ মাখি পুহি মৌ উৎপাদন কৰিব পাৰো,গাখীৰ উৎপাদন কৰিব পাৰো৷ আমি পিঠাপনাৰ ব্যৱসায় কৰিব পাৰো৷ লগতে পৰিয়ালৰ যি ব্যৱসায় আছে আমি তাৰ লগত নিজকে জড়িত কৰিব পাৰো। আজি ঢেকিয়াজুলিয়ে ৰেকৰ্ড কৰিছে যে এই সভাত ৩২ হাজাৰ হিতাধিকাৰী মহিলা গোট খাইছে। এই ধনেৰে পূজাৰ বতৰত মোবাইল, কাপোৰ কানি কিনিলে নহ’ব৷
এই ধন খৰচ কৰাৰ তিনিটা ৰাস্তা আছে৷প্ৰথমে ১০ হাজাৰ টকা যদি আমি ১০ টা গোট হৈ জমা দিওঁ তেন্তে ১ লাখ টকা হ’ব৷ তেতিয়া বেংকে লাখ টকা দেখিলে ভাল সুবিধা দিব। দ্বিতীয়তে ১০ হাজাৰ টকাৰে আমি মৌ মাখি পালন,গাখীৰ উৎপাদন,মূৰ্গী পালন,গাহৰি পালন,পিঠা পনা বা তাঁতশালৰ কাম আমি যেনেকৈ বিচাৰো এই ১০ হাজাৰ টকা সঠিক কামত ব্যৱহাৰ কৰিব পাৰো৷
তৃতীয়তে ঘৰত দোকান বা ঘৰত যদি কিবা ব্যৱসায় আছে সেই ব্যৱসায়তো এই ধন খৰছ কৰিলে আপোনালোক লাভান্বিত হ’ব। আজি ১০ হাজাৰ টকা লাভ কৰি সঠিককৈ ব্যৱহাৰ কৰিলে আমি অহাবছৰ আকৌ ২৫ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰিম। যদি মোৰ ওপৰত বিশ্বাস আছে তেন্তে মই দেখুৱাই দিয়া তিনিটা ৰাস্তাত খৰছ কৰিব ৷২৫ হাজাৰ টকা খৰছ কৰিলে ৫০ হাজাৰ টকা পাব৷ পিছত এক লাখ টকা পাব ৷ গতিকে ৪০ লাখ মহিলাক আমি লাখপতি বনাবই লাগিব। যোৱা পাঁচ বছৰে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰেপৰাই মহিলাসকলৰ উন্নতিৰ বাবে কাম কৰি আছো বুলি কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে অনাগত ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীজীৰ জন্মদিনত অৰুনোদই ৩ দিয়াৰ ব্যৱস্থা কৰিম। অৰুণোদয়ত আপোনালোকে ১২৫০ টকা পাবই ইয়াৰ লগতে ভৱিষ্যতে গেছ কিনিলে গেছ কিনাৰ বাবে আৰু আঢ়ৈশ টকা পাব।
১ নৱেম্বৰৰ পৰা চাউলৰ লগতে দাইল, নিমখ, চেনি চৰকাৰৰ পৰা কম দামত দিয়াৰ ব্যৱস্থা কৰিব বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ লগতে কয় যে আমি পুৰুষসকলক ১০ হাজাৰ টকা দিলে ঘৰ পাওঁতে বাটতেই ২ হাজাৰ টকা খৰছ কৰি ৮ হাজাৰ টকাহে ঘৰ পাব। গতিকে আমি যি পইছা দিওঁ ১০০% মহিলাৰ একাউণ্টত দিওঁ৷ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে ।
অশোক সিংহলে ঢেকীয়াজুলিৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলি কৈ সিংহলক আগন্তুক নিৰ্বাচনত ভোটদি জয়ী কৰাবলৈ আহ্বান জনায়৷ আজিৰ সভাত উপস্থিত ৩২ হাজাৰ মহিলাৰ ভিতৰত সকলো মহিলাকে চেক লৈহে ঘৰ যাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ঢেকীয়াজুলি সমষ্টিত ৩৫০ ভিঅ’ আছে। ভিঅ’ক আমি চেকখিনি দি দিম৷ ভিঅ’ই গ্ৰুপৰ সভাপতিক দিব৷ সভাপতিয়ে আইমাতৃসকলক চেক দি দিব। গতিকে সকলো মহিলাই চেক লৈহে আজি ঘৰ যাব বুলি কয় মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷
শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণী ভাষণ প্ৰদান কৰি ৪০ লাখ হিতাধিকাৰীক সামৰি এইখন আঁচনি গ্ৰহণ কৰা হৈছে। ভাৰতবৰ্ষৰ ভিতৰত এইখন৷ একমাত্ৰ আঁচনি। মহিলাসকলক সবল কৰি আত্মনিৰ্ভৰশীল কৰাৰ বিনম্ৰ প্ৰয়াস কৰা হৈছে বুলি কয় জিলা আয়ুক্তগৰাকীয়ে ৷
স্থানীয় বিধায়ক তথা অশোক সিংহলে ভাষণ প্ৰদান কৰি কয় যে,“মহিলা উদ্যমিতা আঁচনি’ ৰ অধীনত মহিলাসকলে প্ৰথমে ১০ হাজাৰ টকাৰ পিছত ২৫ হাজাৰ টকা পাব। এই পইচা সঠিকভাৱে খৰচ কৰিলে আৰু ৫০ হাজাৰ টকা পাব। পৰৱৰ্তী সময়ত ১ লাখ টকা পাব। গতিকে চৰকাৰৰ এয়া এক অভিলাষী আঁচনি। উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ মহিলাসকলক আহ্বান জনায় মন্ত্ৰী অশোক সিংহলে৷
তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই ভাষণ প্ৰদান কৰি বাইহাটা চাৰিআলিৰ পৰা মিচন চাৰিআলিলৈ ১৩৫ কিলোমিটাৰ পথ চাৰিলেনযুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ দিছে৷ ইয়াৰ ডিপিআৰ প্ৰস্তুত কৰা হৈছে। ইয়াৰ লগতে গুৱাহাটীৰ আজ্ঞাথুৰীৰ পৰা বৰছলা হৈ তেজপুৰৰ ডেকাৰগাঁৱলৈ ৰেলপথ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰা হৈছে। মুঠতে অসম আজি সৰ্বতোদিশতে আগুৱাই গৈ ভাৰতৰ শীৰ্ষ ৰাজ্যসমূহৰ ভিতৰত এখন হ’বলৈ গৈ আছে বুলি কয় সাংসদগৰাকীয়ে ৷
গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকে বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বিজেপিৰ মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায়, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন বিভাগৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, ঢেকীয়াজুলি সমজিলা আয়ুক্ত দ্যোতিভা বৰা, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী মনীষা উপাধ্যায়, অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী, এম ডি কুন্তল মণি শৰ্মা বৰদলৈ, ঢেকীয়াজুলি পৌৰসভাৰ সভানেত্ৰী সুস্মিতা দাস, উপ-সভানেত্ৰী তুলিকা শইকীয়াকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল।
বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৪ ছেপ্টেম্বৰ