নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত অনুষ্ঠিত বাঙালী যুৱ-ছাত্রৰ কেন্দ্রীয় অধিৱেশনত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

🟢অসমীয়া জাতি গঠনৰ প্রক্রিয়াটোত বাঙালী সম্প্রদায়ৰ ভূমিকা অপৰিসীমঃ মুখ্যমন্ত্রী
বিশেষ বাৰ্তা, ৩০ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি চিলাপথাৰৰ ভৈৰৱপুৰৰ নেতাজী সমন্বয় ক্ষেত্রত আয়োজিত সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্যনৰ পঞ্চদশ দ্বি–বার্ষিক কেন্দ্রীয় অধিৱেশন আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি–বার্ষিক অধিৱেশনত অংশগ্রহণ কৰে৷  মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন ঐতিহাসিক আৰু সামাজিক প্রক্রিয়াৰ মাজেৰে সময়ৰ গতিত আগুৱাই বাঙালী সমাজ বৃহত্তৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগত পৰিণত হৈছে৷ প্রব্রজন আৰু বৈবাহিক সম্পর্কৰ ভেটিত অসমৰ জাতীয় জীৱনত জীণ যোৱা অসমৰ বাঙালী লোকসকলে ৰাজ্যৰ বাৰেৰহনীয়া কৃষ্টি–সংস্কৃতিৰ লগতে অসমীয়া ভাষা, সাহিত্যৰ অগ্রগামী যাত্রাত অমূল্য অৱদান আগবঢ়াইছে৷ অসমীয়া ভাষী আৰু বাংলা ভাষী অসমীয়াৰ যৌথ প্রচেষ্টাই জগতসভাত অসমীয়া জাতিক এক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিছে৷ ইতিহাসৰ পাতত এনে বহু স্বনামধন্য অসমীয়া ভাষী আৰু বাংলা ভাষী অসমীয়াৰ নাম লিপিবদ্ধ হৈ আছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে বহু অসমীয়াই বাংলা ভাষাতে সাহিত্য চর্চা কৰি ভাষা সাহিত্যৰ ক্ষেত্রখনলৈ যথেষ্ট অৱদান যোগাই গৈছে৷ হলিৰাম ঢেকীয়ালফুকন, যজ্ঞৰাম খাৰঘৰীয়া ফুকন, জাদুৰাম ডেকা বৰুৱা, মণিৰাম দেৱানে বাংলা পত্রিকাত লিখিছিল বুলিও তেওঁ কয়৷ মণিৰাম দেৱানৰ নেতৃত্বত অসমত স্বাধীনতাৰ যি সংগ্রাম আৰম্ভ হৈছিল তাৰ অন্যতম ৰণুৱা এজন বাঙালী মুক্তিয়াৰ মধু মল্লিক আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অসম সাহিত্য সভা গঠনত অগ্রণী ভূমিকা লোৱা মহান অসমীয়া সকলৰ লগতে জডিত হৈ আছিল বাঙালী পণ্ডিত অধ্যাপক মহামহোপাধ্যায় পদ্মনাথ ভট্টাচার্য বিদ্যাবিনোদ৷ বংগীয় সাহিত্য সন্মিলনৰ আর্হিৰে চন্দ্রনাথ শর্মা, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু ৰত্নকান্ত বৰকাকতীৰ উদ্যোগত অসম সাহিত্য সন্মিলনৰ জন্ম হৈছিল বুলিও তেওঁ কয়৷ তেওঁ কয় যে অসমীয়া ভাষা যে স্বতন্ত্র ভাষা সেই কথা বংগৰ বিশিষ্ট সাহিত্যিক চিভিলিয়ান ৰমেশচন্দ্র দত্তই ব্রিটিছ চৰকাৰক লিখিতভাৱে জনাইছিল৷ মুখ্যমন্ত্রীয়ে কয় যে অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্রখন সমৃদ্ধ কৰাৰ ক্ষেত্রত অসমৰ বাঙালী সকলে ডেৰ শতিকাতকৈও অধিক কালজুৰি অৱদান যোগাই আহিছে৷ বৈকুন্ঠ বিহাৰী ৰায়, অম্বিকাচৰণ ঘোষ, মহেন্দ্রমোহন মিত্র, গোপলকৃষ্ণ দে, হৰকিশোৰ চৌধুৰী, অধ্যাপক লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায়, ৰাজমোহন নাথ, ধীৰেণ দত্ত, যোগীৰাজ বসু, হেমাঙ্গ বিশ্বাস আদি লেখকসকলে অসমীয়া সাহিত্যৰ বিকাশত যথেষ্ট অৱদান যোগাই গৈছিল বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে কলিকাতা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাত অসমীয়া ভাষা প্রতিষ্ঠাত মূল বৰেণ্য ব্যক্তিগৰাকী আছিল ছাৰ আশুতোষ মুখোপাধ্যায়৷ ডঙ্ম শ্যামাপ্রসাদ মুখোপাধ্যায়ৰ উদ্যোগত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনত বিদ্যালয় পর্যায়ত মাতৃভাষা মাধ্যমত পঠন–পাঠন, বিশেষকৈ প্রৱেশিকা পৰীক্ষাৰ প্রস্তাৱ গ্রহণ কৰা হৈছিল৷ মেড্রিকত অসমীয়া মাধ্যমত অন্তর্ভূক্তিৰ মূল ব্যক্তিগৰাকী আছিল শ্যামাপ্রসাদ৷ মুখ্যমন্ত্রীয়ে কয় যে ৰবীন্দ্রনাথৰ ৰচনাত অসমৰ বিভিন্ন ঠাই, নদ–নদী, পাহাৰ–পর্বত, ফল–ফুল, গছ–গছনি আদি নামৰ উল্লেখ পোৱা যায়৷ তেওঁ কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ৰবীন্দ্রনাথৰ কবিতাই অসমত যথেষ্ট সমাদৰ লাভ কৰিছিল৷ তেওঁ লগতে কয় যে অসমৰ বহু কবিৰ কবিতাৰ ভাব আৰু ৰূপৰ মাজেৰে ৰবীন্দ্রনাথৰ কাব্যৰ অনুৰণন দেখিবলৈ পোৱা যায়৷ নেতাজী সুভাষ চন্দ্র বসুৰ অসমৰ সৈতে এক গভীৰ সম্পর্ক আছিল বুলিও উল্লেখ কৰি তৰুণৰাম ফুকন, কর্মবীৰ নবীনচন্দ্র বৰদলৈ, দেবেশ্বৰ শর্মা, অমিয় কুমাৰ দাস, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰবালাৰ সৈতে থকা সম্পর্কৰ কথা আলোকপাত কৰে৷ ১৯৩৮ চনত লোকপ্রিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত কংগ্রেছৰ মন্ত্রীসভা গঠনত সুভাষ চন্দ্র বসুৱে গুৰুত্বপূর্ণ ভূমিকা লৈছিল বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অসমীয়া আৰু বাঙালী সমাজে সমন্বয়ৰ মাধ্যমেৰে কাম কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাই আহিছে৷ তেওঁ লগতে কয় যে শদিয়াত বাঙালী অনুসূচীত জাতিৰ লোকেও মাটি ক্রয় কৰিব পাৰে৷ ঠিক একেদৰে বিটিআৰটো অনুসূচিত জাতিৰ লোকে ভূমি ক্রয় কৰিব পাৰে বুলি তেওঁ কয়৷ তেওঁ বাঙালী ভাষী অসমীয়া সমাজখনক বাস্তবৰ সৈতে আগবািি যাবলৈও আহ্বান জনায়৷ তেওঁ বাঙালী ভাষী লোকসকলক অসমীয়া ভাষী লোকসকলে হূদয়েৰে আকোঁৱালি লবলৈও আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে যোৱা দুটা বছৰত অসমত বসবাস কৰা বাঙালী লোক সকলে শান্তি আৰু নিৰাপদে আছে৷ চৰকাৰী আঁাঁচনিসমূহৰ জৰিয়তে সকলোৱে সম অধিকাৰ লাভ কৰিছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে শিক্ষা আৰু সংসৃক্তিৰ মাজেৰে বৰ অসমখনক আগুৱাই লৈ যাব লাগিব৷ তেওঁ শিক্ষা, সংসৃক্তি, ক্রীডা আদিৰ দিশত বাঙালী সমাজখনক আগুৱাই নিয়াৰ বাবে সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্যনক বিশিষ্ট ভূমিকা পালন কৰিবলৈও আহ্বান জনায়৷ জ্ঞান আৰু প্রজ্ঞাৰ সাধনাৰে সমাজখনক আলোকিত কৰি তোলাৰ ওপৰতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ অসমীয়া আৰু বঙালী সমাজখনে অসমৰ বিকাশৰ বাবে সমর্পিত হব লাগিব বুলিও তেওঁ কয়৷  অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, সাংসদ প্রদান বৰুৱা, বিধায়ক ভূৱন পেগু, ৰামকৃষ্ণ ঘোষ, অজয় কুমাৰ ৰয়, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ  সোণোৱাল, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ভৈৰৱ দেউৰী, সদৌ বাঙালী যুৱ ছাত্র ফেডাৰেশ্যনৰ সভাপতি দীপক দে প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷
You might also like