নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়দিনীয়াকৈ অনুষ্ঠিত সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সফল সামৰণি

নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ বাকৰি নেহৰুবালিত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ১৩ জানুৱাৰীৰ পৰা ছয়দিনীয়াকৈ অনুষ্ঠিত ভোগালী বিহু উৎসৱৰ আজি সফল সামৰণি পৰে।

উদুলি- মুদুলি পৰিবেশত অনুষ্ঠিত এই ভোগালী বিহু উৎসৱে ৰাইজৰ মাজত সমন্বয় আৰু সংহতিৰ এক নতুন বাৰ্তা প্ৰেৰণ কৰে। আজি সামৰণিৰ দিনা বিয়লি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। গধূলি সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে, কালি পুৱা শিল্পী দিৱসৰ লগত সংগতি ৰাখি জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে মহিলাৰ মাজত পিঠা-পনা, থলুৱা খাদ্য, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া  সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’ গীতৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সুধাকণ্ঠৰ কেইবাটাও কালজয়ী গীত শিল্পীসকলে পৰিৱেশন কৰি বিহুস্থলীত এক অনন্য মাত্ৰা প্ৰদান কৰে। শিল্পীসকলে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰি কলঙৰ বাকৰি নেহৰুবালি জীপাল কৰি তোলে।

ইপিনে, এই বিহু উৎসৱৰ প্ৰথম দিনা ১৩ জানুৱাৰীত আত্মসহায়ক গোটৰ বিপণী মুকলি আৰু ভেলাঘৰত নাম-কীৰ্তন অনুষ্ঠিত হয়। ১৪ জানুৱাৰীত ৰাজ্যিক শিশু আৰু নাৰীগৃহত বিহুৰ জলপান বিতৰণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মেজি প্ৰজ্বলন, প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, শতাধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা, স্মৃতিগ্ৰন্থ উন্মোচন আদি অনুষ্ঠিত হোৱাৰ পিছত বিয়লি খেল-ধেমালি প্ৰতিযোগিতা, হেমা দাস সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত হোৱা এই বিহু উৎসৱৰ তৃতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, সন্ধিয়া জুবিন গাৰ্গৰ’ মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক গীতৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোলোক চন্দ্ৰ দাস আৰু পল্লৱ বৰাৰ সোঁৱৰণত স্ব-নিৰ্বাচিত কবিতা প্ৰতিযোগিতা, ষ্ট্ৰংমেন প্ৰতিযোগিতা, খেল-ধেমালি, উৰুলি, বিয়ানাম, মহিলাৰ সাজপাৰ প্ৰতিযোগিতা, বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত সন্ধিয়া বলেন্দ্ৰ নাথ সোঁৱৰণী সদৌ অসম ভিত্তিত অসম কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিহুস্থলীত স্থাপন কৰা ৰংঘৰ, চাংঘৰ, নামঘৰ, জুপুৰি ঘৰ, মাছমৰা, জুই পুঁওৱা দৃশ্য আদিয়ে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হয়।

আজি সন্ধিয়া সামৰণি পৰাৰ পিছত উখল-মাখল হৈ থকা নেহৰুবালি নিজম পৰে। বিহু উৎসৱ সফল কৰি তোলা বাবে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰা আৰু ৰঞ্জিত বৰাই নগাঁওবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।

বিশেষ বাৰ্তা, নগাঁও, ১৮ জানুৱাৰী :

You might also like