নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী আবকাৰী নীতি কেলেংকাৰিত জড়িত মনীষ ছিছডিয়াক গ্ৰেপ্তাৰ চিবিআইৰ

বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দিল্লী আবকাৰী নীতি কেলেংকাৰিৰ গোচৰৰ সৈতে জড়িত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক আজি চিবিআইয়ে গ্ৰেপ্তাৰ কৰে। চিবিআইৰ বিষয়াসকলে জনোৱা মতে, ২০২১-২২ বৰ্ষৰ বাবে এতিয়া বাতিল কৰা সুৰা নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে চিছ’দিয়াক গ্ৰেপ্তাৰ কৰে প্ৰায় আঠ ঘণ্টাৰ জেৰাৰ পিছত। ৰাষ্ট্ৰীয় ৰাজধানীত নতুন সুৰা বিক্ৰী নীতি অনাৰ ক্ষেত্ৰত চিছ’ডিয়া আৰু আনসকলে দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হৈছে। চিবিআইৰ মতে ২০২১ চনৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সুৰা কোম্পানীসমূহ জড়িত আছিল, যাৰ বাবে ১০০ কোটি টকাৰ ৰিটাৰ্ণ দিছিল সুৰাৰ লবীয়ে “দক্ষিণ গোট” বুলি অভিহিত কৰা এটাই। এই নীতিৰ ফলত তেওঁলোকৰ বাবে ১২ শতাংশ লাভ হ’লহেঁতেন, ইয়াৰে ৬ শতাংশ মধ্যভোগীৰ জৰিয়তে ৰাজহুৱা কৰ্মচাৰীলৈ প্ৰেৰণ কৰা হ’লহেঁতেন বুলি সংস্থাটোৱে দাবী কৰিছে। বলৱৎকাৰী সঞ্চালকালয়েও তদন্ত আৰম্ভ কৰিছে, ৰিটাৰ্ণ সৰবৰাহৰ অভিযোগ। এই নীতি বাতিল হোৱাৰ পিছতে বিজেপিয়ে কয় যে দিল্লী চৰকাৰে পুনৰ পুৰণি সুৰা বিক্ৰী নীতিলৈ গৈ দুৰ্নীতি ঢাকিবলৈ ধৰিলে। উল্লেখ্য যে দিল্লীৰ বিত্ত, আবকাৰী আৰু শিক্ষা মন্ত্ৰী মনীষ চিছ’দিয়াক পুৱাৰে পৰা কেন্দ্ৰীয় সংস্থা চিবিআইয়ে জেৰা চলাই আছিল আৰু ৯ ঘণ্টাৰো অধিক সময়ৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে। সত্যেন্দৰ জৈনৰ পিছত গ্ৰেপ্তাৰ হোৱা ছিছডিয়া দিল্লীৰ দ্বিতীয়জন মন্ত্ৰী। ইফালে ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰাৰ আশা তেওঁ আৰু তেওঁৰ দল দিল্লীৰ শাসকীয় আম আদমী পাৰ্টীয়ে কৰা নাছিল। পুৱা আম আদমী পাৰ্টীৰ প্ৰতিবাদ ভাঙি কেইবাজনো নেতা-কৰ্মীক আটক কৰি ৰখা হয়। লগতে আইন-শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষীয়ে বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰি দিল্লীক একাধিক ৰাস্তা অৱৰোধ আৰু চেক-পইণ্ট থকা ঠাইবোৰ দুৰ্গলৈ ৰূপান্তৰিত কৰিছে। মিষ্টাৰ ছিছ’ডিয়াৰ ঘৰ আৰু চিবিআইৰ কাৰ্যালয়ৰ বাহিৰত আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। ইফালে ছিছডিয়াৰ গ্ৰেপ্তাৰৰ পিছতে সৰৱ হৈছে আম আদমী পাৰ্টী। দলে কয় যে “বিজেপিয়ে মনীষ ছিছ’দিয়াক দুৰ্নীতিগ্ৰস্ত বুলি কৈ আহিছে। কিন্তু তেওঁৰ ঘৰ বা বেংক একাউণ্টৰ পৰা আপোনালোকে একো নাপালে। তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণ কৰিব পৰা নাই। তেওঁক গ্ৰেপ্তাৰ কৰাটো আপ আৰু কেজৰিৱালৰ জনপ্ৰিয়তাক আক্ৰমণ কৰাৰ বিষয়,” সংবাদ মেলত এই মন্তব্য আম আদমি পাৰ্টীৰ। লগতে মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইট কৰিছে। তেওঁ কয় যে “মনিষ নিৰ্দোষী। তেওঁৰ গ্ৰেপ্তাৰ লেতেৰা ৰাজনীতি। মনীষক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। সকলোৱে চাই আছে। মানুহে সকলো বুজি পাইছে। ইয়াৰ প্ৰতি ৰাইজে সঁহাৰি দিব। ইয়াৰ দ্বাৰা আমাৰ মনোবল আৰু অধিক বৃদ্ধি পাব। আমাৰ সংগ্ৰাম শক্তিশালী হ’ব।’-এইদৰে টুইট কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। যোৱা দেওবাৰে ছিছ’ডিয়াক কেন্দ্ৰীয় তদন্ত ব্যুৰোৰ সন্মুখত সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও তেওঁ বাকী থকা দিল্লীৰ বাজেটৰ উদ্ধৃতি দি অধিক সময় বিচাৰিছিল। ইয়াৰ পূৰ্বে তেওঁ বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াসকলৰ দ্বাৰা ৯ ঘণ্টীয়া জেৰাৰ সন্মুখীন হৈছিল, তাৰ পিছত তেওঁ দাবী কৰিছিল যে বিষয়াসকলে তেওঁক আপ এৰিবলৈ কোৱাৰ কথা। সূত্ৰসমূহে জনোৱা মতে, চিছ’ডিয়াই তদন্তত সহযোগ কৰা নাই। তেওঁ সুৰা নীতিৰ কিছুমান বিতৰ্কিত বিধানৰ ব্যাখ্যা দিব নোৱাৰিলে যিবোৰ প্ৰথম খচৰাৰ অংশ নাছিল। সূত্ৰসমূহে জনোৱা মতে, সংস্থাটোৰ হাতত আবকাৰী বিভাগৰ এজন বিষয়াৰ বক্তব্য আছে যিয়ে খচৰাসমূহ টুইক কৰাত চিছ’ডিয়াৰ ভূমিকা প্ৰকাশ কৰিছে। তেওঁৰ বিৰুদ্ধে থকা গোচৰটোক “ভুৱা” বুলি অভিহিত কৰি মিষ্টাৰ চিছ’ডিয়াই পূৰ্বে কৈছিল যে তেওঁ সাতৰ পৰা আঠ মাহৰ কাৰাদণ্ডৰ বাবে সাজু।

You might also like