নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ স্মৃতিত চিৰাজুলি শাখা সাহিত্য সভাৰ শৰতকালীন সাহিত্য বৈঠক

নিয়মীয়া বাৰ্তা, চিৰাজুলি, ১৬ অক্টোবৰ : চিৰাজুলি শাখা সাহিত্য সভাই বৃহত্তৰ অঞ্চলটোত সাহিত্য চৰ্চাৰ পৰিৱেশ নিৰ্মাণৰ লক্ষ্যৰে স্থানীয় ন-পুৰণি সাহিত্যানুৰাগীক লৈ ধাৰাবাহিক ৰূপত ঋতুকালীন স্ব-ৰচিত সাহিত্য পাঠৰ বৈঠক আয়োজনৰ বিনম্ৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷ সেই অনুসৰি এইবাৰৰ “শৰতকালীন সাহিত্য বৈঠক”খনি ১৫ অক্টোবৰত অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কেন্দ্ৰীয় সদস্য তথা চিৰাজুলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক আৰু বৰ্তমানৰ উপ-সভাপতি সুজিত কটকীৰ আমন্ত্ৰণ, আতিথ্য আৰু ব্যৱস্থাপনাত তেওঁৰ বাসগৃহত মনোগ্ৰাহীকৈ অনুষ্ঠিত হয় ৷

“শব্দ-শিল্পৰ প্ৰেমত শৰতৰ এটি আবেলি” শিৰোনামৰ এই সাহিত্য-সংস্কৃতিমূলক বৈঠকখনিত চিৰাজুলি শাখা সাহিত্য সভা এলেকাৰ প্ৰায় কুৰিগৰাকী ন-পুৰণি লেখক-লেখিকা তথা সাহিত্যানুৰাগীয়ে স্ব-ৰচিত কবিতা-লিমাৰিক-চুটিগল্প-প্ৰবন্ধ পাঠৰ লগতে গীত-মাত পৰিৱেশন কৰি উজ্জীৱিত পৰিৱেশৰ সৃষ্টি কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে আয়োজক পৰিয়ালটিৰ তৰফৰ পৰা স্বপ্না কটকী, ধনদা কটকী, দীপ্তি কটকী, শেৱালি কটকী, অমলা কেওট আৰু লিপিকা হাজৰিকাই সমৱেত কণ্ঠত “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক অসম সাহিত্য সভাৰ উদ্বোধনী গীতটি পৰিৱেশন কৰে ৷ ইয়াৰ পাছতে চিৰাজুলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শচীন্দ্ৰ বৈশ্য আৰু চিৰাজুলি শাখা নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি হেমন্ত কাকতিয়ে এইবাৰৰ বৈঠকখনি উৎসৰ্গিত কৰা অসমীয়াৰ হিয়াৰ আমঠু-গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলক আৰু মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰে ৷

চিৰাজুলি শাখা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি কাকতিয়ে সঞ্চালনা কৰা আৰু সম্পাদক টংকেশ্বৰ ৰাজবংশীয়ে উদ্দেশ্য ব্যাখ্যা তথা আঁত ধৰা বৈঠকখনিত সুজিত কটকীয়ে শৰত-আহিনৰ বন্দনাৰে আৰু নীলোৎপল ঠাকুৰীয়াই জুবিন গাৰ্গৰ গীতৰ কথাৰে কেন্দ্ৰীয় নিবন্ধ পাঠৰ লগতে ধনদা কটকীয়ে শৰতৰ প্ৰশস্তিৰে আৰু কণমানি অনুস্কিয়া হাজৰিকা তথা নেত্ৰ কটেলে জুবিন গাৰ্গক সুঁৱৰি কবিতা পাঠেৰে স্ব-ৰচিত সাহিত্য পাঠৰ মূল কাৰ্যসূচীৰ পাতনি মেলে ৷ সাহিত্যানুষ্ঠানটিত ধ্ৰুৱজ্যোতি কাকতি, ডিম্পী কেওট, ৰুমী হাজৰিকা আৰু ধনীৰাম কলিতাই ভিন্ন বিষয়ৰ নিবন্ধ; সংকেশ্বৰ কোচ, গোবিন্দ নাথ, বিমল মেছ, অজিত মিঞ্জ, টংকেশ্বৰ ৰাজবংশী, মধুমিতা দাস বিশ্বাস আৰু আমিনুল ইছলামে কবিতা; ধ্ৰুৱজ্যোতি বৰ্মনে লিমাৰিক; পৰেশ দাস আৰু নাজমল হুছেইন ভূঞাই চুটিগল্প পাঠ কৰে ৷ তদুপৰি ৰাতুল ৰাভা, ৰিকুস্মিতা কেওট, গীতাঞ্জলি হাজৰিকা আৰু অনন্যা বিশ্বাসে বৈঠকত পৰিৱেশন কৰা ভিন্নসুৰী গীতিমালিকাই সকলোকে আপ্লুত কৰে ৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° শুকদেৱ অধিকাৰীয়ে অনুষ্ঠানত উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়োৱাৰ লগতে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত অৱসৰী কৃতী শিক্ষক-লেখক শচীন্দ্ৰ বৈশ্যয়ো বৈঠকত অংশগ্ৰহণ কৰি পৰামৰ্শমূলক প্ৰাসংগিক ভাষণ প্ৰদান কৰে ৷

উল্লেখ্য যে অনুষ্ঠানটিত শোণিতপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ড° মহীকান্ত দাস, ইলোৰা বিজ্ঞান মঞ্চৰ চিৰাজুলি শাখাৰ সভাপতি নগেন চন্দ্ৰ বৈশ্য, জ্যেষ্ঠ সাংবাদিক-লেখিকা তথা তিনিমহীয়া “কাঁচিয়লি” আলোচনীৰ মুখ্য সম্পাদক পলিমা চেতিয়া বসুমতাৰী, ঢেকীয়াজুলি লেখক-সাংবাদিক মঞ্চৰ সভাপতি গোলোক বৰা, প্ৰকৃতিমূলক সংগঠন “সেউজ ছ’চাইটী”ৰ সভাপতি সঞ্জয় বৰুবা, শোণিতপুৰ জিলা নাট্য সন্মিলনৰ সাংগঠনিক সম্পাদক প্ৰণৱ শৰ্মা, বৃহত্তৰ চিৰাজুলি শাখা কবি সন্মিলনৰ সম্পাদক সংকেশ্বৰ কোচ, দুমহীয়া “জখলা” আলোচনীৰ সম্পাদক নাজমল হুছেইন ভূঞা, মাজৰৌমাৰী শাখা সাহিত্য সভাৰ সভাপতি বিমল মেছ, চিৰাজুলি শাখা নাট্য সন্মিলনৰ সভাপতি গুণদেৱ অধিকাৰী আৰু সম্পাদক বাসু হালৈ, মাজৰৌমাৰী শাখা নাট্য সন্মিলনৰ সভাপতি ৰাতুল ৰাভা আৰু সম্পাদক জিতেন বৰা সমন্বিতে অৰ্ধশতাধিক সাহিত্যানুৰাগী অনুষ্ঠানটিত উপস্থিত থাকে ৷

You might also like