নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইলৈ ৰাওনা দমদমা কাৰাটে-ডো একাডেমিৰ ৫ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : শ্বটোকান কাৰাটে ডো- অ’ৰগেনাইজেচন ইণ্ডিয়াৰ উদ্যোগত মুম্বাইৰ খান্দালাত অহা ২ মে’ৰ পৰা ৫ মে’লৈ অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু টুৰ্নামেণ্টত অংশগ্ৰহণৰ বাবে ছেমছাই মন্টু ওজাৰ নেতৃত্বত আজি দমদমা কাৰাটে-ডো একাডেমিৰ পাঁচগৰাকীকৈ খেলুৱৈ মুম্বাইলৈ ৰাওনা হয়। উল্লেখযোগ্যে যে এই ৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু টুৰ্নামেণ্টত ভাৰতৰ ১৮খন ৰাজ্যৰ খেলুৱৈ অংশগ্ৰহণ কৰিব। অসমৰ পৰা প্ৰতিনিধিত্ব কৰা খেলুৱৈকেইগৰাকী ক্ৰমে ভাস্বতী মহন্ত,হিমানজোতি দাস, চাফিল হুছেইন,কপিল কলিতা আৰু ধ্ৰুবজোতি দাস। খেলুৱৈ সকলক দমদমা কাৰাটে ডো একাডেমিৰ সভাপতি গোবিন্দ দাস, যুৱনেতা তথা সমাজকৰ্মী মৃদুল মালাকাৰ,সাংবাদিক আব্দুল গনিখান চৌধুৰী, কমলাকান্ত দাস, ছাহজাহান ইছলাম,শৈলেন বৈশ্যই শুভেচ্ছা জ্ঞাপন কৰি অসমৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে।

প্ৰেৰক শ্বাহজাহান ইছলাম

You might also like