নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাভোছৰ ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক, ১৮ জানুৱাৰী : অসমৰ বাবে এটি অত্যন্ত ভাল খবৰ। ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব লগা অতি সন্মানজনক ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত (ডব্লিউ ই এফ) ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে সুযোগ প্ৰদান কৰিছে। সাধাৰণতে ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহে এই ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত দেশক প্ৰতিনিধিত্ব কৰি আহিছিল। কিন্তু এইবেলি প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্ৰদান কৰিছে।

এই বিশেষ কার্যসূচীৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১৯ জানুৱাৰীত ডাভোছলৈ যাব আৰু তাত চাৰি দিন থাকি বিশ্বৰ উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ চি ই অ’, বিশ্ব বেংক, আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ সন্মুখত ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত অসমক প্ৰতিনিধিত্ব কৰিব। তেৱেঁই হ’ব ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া৷

উল্লেখ্য যে যিকোনো ৰাজ্য, উদ্যোগ প্ৰতিষ্ঠান বা দেশে ইয়াত সঠিক বক্তব্য উপস্থাপন কৰিব পাৰিলে বিশ্বৰ প্ৰসিদ্ধ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ থাকে৷ এডভাণ্টেজ আছাম সন্মিলনৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰীৰ ডাভোছত ৱ’ৰ্ল্ড ইকন’মিক ফ’ৰামত অংশগ্ৰহণে  অসমৰ বিনিয়োগ, অৰ্থনীতি আদি বিষয়ত এক বিশেষ প্ৰভাৱ নিশ্চয়কৈ পেলাব৷ উল্লেখ্য যে ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। এইবেলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি ভিন্ন দেশৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব। আক্ষৰিক অৰ্থতে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰাত নতুন বৰ্ষৰ প্ৰথমৰ সময়খিনিত এক ভাল খবৰ হিচাপে বিবেচিত হৈছে।

পাঁচদিনীয়া এই সন্মিলনত অসম তথা ভাৰতৰ অন্তৰ্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি উন্নয়নৰ আৰ্হি আদি উপস্থাপন কৰা হ’ব। ভাৰতৰ দৃষ্টিনন্দন অৰ্থনৈতিক বিকাশে বিশ্বজুৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। অসমৰ ক্ষিপ্র উন্নয়ন আৰু সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ বলত এইবাৰ অসমেও সেই সুযোগ লাভ কৰিব। গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত উল্লেখযোগ্য অগ্ৰগতিৰ সৈতে বিশ্ব মঞ্চত আগশাৰীৰ শক্তি হিচাপে ভাৰতে নিজৰ স্থান অধিক দৃঢ় কৰি তুলিছে, য’ত অসমেও এক মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে— এই সন্দর্ভত মুখ্যমন্ত্ৰীয়ে ভিন্ন পৰিকল্পনা ফ’ৰামত উপস্থাপন কৰি অসমক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত অসমখনক আগশাৰীত লৈ যোৱাৰ দিশত নিশ্চিত পদক্ষেপ ল’ব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফ’ৰামত ১৭খনতকৈও অধিক বৈঠকত অংশ ল’ব আৰু বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎ-প্ৰস্তুত কৰ্মশক্তিৰ সুৰক্ষা, ভ্ৰমণ আৰু পৰ্যটন—১০ ট্ৰিলিয়ন ডলাৰৰ সম্ভাৱনামূলক গন্তব্যস্থলী, স্বাস্থ্য আৰু স্বাস্থ্যসেৱা মঞ্চকে ধৰি চাৰিখনকৈ আলোচনা সত্রত অংশগ্রহণ কৰিব। তেওঁ ভাৰতৰ অৰ্থনৈতিক পৰিৱর্তনৰ অংশ হিচাপে নিজ ৰাজ্যৰ ঔদ্যোগিক অগ্ৰগতি, বিনিয়োগৰ সুযোগ আৰু সাফল্যৰ বিভিন্ন তথ্য উপস্থাপন কৰিব। বিশ্বৰ অন্যতম সর্ববৃহৎ বাণিজ্য সন্মিলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিদেশৰ বহু উদ্যোগপতিৰ সৈতে একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰো সম্ভাৱনা আছে।

ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰাম এক অলাভযুক্ত সংস্থা (নন প্ৰফিট অৰ্গেনাইজেচন), যাৰ প্ৰতিষ্ঠা ১৯৭১ চনত হৈছিল। ই প্ৰকৃততে বিশ্বৰ সৰ্ববৃহৎ অতিশয় কাৰ্যকৰী বাণিজ্যিক সন্মিলন৷ ই বাণিজ্যতে সীমাবদ্ধ নহয়, ইয়াৰ পৰিসৰ ব্যাপক৷ ইয়াৰ উদ্দেশ্য হৈছে পৃথিৱীজুৰি ভূ-ৰাজনীতি, শিক্ষা-প্রযুক্তি, আৰ্থিক নীতি, বিনিয়োগ আদিৰে সমৃদ্ধ কৰি বিশ্বৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰা তথা সামৰি লোৱা। উল্লেখ্য যে অসমৰ লগতে এইবাৰ ভাৰতবৰ্ষৰ পৰা আন নখন ৰাজ্যয়ো ভাগ লোৱাৰ সুযোগ পাইছে, য’ত পাঁচগৰাকী মুখ্যমন্ত্ৰী আৰু চাৰিজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। ‘স্পিৰিট অৱ ডায়লগ’ বিষয়বস্তুৰে ইক’নমিক ফ’ৰামৰ এই সংস্কৰণত অসমে নিজৰ প্ৰকল্প আৰু ধাৰণা ইয়াত উপস্থাপন কৰিবলৈ পোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ দ্বাৰা অসমত নতুন বিনিয়োগ, ছেমি কণ্ডাক্টৰসদৃশ নতুন প্ৰকল্প আৰু যুৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি আদিকে ধৰি ভিন্ন লাভেৰে অসম সমৃদ্ধ হ’ব। তদুপৰি ভাৰতৰ লগতে এই ফ’ৰামত বিশ্বৰ আন প্ৰায় ৫০খন দেশেও ভাগ ল’ব। মুখ্যমন্ত্ৰীৰ ডাভোছৰ সন্মিলনত অংশগ্ৰহণে ভৱিষ্যতৰ দিনত অসমে নিশ্চিতকৈ গ্লোবেল ইনভেষ্টমেণ্ট হাবৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁৰ যাত্ৰাৰ প্ৰাৰম্ভতে চৰ্চা চলিছে৷

You might also like