নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত পেলেষ্টাইনৰ সমৰ্থনত বাহনত ষ্টিকাৰ লগাই বিপদত যুৱক

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অজি ধুবুৰীৰ আৰক্ষীৰ এটি দলে চহৰখনৰ মাজমজিয়াৰ পৰা পেলেষ্টাইনৰ পতাকাৰ কাগজৰ ষ্টিকাৰ লগোৱা এখন বাহন জব্দ কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। উল্লেখ্য যে চহৰখনৰ ১নং ৱাৰ্ডৰ ৰাজপথৰ দাঁতিত পাৰ্কিং কৰা থকা অৱস্থাত থকা গুৱাহাটীৰ নম্বৰ প্লেটৰ বগা ৰঙৰ সেই বাহনখনৰ সন্মুখৰ আইনাত লগোৱা আছিল বিশেষ সেই ষ্টিকাৰটো। সেই বিশেষ ষ্টিকাৰটোৰ তলত ইংৰাজীত লিখা আছিল ফ্ৰী পেলেষ্টাইন বুলি। ঘটনাটো অৱগত হৈ বাহনখনৰ চালক তথা আৰোহীগৰাকীক বাহনসহ লগত লৈ যায় ধুবুৰী আৰক্ষীৰ এটি দলে। বৰ্তমানলৈ বিষয়টো লৈ আনুষ্ঠানিকভাৱে একো জনোৱা নাই ধুবুৰী আৰক্ষীয়ে। জানিব পৰা যোৱা নাই যুৱকজনৰ পৰিচয়। বৰ্তমানে আৰক্ষীকে ধৰি অন্যান্য সংস্থাই যুৱকগৰাকীক সোধাপোছা চলাই থকা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like