নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী অভিমুখে এমভি গংগা বিলাস

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : মাজুলীত উপস্থিত হবহি এমভি গংগা বিলাস৷ কাইলৈ পুৱাই মাজুলী পাবহি বিলাসী পৰ্যটন ক্ষেত্ৰৰ পৰিচায়ক জাহাজখন। পুৱা ৭ বজাত মাজুলীৰ কমলাবাৰী ঘাটৰ সমীপত লংগৰ পেলাব এম ভি গংগা বিলাসে। তাৰ পৰাই এম ভি ইন্দ্ৰ নামৰ জাহাজ খনে আদৰি আনিব পৰ্যটকসকলক। যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবে কমলাবাৰী ঘাটত চাপিব নোৱাৰে বৃহৎ জাহাজখন। মাজুলীত উপস্থিত হৈ কমলাবাৰী পাৰঘাটৰ পৰা তিনিখন সত্ৰ দৰ্শন কৰিব পৰ্যটকসকলে। চামগুৰি সত্ৰৰ মুখা, উত্তৰ কমলাবাৰী সত্ৰত গায়ন-বায়ন আৰু আউনীআটি সত্ৰত সত্ৰীয়া নৃত্য দৰ্শন কৰিব পৰ্যটকসকলে। ইয়াৰ পাছতে প্ৰায় ১১ বজাত মাজুলীৰ পৰা ৰাওনা হ’ব গংগা বিলাস । ইতিমধ্যে পৰ্যটকসকলক আদৰিবলৈ মাজুলী জিলা প্ৰশাসন আৰু আভ্যন্তৰিণ জল পৰিবহণ বিভাগে চলাইছে পূৰ্ণ প্ৰস্তুতি।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like