নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বকোত বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল : কামৰূপ জিলাৰ বিগত সাত বছৰে কংগ্ৰেছৰ দখলত থকা বকো বিধানসভা সমষ্টিত অহাকালি লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ অহাকালি নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কালি অনুষ্ঠিত হব লগা নিৰ্বাচনী প্ৰচাৰ সভাক লৈ বকোৰ গান্ধী ময়দানত চলিছে পূৰ্ণগতিত প্ৰস্তুতি। বিজেপিৰ বকো ছয়গাঁও বিধানসভা সমষ্টিৰ তত্বাৱধায়ক হিমাংশু শেখৰ বৈশ্যই জানিবলৈ দিয়া অনুসৰি প্ৰায় ২৫ হাজাৰ লোক  কালি অনুষ্ঠিত হব লগা বিশাল জনসভাত অংশ গ্ৰহণ কৰিব। উল্লেখ্য যে শুক্ৰবাৰে দিনৰ প্ৰায় ২ বজাত দুধনৈৰ পৰা হেলিকপ্টাৰ যোগে আহি বকোৰ গান্ধী ময়দানত উপস্থিত হৈ বকোৰ ড° ভূপেন হাজৰিকা সুৱৰী ৰঙ্গমঞ্চত ৰাইজক সম্বোধন কৰিব মূখ্যমন্ত্ৰীগৰাকীয়ে। কালিৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী জনসভালৈ বকো সমষ্টিৰ ৰাইজক সভালৈ অনাৰ বাবে সকলো ধৰণৰ যাতায়াতৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে হিমাংশু শেখৰ বৈশ্যই। কালি অনুষ্ঠিত হব লগা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বহুসংখ্যক লোকে মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিব বুলি মন্তব্য কৰে বিজেপিৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ তত্বাৱধায়ক হিমাংশু শেখৰ বৈশ্যই।

প্ৰেৰক প্ৰীতম বায়ন

You might also like