নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ মেডিকেল কলেজৰ নিৰ্মাণৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

বিশেষ বাৰ্তা, ৩০ মে’ : চৰাইদেউ জিলাৰ সোণাৰিত নিৰ্মীয়মান চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ত ২০২৫ চনৰ চিকিৎসা পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ চিন্তা কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)ৰ অনুমতি বিচাৰি আগন্তুক বৰ্ষতে আবেদন জনাব পৰাকৈ নতুন চিকিৎসা মহাবিদ্যালয়খনৰ শৈক্ষিক ভৱন আৰু হস্পিতাল এবছৰৰ ভিতৰতে সাজু কৰি তোলাত গুৰুত্ব দিছে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি সোণাৰিৰ ৰজাপুখুৰীত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি এই কথা সদৰি কৰে। মঙ্গলবাৰে দুপৰীয়া ৰাজহ মন্ত্ৰী যোগেন মহন, স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰীৰ সৈতে চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণথলীত উপস্থিত হৈ বিভাগীয় মন্ত্ৰী মহন্তই নিৰ্মাণকাৰ্যৰ বিভিন্ন দিশ নিৰীক্ষণ কৰাৰ লগতে অগ্ৰগতিৰ বুজ লয়। সতীৰ্থ মন্ত্ৰী মহন, সোণাৰিৰ বিধায়ক কোঁৱৰ আৰু অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ চৌধুৰীৰ উপস্থিতিত নিৰ্মাণ প্ৰকল্পথলীৰ সভাকক্ষত আৰু চৰাইদেউৰ জিলা আয়ুক্ত (উপায়ুক্ত) নিবেদন দাস পাটোৱাৰী, আৰক্ষী অধীক্ষক যুৱৰাজ সিং, জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ চৈয়দ তৌফিক হুছেইন, অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতিৰ জ্যেষ্ঠ প্ৰকল্প প্ৰৱন্ধক বিশ্বদীপ দাস আৰু প্ৰকল্প প্ৰৱন্ধক এম কে পেগু, চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অজিত দাস, লোক নিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা অঞ্জন বৰুৱাৰ লগতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ প্ৰকল্প কাৰ্যবাহীৰ সৈতে এখন বৈঠকত মিলিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই বৈঠকত নতুন চিকিৎসা মহাবিদ্যালয়খনৰ শৈক্ষিক ভৱন, প্ৰশাসনিক ভৱন, হস্পিতাল, ছাত্ৰ-ছাত্ৰীৰ আবাস আদিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বিষয়ে বিস্তাৰিতভাৱে চৰ্চা কৰা হয়৷ ২০২৫ চনৰ পৰাই এই চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমোদনৰ বাবে অহা বছৰৰ জুন-জুলাইত আবেদন জনাবলৈ ৰাজ্য চৰকাৰে পৰিকল্পনা কৰা বুলি বৈঠকত সদৰি কৰি বিভাগীয় মন্ত্ৰী মহন্তই ইয়াৰ বাবে ২০২৪ চনৰ জুনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ভৱন আৰু হস্পিতাল সাজু কৰি তুলিব লাগিব বুলি উল্লেখ কৰে। সেয়ে, ২০২৪ চনৰ জুনলৈকে আগন্তুক তেৰ মাহৰ ভিতৰতে শৈক্ষিক ভৱন আৰু হস্পিতালৰ নিৰ্মাণকাৰ্য ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু লোক নিৰ্মাণ (গৃহ) বিভাগক বৈঠকত মন্ত্ৰী মহন্তই সময় নিৰ্দিষ্ট কৰি দিয়ে। চৰাইদেউৰ জিলা আয়ুক্ত পাটোৱাৰীক শীঘ্ৰে লোক নিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া-অভিযন্তা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে মিলিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন অংশৰ নিৰ্মাণকাৰ্য নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰিব পৰাকৈ সময়-নিৰ্ধাৰিত, সুনিৰ্দিষ্ট কাৰ্যপৰিকল্পনা যুগুত কৰি সেই মতে নিয়মীয়াকৈ নিৰ্মাণকাৰ্যত নজৰ ৰাখিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব দিয়ে। এইক্ষেত্ৰত অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতিৰ জ্যেষ্ঠ প্ৰকল্প প্ৰৱন্ধক আৰু প্ৰকল্প প্ৰৱন্ধককো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইফালে, একেখন বৈঠকতে স্বাস্থ্যমন্ত্ৰী মহন্তই নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদৰ লগতে থকা চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়খনৰ পৰিচালনা ব্যৱস্থা আৰু জৰুৰী প্ৰয়োজনীয়তাসমূহৰ বিষয়েও বিতং খতিয়ান লয়। আগন্তুক এমাহৰ ভিতৰতে অসামৰিক চিকিৎসালয়খনক চিকিৎসক, স্বাস্থ্যকৰ্মীৰ লগতে সকলো প্ৰয়োজনীয় সা-সুবিধাৰে পৰিপূৰ্ণ কৰি পূৰ্ণ ৰূপত কাৰ্যক্ষম চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ এনএইচএম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ চৌধুৰীক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিহা দিয়ে।

প্ৰেৰক দীপাংকৰ পাল

You might also like