নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিচিং আগম কৌবাঙৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী

মিচিং আগম কৌবাঙে মিচিং জনগোষ্ঠীৰ জাতীয় জীৱনলৈ অপৰিসীম অৱদান আগবঢা়ইছেঃ মুখ্যমন্ত্রী
বিশেষ বাৰ্তা, ৩০ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ধেমাজিৰ গোগামুখৰ স্বর্গীয় ৰত্নেশ্বৰ পৌর্মে লত্তাত অনুষ্ঠিত মিচিং আগম কৌবাঙৰ ২৪সংখ্যক সাধাৰণ অধিৱেশন আৰু সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰে৷ এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্রীয়ে কয় যে মিচিং আগম কৌবাঙ, মিচিং জাতীয় সংগঠনসমূহৰ শীর্ষস্থানীয় সংগঠনসমূহৰ ভিতৰত অন্যতম৷ সামাজিক সংগঠন হিচাপে মিচিং আগম কৌবাঙে মিচিং জনগোষ্ঠীৰ জাতীয় জীৱনলৈ অপৰিসীম অৱদান আগববাইছে৷ সমাজ এখনক সংগঠিত ৰূপত আগুৱাই নিয়াৰ দিশত সামাজিক সংগঠনসমূহৰ গুৰুত্বপূর্ণ ভূমিকা আছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে মিচিং আগম কৌবাঙৰ ক্ষেত্রতো এইকথা বাৰুকৈয়ে প্রযোজ্য৷ মিচিংসকল অসমৰ এটা অন্যতম সমৃদ্ধিশালী জনজাতিস্বৰূপে পৰিচিত হোৱাৰ আঁাঁৰত মূলতঃ ভাষা–সাহিত্যৰ ক্ষেত্রত মিচিং আগম কৌবাঙৰ অৱদান অবিস্মৰণীয়৷ অসমৰ এক সমৃদ্ধিশালী জনগোষ্ঠী মিচিংসকলৰ ভাষা আৰু সাহিত্যৰ পৰম্পৰাগত সৌৰভ আছে৷ জনগোষ্ঠীটোৰ বর্ণাঢ্য লোক জীৱনৰ সমলসমূহে সাহিত্যৰ ধাৰাটোক সুকীয়া স্বৰূপ প্রদান কৰিছে৷ মিচিং আগম কৌবাঙৰ প্রয়াসৰ ফলতেই মিচিং সাহিত্যই আজি এক নতুন উচ্চতাত আৰোহণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মিচিং ভাষা–সাহিত্য বিকাশৰ দিশত টাবুৰাম টাইদ আৰু নাহেন্দ্র পাদুনৰ আশাশুধীয়া প্রয়াসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মিচিং জনগোষ্ঠীৰ বহুকেইগৰাকী শিক্ষাবিদ, সাহিত্যিক তথা বৌদ্ধিক ব্যক্তিয়ে তিব্বতো–বর্মী শাখাৰ উত্তৰ অসম ঠালৰ মিচিং ভাষাক বিকশাই তোলাৰ বাবে লিপিৰ প্রয়োজনীয়তাৰ পোষকতা কৰিছিল আৰু এই লিপিৰ প্রশ্ণৰ মাজেৰেই এদিন মিচিং আগম কৌবাঙৰ গঠন হৈছিল৷ তেওঁ কয় যে মিচিং ভাষাক নিম্ন শ্রেণীত শিক্ষাৰ বিষয় হিচাপে বাছনি কৰা, মিচিং ভাষাত শিশুৰ ওমলা গীতৰ পুথি ৰচনা কৰা, মিচিং ভাষাৰ শিক্ষকসকলৰ সুবিধাৰ বাবে সেই ভাষাৰ অভিধান যুগুত কৰা আদি বিভিন্ন কামত মিচিং আগম কৌবাঙে সূচনা পর্বৰ পৰাই মনোনিবেশ কৰি ভাষাটোৰ উন্নতিৰ লগতে সাহিত্যৰ বিকাশৰ বাবেও কর্মযজ্ঞত ব্রতী হৈ আহিছে৷ মিচিং আগম কৌবাঙৰ এটা ডাঙৰ কীর্তিস্তম্ভ হল মিচিং শব্দকোষ বা অভিধানৰ প্রণয়ন৷ কেবাবছৰৰ অক্লান্ত পৰিশ্রমৰ অন্তত এই শব্দকোষখন প্রণয়ন কৰি উলিওৱা হৈছিল৷ এই অভিধানখনৰ মাজতেই মিচিং ভাষা যুগ যুগলৈ জীয়াই থাকিব আৰু পৃথিৱীৰ বিভিন্ন ভাষা, সমাজ আৰু সংসৃক্তিৰ তুলনামূলক অধ্যয়ন কৰা গৱেষক পণ্ডিতসকলৰ কাৰণে ই এখন অমূল্য গ্রন্থ হৈ থাকিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় টাবুৰাম টাইদে দেখুৱাই যোৱা পথেৰে মিচিং আগম কৌবাঙে মিচিং ভাষা–সাহিত্য বিকশাই তোলাৰ বাবে আজিও নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে৷ শিক্ষাৰ মাধ্যমৰ পৰা মিচিং ভাষাত গ্রন্থ প্রণয়ন, অনুবাদ আৰু সাহিত্যৰ প্রতি নৱপ্রজন্মৰ অনুৰাগ বৃদ্ধিৰ বাবে মিচিং আগম কৌবাঙে লোৱা পদক্ষেপৰ বাবে আজি বহু কেইগৰাকী সাহিত্যিক মিচিং তথা অসমীয়া সাহিত্য জগতত প্রতিষ্ঠিত হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে লোক সাহিত্যৰ ক্ষেত্রত অত্যন্ত শক্তিশালী জনগোষ্ঠী হিচাপে মিচিং জনগোষ্ঠীৰ এক সুকীয়া পৰিচয় আছে৷ মিচিং জনগোষ্ঠীৰ লোক সাহিত্য উত্তৰ–পূর্বাঞ্চলৰ আন আন জনগোষ্ঠীসমূহৰ লোক সাহিত্যৰ পৰা স্বতন্ত্র আৰু পৃথক৷ প্রব্রজনজনিত জীৱন, ঐতিহাসিক পটভূমি, সমকালীন ৰাজনৈতিক পটভূমি, সমকালীন অর্থনৈতিক পটভূমি, সমকালীন পৰিঘটনা আৰু লোকজীৱনৰ আধাৰত মিচিং লোক সাহিত্যৰ সৃষ্টি৷ মিচিং লোক সাহিত্যৰ স্রষ্টাসকলে মিচিং লোকসমাজত বর্তি থকা আচাৰ–আচৰণ, জ্ঞান–ভিজ্ঞতা, প্রথা–ৰীতি, উৎসৱ–পার্বন, প্রকৃতি আদিৰ প্রতিচ্ছৱি মিচিং লোকসাহিত্যত বর্ণাঢ্যৰূপত অংকন কৰিছে৷ মুুখ্যমন্ত্রীয়ে কয় যে অসমীয়া জাতি গঠনৰ প্রক্রিয়াটোত মিচিং জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৱদান আছে৷ কেৱল সাংসৃক্তিক দিশতে নহয়, আর্থ সামাজিক, ৰাজনৈতিক আদি বিভিন্ন দিশত এই জনগোষ্ঠীৰ লোকসকলে উল্লেখযোগ্য অৰিহণা যোগাই আহিছে৷ ইতিহাসৰ পাত লুটিয়ালে দেখা যায় মিচিং জনগোষ্ঠীয়ে নিজৰ সাহস আৰু শৌর্য–বীর্যৰে এখন সমন্বয়ৰ অসম গিিবলৈ অহোপুৰুষার্থ কৰিছিল বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে মিচিং শিক্ষার্থীসকলক মাতৃভাষাৰ লগতে অসমীয়া আৰু ইংৰাজী ভাষা শিক্ষা প্রদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব৷ আন্দোলন বিবর্জিত পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে কয় যে আজি ৰাজ্যখনত বিকাশে এক নতুন গতি লাভ কৰিছে৷ তেওঁ আশ্বাস প্রদান কৰি কয় যে আৱণ্ঢন লাভ কৰা ২৭০ বিঘা ভূমিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যালয় নির্মাণৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায়–সহয়োগিতা আগববাব৷ তেওঁ লগতে কয় যে মিচিং যুৱ মহোৎসৱৰ আয়োজনৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে উদাৰ সাহায্য আগবঢ়াব৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে প্রাক–প্রাথমিক শ্রেণীৰ পৰা মাতৃভাষা তথা জনজাতীয় ভাষাৰ ওপৰত গুৰুত্ব প্রদান কৰি অসমত ৰাষ্ট্রীয় শিক্ষা নীতি প্রৱর্ত্তনৰ প্রস্তুতি হিচাপে আজি এচচিইআৰটি আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে প্রকাশ কৰা ১১খন পুথি আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, সাংসদ প্রদান বৰুৱা, বিধায়কদ্বয় ভূৱন গাম, ড০ অমিয় কুমাৰ ভূঞা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্য্যবাহী সদস্য পৰমানন্দ চায়েংগীয়া, মিচিং আগম কৌবাঙৰ সভাপতি গোবিন্দ টাইদ প্রমুখ্যে সাহিত্যিক, সাহিত্যানুৰাগী, বৌদ্ধিক ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে৷
You might also like