নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিত্বৰ উন্নতিয়ে যিকোনো পৰিস্থিতিত সফলতাৰ সুযোগক উন্নত কৰে : ডাঃ দ্বীপেশ ভাগৱতী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ এপ্ৰিলঃ জীৱনত উন্নতি কৰিবলৈ হ’লে আত্মবিশ্বাস অত্যন্ত প্রয়োজনীয়৷ প্রতিযোগিতাৰ এই যুগত বিশেষকৈ ছাত্র–ছাত্রীসকলৰ মাজত আত্মবিশ্বাসৰ অভাৱত সফলতাই বহু সময়ত থমকি ৰ’বলগীয়া হৈছে৷ ছাত্র জীৱনৰ এই অসুবিধা অনুধাৱন কৰি আজি কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উদ্যোগত বিশ্ববিদ্যালয়খনৰ মনোবিজ্ঞান বিভাগ তথা ইণ্ডিয়ান একাডেমী অৱ হেলথ্ চাইক’লজী আৰু নর্থ ইষ্ট ইণ্ডিয়ান এছ’চিয়েচন অৱ এপ্লাইড চাইক’লজীৰ সহযোগত ছাত্র-ছাত্রীসকলৰ মাজত এটা অন্তৰংগ আলাপ অনুষ্ঠিত হয়৷ ‘যুৱ প্রজন্মৰ ব্যক্তিত্ব উন্নয়ন’ শীর্ষক বিষয়ক লৈ অনুষ্ঠিত অন্তৰংগ আলাপত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক ডাঃ দ্বীপেশ ভাগৱতীয়ে অংশ লৈ যুৱ সমাজক বহুকেইটা গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়ায়৷ কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ প্রতিষ্ঠাপক মুৰব্বী তথা সহযোগী অধ্যাপিকা ড০ ডিম্পী মহন্তই আঁত ধৰা অনুষ্ঠানটোত মনোৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেশ ভাগৱতীয়ে ব্যক্তিত্ব উন্নতি সন্দর্ভত কেইবাটাও ৰুত্বপূর্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে৷ ব্যক্তিত্ব উন্নয়ন বিষয়ৰ ওপৰত আঁত ধৰি তেওঁ কয় যে সদায়ে নিজৰ ব্যক্তিত্ব বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিব লাগে৷ ইয়াৰ বাবে প্রয়োজন আত্মবিশ্বাসৰ৷ এজন আত্মবিশ্বাসী ব্যক্তিয়েহে আনক সহায় কৰিব পাৰে৷ চিন্তা, আচৰণ আৰু আৱেগৰ সংমিশ্রণত মানুহৰ ব্যক্তিত্ব গঢ় লৈ উঠে৷ সেইবাবে সদায়ে জীৱনত পজিটিভিটী থকাটো নিত্যন্তই প্রয়োজন৷ পজিটিভ চিন্তাৰ মানুহে যিকোনো পৰিস্থিতিতে আত্মসংযমৰ জৰিয়তে যিকোনো প্রত্যাহ্বানক অতি সহজে মুখামুখি হ’ব পাৰে৷ সেয়েহে পজিটিভ চিন্তাৰে আত্মবিশ্বাসক সুদৃঢ় কৰি আনক উৎসাহিত কৰাৰ বাবে সকলো ছাত্র-ছাত্রীক তেওঁ আহ্বান জনায়৷ ছাত্র-ছাত্রীক উৎসাহিত কৰি তেওঁ পুনৰ কয় যে জীৱনত পাছপৰি ৰোৱাটো ডাঙৰ কথা নহয়৷ কিন্তু পাছ পৰাৰ পাছতো উঠি দৌৰিব পৰাটোহে ডাঙৰ কথা৷ সেয়া সকলো ছাত্র-ছাত্রীয়ে কৰিব লাগে৷ ব্যক্তিত্ব গঢ়াৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ব্যক্তিত্বৰ উন্নতিয়ে যিকোনো পৰিস্থিতিত সফলতা লাভ কৰাৰ সুযোগক উন্নত কৰি তোলে৷ গতিকে নিজক উন্নত কৰি তুলিবলৈ প্রথমতে নিজৰ মাজৰে দুর্বলতাসমূহক বিচৰাৰ প্রয়োজন৷ আত্মবিশ্লেষণৰ দ্বাৰা সেয়া যদি সম্ভৱপৰ নহয় তেন্তে আন লোকৰ দ্বাৰা হ’লেও দুর্বলতাখিনি বিচাৰ কৰি তাক সংশোধন কৰিলেহে ব্যক্তিত্বৰ উন্নতিৰ লগতে জীৱনটো যথেষ্ট সূচল হৈ পৰে৷ ইয়াৰ বাহিৰেও জীৱনত ছাত্র-ছাত্রীয়ে একো একোটা লক্ষ্য নির্ধাৰণ কৰি আগবঢ়াৰ বাবে তেওঁ আহ্বান জনায়৷ সময়ৰ সুন্দৰ ব্যৱহাৰৰ মাজেৰে ভুলৰ পৰা শিক্ষা গ্রহণ কৰি আত্মবিশ্বাসী হৈ সফলতাৰ খোজত বাট বোলাবলৈ উপস্থিত ছাত্র-ছাত্রীসকলক তেওঁ আহ্বান জনায়৷ অনুষ্ঠানটোত অংশ লৈ কটন বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পঞ্জীয়ক ড০ বেদান্ত বৰায়ো ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কেইবাটাও বহুমূলীয়া পৰামর্শ আগবঢ়ায়৷

You might also like