নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অমিত মিশ্ৰৰ

ভাৰতীয় ক্ৰিকেটাৰ অমিত মিশ্ৰই আজি ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। কিংবদন্তি লেগ স্পীনাৰজনে ২০০৩ চনত ভাৰতৰ হৈ অভিষেক ঘটাইছিল আৰু তেওঁ ২০২৪ চনলৈকে আই পি এলত খেলিছিল। অমিত মিশ্ৰই লিখিছে, “আজি ২৫ বছৰৰ পিছত মই ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছোঁ। এটা এনে খেল, যিটো মোৰ প্ৰথম প্ৰেম, মোৰ শিক্ষক আৰু মোৰ আনন্দৰ সৰ্ববৃহৎ উৎস আছিল।”

অমিত মিশ্ৰই তেওঁৰ অৱসৰৰ পোষ্টত আৰু লিখিছে, “এই যাত্ৰা অগণন আৱেগেৰে ভৰা আছিল। গৌৰৱ, কঠিনতা, শিক্ষা আৰু প্ৰেমৰ মুহূৰ্ত। মই বিচিচিআই, হাৰিয়ানা ক্ৰিকেট এছ’চিয়েশ্যন, মোৰ প্ৰশিক্ষক, সহযোগী কৰ্মী, সহকৰ্মী আৰু সৰ্বোপৰি, অনুৰাগীসকলৰ প্ৰতি হৃদয়ৰ পৰা কৃতজ্ঞ, যিসকলৰ বিশ্বাস আৰু সমৰ্থনে মোক প্ৰতিটো পদক্ষেপত শক্তি প্ৰদান কৰিছিল।”

অমিত মিশ্ৰই তেওঁৰ প্ৰথম আন্তৰ্জাতিক মেচ ২০০৩ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল। এইটো আছিল এখন এদিনীয়া মেচ। ইয়াৰ পাঁচ বছৰ পিছত তেওঁ ২০০৮ চনত টেষ্ট আৰু ২০১০ চনত টি-২০ অভিষেক ঘটাইছিল। তেওঁ তেওঁৰ আন্তৰ্জাতিক ক্ৰিকেটত ২২খন টেষ্ট, ৩৬খন এদিনীয়া আৰু ১০খন টি-২০ মেচ খেলিছিল, য’ত তেওঁৰ নামত ক্ৰমে ৭৬, ৬৪ আৰু ১৬টা উইকেট আছে।

অমিত মিশ্ৰই আৰু লিখিছে, “প্ৰাৰম্ভিক দিনৰ সংগ্ৰাম আৰু ত্যাগৰ পৰা আৰম্ভ কৰি খেলপথাৰত কটোৱা অসাধাৰণ মুহূৰ্তলৈ, প্ৰতিটো অধ্যায় এটা এনে অভিজ্ঞতা আছিল, যিয়ে মোক এজন ক্ৰিকেটাৰ আৰু এজন মানুহ হিচাপে উন্নত কৰিছে। মোৰ পৰিয়াল মোৰ উত্থান-পতনৰ সময়ত দৃঢ়তাৰে মোৰ কাষত থিয় হৈছিল, তাৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা। মোৰ সতীৰ্থ আৰু পৰামৰ্শদাতাসকলে এই যাত্ৰাক বিশেষ কৰি তুলিছিল, তেওঁলোকৰ প্ৰতিও কৃতজ্ঞতা।”

অমিত মিশ্ৰই ২০১৬ চনৰ ডিচেম্বৰত তেওঁৰ শেষ টেষ্ট মেচ খেলিছিল। ইয়াৰ পূৰ্বে অক্টোবৰত তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে ২৯ অক্টোবৰত এটা এদিনীয়া খেলিছিল, যিটো তেওঁৰ শেষ এদিনীয়া মেচ হৈ পৰিছিল। টি-২০ত তেওঁ শেষবাৰৰ বাবে ২০১৭ চনৰ ১ ফেব্ৰুৱাৰীত খেলাৰ সুযোগ পাইছিল, এই মেচ ইংলেণ্ডৰ বিৰুদ্ধে বেংগালুৰুত খেলা হৈছিল।

লেগ স্পীনাৰজনে আই পি এলত চাৰিটা দলৰ হৈ খেলিছিল, তেওঁ আৰম্ভণিৰে পৰা এই টুৰ্ণামেণ্টৰ অংশ আছিল আৰু ২০২৪ চনত শেষবাৰৰ বাবে খেলিছিল। তেওঁৰ যাত্ৰা দিল্লী কেপিটেলছৰ সৈতে আৰম্ভ হৈছিল আৰু লক্ষ্ণৌ ছুপাৰ জায়াণ্টছত শেষ হৈছিল। তেওঁ আই পি এলত মুঠ ১৬২খন মেচ খেলিছিল, য’ত তেওঁৰ নামত ১৭৪টা উইকেট আছে।

Niyomiya Barta Desk, 4 September

You might also like