নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাৰ শালমৰাত জনাৰ্দন মন্দিৰৰ দ্বাৰ মুকলি মুখ্যমন্ত্ৰীৰ অ’এছডি হেমন্ত চৌধুৰীৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ভক্তিৰ ৰসৰে মুখৰিত হ’ল জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শালমাৰাৰ মঙলা চুবুৰীৰ জনাৰ্দ্দন নামঘৰ। নতুনকৈ নিৰ্মাণ কৰা শ্ৰী শ্ৰী জনাৰ্দ্দন নামঘৰ আজি সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশত ৰাইজৰ বাবে মুকলি কৰা হয়।অসম চৰকাৰৰ ২০২০-২১ বৰ্ষৰ আছুতীয়া পূঁজিৰ লগতে ২০২১-২২ বৰ্ষৰ বিধায়ক পূঁজিৰ জৰিয়তে আগবঢ়োৱা ৭লাখ ৫০ হেজাৰ টকাৰ উপৰি ৰাইজৰ দান বৰঙনিৰে নিৰ্মিত শ্ৰীশ্ৰীজনাৰ্দ্দন নামঘৰ মুখ্যমন্ত্ৰীৰ হৈ মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। স্থানীয় ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত ঢোল,তাল ,ডবা,শংখৰ ধ্বনিৰে মাংগলিক অনুষ্ঠানৰ জৰিয়তে মন্দিৰৰ দ্বাৰা মুকলি কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে প্ৰথমে কৃতজ্ঞতা জনাই জালুকবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক। বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ বদান্যতাৰ বাবেহে এই নামঘৰ আজি সম্পূৰ্ণ হৈ উঠিছে বুলি মন্তব্য কৰে হেমন্ত চৌধুৰীয়ে।তেওঁ কয় যে ৰাজ্যৰ পৌৰাণিক মন্দিৰ, নামঘৰ আদি ধৰ্মীয় উপাসনা স্থান সমূহ সংৰক্ষণ আৰু উন্নয়নত মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে।মন্দিৰ,নামঘৰত ভক্তি সহকাৰে সেৱা জনালে সমাজ গঠনৰ লগতে মানুহৰ মন শুদ্ধি কৰাত প্ৰধান ভূমিকা পালন কৰাৰ লগতে নিজকে বুজি পাব পাৰি।সমগ্ৰ অসমৰ লগতে জালুকবাৰী সমষ্টিৰ প্ৰতিটো নামঘৰ, মন্দিৰ আদিত চৰকাৰী অনুদান আগবঢ়াই জাকত জিলিকা কৰাৰ মূলতে মুখ্যমন্ত্ৰীৰ অৰিহণা।স্থানীয় ব্যক্তি খগেন ডেকাই পৰিচালনা কৰা মন্দিৰৰ দ্বাৰ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰানজিৎ ডেকা,উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ,বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, বেজেৰাৰ গাঁৱৰ গাওঁ প্ৰধান দণ্ডধৰ ভূঞা ,বিশিষ্ট ব্যৱসায়ী লতিফ চৌধুৰী,বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ চন্দ্ৰ কান্ত গোস্বামী,অৱসৰপ্ৰাপ্ত অধ্যাপক পুৰন্দৰ চৌধুৰী, ধৰ্মপ্ৰাণা মহিলা উৰ্ব্বশী চৌধুৰী,বেজেৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ভৱানী ডেকা,গাওঁ প্ৰধান চিত্ৰলেখা নাথ চমুৱা সহ ভালে সংখ্যক লোক উপস্থিত থাকে।মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীক নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়।মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দীনমনি ডেকা,সম্পাদক বনমালী তালুকদাৰ আৰু সহকাৰী সম্পাদক হেমাংগ ডেকাই মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীক বিভিন্ন উপহাৰ প্ৰদান কৰি কৃতজ্ঞতা জনাই।উল্লেখ্য যে মন্দিৰৰ দ্বাৰ মুকলিৰ পূৰ্বে উলিওৱা আকৰ্ষণীয় বৰ্ণিল ভাগৱত শোভাযাত্ৰা মুকলি কৰে ব্ৰহ্মপুত্ৰ বিজ্ঞান বিদ্যালয়ৰ অধ্যক্ষ কিৰণ চন্দ্ৰ কাকতি আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰানজিৎ ডেকা ই।ভাগৱত শোভাযাত্ৰাত গাঁৱৰ সকলো লোকে অংশগ্ৰহণ কৰি ঢুলীয়া, খুলীয়া,আয়তী নাম,খেতিৰ সজুলি,বিহু নৃত্য, বিভিন্ন দেৱ দেৱী,ভগৱান কৃষ্ণৰ শিশু কাল ,যৌৱন কাল,পঞ্চ পাণ্ডবৰ ভাওঁ আদি প্ৰদৰ্শন কৰি দেখুৱাই।ৰাতিপুৱাৰ ভাগত আজি নামঘৰৰ মণিকূটত গুৰু আসন প্ৰতিষ্ঠা কৰে অবিনেশ্বৰ কলিতাই।ইপিনে কালি ৰাতিপুৱা বিষ্ণু হোম,যজ্ঞ, মণিকূট সহ নামঘৰ শুদ্ধিকৰণ,পুষ্পাঞ্জলী আৰু ওজাপালি প্ৰদৰ্শন কৰে দৰং শলপামৰ ৰেবন নাথ আৰু তেখেতৰ সংগী সকলে।আজি শালমাৰাৰ মঙলা চুবুৰীৰ জনাৰ্দ্দন নামঘৰৰ মণিকূটৰ দ্বাৰ অনুষ্ঠানত ভক্ত উখল মাখলে বিৰাজ কৰে।

প্ৰেৰক হীৰকজ্যোতি ডেকা

You might also like