নিয়মীয়া বাৰ্তা, বালিপৰা, ২৩ নৱেম্বৰ : শোণিতপুৰ জিলাৰ ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ ২৫হাজাৰ মহিলাক আজি মহিলা উদ্যমিতা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে দহ হাজাৰ টকাৰ চেক বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ড০ শৰ্মাই ৰঙাপৰা সমষ্টিৰ সৰ্বমুঠ ২৪ হাজাৰ ৮২৭গৰাকী মহিলাক (গ্ৰামাঞ্চলৰ ২৩,৬৪৫ আৰু নগৰ অঞ্চলৰ ১,১৬২গৰাকী) দহ হাজাৰ টকাৰ চেক বিতৰণ কৰি ভাষণত কয়- আমাৰ ৰাজ্যখন এটা সময়ত ৰক্ষণশীল আছিল। মহিলাসকল ঘৰৰ কাম-বনতে সীমাবদ্ধ আছিল। পৰৱৰ্তী সময়ত অসম আন্দোলনৰ পাছত আৰু মহিলা আত্মসহায়ক গোট গঠনৰ পাছত মহিলাসকলে সভা-সমিতি, বেংক আদিৰ কাম-কাজত নিজকে নিয়োজিত কৰিব পৰা হ’ল । অসমত এজনী দুজনীকৈ ৪০ লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত। বহু মহিলাই খাদ্য, বস্ত্ৰ, দুগ্ধ, কাঠফুলা আদি উৎপাদনৰে জড়িত হৈ পৰিয়ালক আৰ্থিক সকাহ দিয়া বুলি কয়।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ মহিলাসকল স্ব-নিৰ্ভৰশীল আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ বাবে মুখ্যমন্ত্ৰীসকলক দিয়া পৰামৰ্শ অনুসৰিয়ে চৰকাৰ আৰু বেংকৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰিব বিচৰা বুলি কয়। চাহ বাগিচাৰে আৱৰি থকা ৰঙাপৰা সমষ্টিৰ অধিকাংশ মহিলা চাহ বাগিচাৰ। গতিকে বাগিচাৰ দৈনন্দিন কাম বন্ধ কৰি চেক গ্ৰহণ কৰিলে মজুৰিৰ পৰা বঞ্চিত হ’ব, গতিকে তেনে নহ’বলৈ আজি বন্ধৰ দিন নিৰ্বাচিত কৰা বুলি তেওঁ কয়।
জিলাখনৰ নদুৱাৰ আৰু ঢেকীয়াজুলি সমষ্টিত উদ্যমিতা আঁচনিৰ ধন ইতিমধ্যে বিতৰণ কৰা বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত তেজপুৰ আৰু বৰছলা সমষ্টিত বিতৰণ কৰিব বুলি কৈ ড০ শৰ্মাই হিতাধিকাৰীসকলক উদ্দেশ্যি দিয়া ভাষণত কয়- লোকসভা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা অনুসৰি উদ্যমিতা আঁচনিৰ ধন আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰা আৰু বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিতসকলক এই ধন বিতৰণ কৰা বুলি তেওঁ উল্লেখ কৰে। এই ধনৰাশিৰ সদ্ব্যৱহাৰ কৰিলে পুনৰ ২৫ আৰু ৫০ লাখ টকালৈকে লাভ কৰিব বুলিও কয়। মুখ্যমন্ত্ৰীয়ে সভাৰ আৰম্ভণিতে আটছাৰ প্ৰতিষ্ঠাপক সম্পাদক সন্তোষ কুমাৰ তপ্নক শ্ৰদ্ধাৰে সোঁৱৰে।
ইফালে, আগন্তুক নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- বিজেপিত মুখৰ পৰিৱৰ্তন হয়। বহু নতুন মুখে টিকট পাব । বিজেপিত ছিটিং-গেটিং নাই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বহু বিধায়কৰ সেই সমষ্টিসমূহে নাই । পূৰ্বতকৈ মহিলা প্ৰাৰ্থী বাঢ়িব। ৰঙাপৰা সমষ্টিৰ যুৱ বিধায়ক কৃষ্ণ কমল তাঁতীক পুনৰ আশীৰ্বাদ প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় ড০ শৰ্মাই । অনুষ্ঠানত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী, নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰ সমষ্টিৰ পৃথ্বিৰাজ ৰাভা, বৰছলা সমষ্টিৰ গণেশ লিম্বু, তেজপুৰ জিলা পৰিষদৰ সভানেত্রী মনীষা উপাধ্যায়, জিলা বিজেপিৰ সভাপতি মধুস্মিতা হাজৰিকা, কুন্তল শৰ্মা বৰদলৈ, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস উপস্থিত থাকে ।