নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত বহিৰাগত উদ্যোগত শিশু শ্ৰমিক নিয়োগ

🔹 সাংবাদিকৰ কেমেৰা দেখি পলায়ন উদ্যোগৰ কৰ্মচাৰীৰ

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চ : আমিনগাঁৱত অৱস্থিত “কৃষ্ণা কালাৰ্ছ” নামৰ চিমেণ্ট বনোৱা উদ্যোগটোত দীৰ্ঘদিন ধৰি এজাক শিশু শ্ৰমিকক ব্যৱহাৰ কৰি কাম চলাই থকাৰ অভিযোগ উঠিছে। স্থানীয় একাংশ সচেতন ব্যক্তিৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ দল এটা গৈ উদ্যোগটোত উপস্থিত হোৱাত উদ্যোগৰ কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ লাগে আৰু একাংশ কৰ্মচাৰী তাৰ পৰা পলায়ন কৰে। কলিকটীয়া এই উদ্যোগটোত বহু দিনৰ পৰা মনে মনে শিশু শ্ৰমিক ব্যৱহাৰ কৰি চলাই আছে। জানিব পৰা মতে, ঝাৰখণ্ডৰ পৰা অনা কিছুমান শিশু শ্ৰমিকেৰে চলাই আছে এই উদ্যোগটো। পিছত উদ্যোগটোৰ কৰ্মচাৰীয়ে সাংবাদিকৰ দলটোৰ আগত অকপটে স্বীকাৰ কৰে শিশু শ্ৰমিক ব্যৱহাৰ কৰাৰ কথা। অকল এইটোৱেই নহয়, আমিনগাঁৱত বহু উদ্যোগত এনেকুৱা শিশু শ্ৰমিক ব্যৱহাৰ কৰি চলাই আছে। শ্ৰম বিভাগৰ বিষয়ববীয়াই আহি কেৱল নিয়মমাফিক পৰিদৰ্শন কৰি গুচি যায়, কিন্তু শ্ৰমিকৰ দুখ-বেদনা নতুবা সুবিধা-অসুবিধাৰ একো গম নলয়। নিয়ম উলংঘাকাৰী এনে উদ্যোগৰ বিৰুদ্ধে অসম চৰকাৰৰ শ্ৰম বিভাগ নতুবা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

প্ৰেৰক মুনীন ডেকা

You might also like