নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰিম : মুখ্যমন্ত্ৰী ড০ শৰ্মা

অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজলৈ আন্তৰিক প্ৰণাম-সম্বোধনেৰে আজি কলিয়াবৰৰ নিজ চিলাবন্ধাস্থিত মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে ৭ হাজাৰ কোটি টকা ব্যয়েৰে হ’বলগীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৪.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুখনকৈ বন্দে ভাৰত ৰে’লৰো ভাৰ্ছুৱেলী শুভাৰম্ভ কৰি বিশাল জনসভা সম্বোধন কৰে।

পুৱা প্ৰায় ১১ বজাত কলিয়াবৰত উপস্থিত হোৱাৰ পিছতেই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। তেওঁ নিৰ্মাণ হ’বলগীয়া এলিভেটেড কৰিড’ৰৰ আৰ্হি পৰ্যবেক্ষণ কৰাৰ পাছতেই ডেৰ লক্ষাধিক লোকে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, চৰণ বড়ো, কৃষ্ণেন্দু পাল, সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক দিপ্লুৰঞ্জন শৰ্মাকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা জনাসভাখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণী ভাষণ আগবঢ়ায়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণী ভাষণত কয়- কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে অসমক ৩৪ কিলোমিটাৰ ফ্লাই অভাৰ অনুমোদন কৰি ৭ হাজাৰ কোটি টকা দিব, যাক আমি অসমীয়াই কল্পনা কৰিব পৰা নাছিলোঁ, সেই প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে অসমবাসীক উপহাৰ দিবলৈ এই কলিয়াবৰত আজি উপস্থিত হৈছে।

কালি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাইত ১০ হাজাৰতকৈও অধিক যুৱক-যুৱতীয়ে বাগৰুম্বা প্ৰদৰ্শন কৰি অসমৰ কলাকৃষ্টি, সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ গ’ল। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমে ছেমি কণ্ডাক্টৰ লাভ কৰিছে, অসমে বাঁহৰ পৰা তেল উৎপাদন কৰিবলৈ শিকিছে আৰু অসমীয়াই আটাইতকৈ ভাৰতবৰ্ষৰ ডাঙৰ সাৰ কাৰখানা অসমত প্ৰতিষ্ঠা কৰিবলৈ সাহস কৰিছে। প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত এতিয়া অসমীয়াই নিজৰ জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈ শিকিছে। চৰাইদেউ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি নিৰ্মাণেৰে আজি আমি এটা অটল, অবিচল আৰু আত্মবিশ্বাসী জাতিত পৰিণত হৈছোঁ। এতিয়া অসমীয়াক কোনেও ৰঙাচকু দেখুৱাব নোৱাৰে।- মুখ্যমন্ত্ৰীয়ে কয়।

তদুপৰি তেওঁ কয়- কালি কংগ্ৰেছ দলৰ এজন সাংসদে এই এলিভেটেড কৰিড’ৰৰ বিৰোধিতা কৰিছে। মই কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈক ক’ব খোজো আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চুৱাৰ আৰু অসমে আকাশ চুবই। এই কথা আপোনাক স্পষ্টভাৱে ক’ব বিচাৰোঁ। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। অসমীয়াই অচিনাকি মানুহৰ মাটি উচ্ছেদ কৰি বটদ্ৰৱা থানৰ শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে।এয়া হৈছে নতুন অসমৰ স্বপ্ন, এয়া হৈছে নতুন অসমৰ দিগন্ত। সেইবাবে আজি আমি সকলোৱে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আত্মবিশ্বাসী, অটল, অবিচল আৰু আমি অসমক নতুনকৈ নিৰ্মাণ কৰিম। ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি অসমক প্ৰতিষ্ঠা কৰিম।

বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ ভিতৰত প্ৰথম শ্লীপাৰ ৰে’ল উদঘাটন কৰাৰ পাছত আজি দুখনকৈ ৰে’লৰ উদঘাটনেৰে দুটা দিনত তিনিখন ৰে’ল উপহাৰ দিয়া বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

কলিয়াবৰৰ মৌচন্দা পথাৰৰ পৰা দিগন্ত মহন্ত/প্ৰমোদ কুমাৰ শৰ্মা, ১৮ জানুৱাৰী :

You might also like