নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ভিন্ন প্ৰান্তত আঘোণৰ ধাননি পথাৰত বন্যহস্তীৰ উপদ্ৰৱ

বিশেষ বাৰ্তা, নগাঁও, ২৩ নৱেম্বৰ : আঘোণৰ পথাৰত এতিয়া শালি ধানে ভৰপক দিছে।সোণোৱালী ধাননি পথাৰত কৃষক ৰাইজে সোণগুটি চপোৱাৰ কামত ব্যস্ত হোৱাৰ সময়তে নামি আহিছে আন এক দুৰ্যোগ। পথাৰত ধান পকাৰ লগে লগেই পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছে জাকে জাকে বনৰীয়া হাতীৰ।‌ আৰম্ভ হৈছে হাতী-মানুহৰ সংঘাত।

নগাঁও জিলাৰ লগতে প্ৰতিবেশী জিলা কাৰ্বি আংলঙৰ ইখনৰ পাছত সিখনকৈ বনাঞ্চল ধ্বংস হ’বলৈ ধৰাত বন্যহস্তীৰ আৱাসস্থলী আৰু খাদ্যৰ তীব্ৰ সংকটে দেখা দিছে। যাৰ ফলত বনৰীয়া হাতীৰ জাকে নগাঁও জিলাৰ বিভিন্ন অঞ্চললৈ নামি আহি তাণ্ডৱ অব্যাহত ৰাখিছে। বন্যহস্তীৰ জাকে ইখনৰ পাছত সিখনকৈ শালি ধানৰ পথাৰত প্ৰৱেশ কৰি ধান খাই, গচকি, মোহাৰি ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বহু লোকৰ বাসগৃহও ভাঙি ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে। পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে জিলাখনৰ কন্দলী, কচুৱা, কামপুৰ, বামুণী, ঘোগ জলাহ, চুতীয়া গাঁও, কন্দলী, ননৈ, কচুপিট, চকৰিগাঁও, নৈপাম, তুলসীমুখ, পালেংতলী, উদমাৰী, শালনা, ৰঙাগড়া, ভৰাগুৰি, শিলঘাট, পূবথৰীয়া, সোণাৰি গাঁও বামুণী, চাপানলা, বৰবাৰী, হাতীখলি, চামগুৰি কুৰুৱাবাহী, বঢ়মপুৰ, পুতনি, পদুমণিকে ধৰি বিভিন্ন অঞ্চলত সময়ে সময়ে তাণ্ডৱ অব্যাহত ৰাখিছে।

জিলাখনৰ বিভিন্ন ঠাইত দিন-দুপৰতে চহা কৃষকৰ পকা ধান খাই তহিলং কৰিছে বন্যহস্তীয়ে।ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে জিলাখনৰ বন্যহস্তীৰ উপদ্ৰৱ চলোৱা সংশ্লিষ্ট অঞ্চলৰ কৃষক ৰাইজে।

You might also like