নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক্ষেত্ৰীত চৰকাৰী ভূমি বেদখল কৰি পকী ঘৰ নিৰ্মাণ

বিশেষ বাৰ্তা, ২ মাৰ্চঃ ৰাজ্য চৰকাৰে চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান তীব্ৰতৰ কৰি ৰখাৰ সময়তে নলবাৰী জিলাৰ এটি চৰকাৰী কাৰ্যালয়ত ভূমি বেদখল চলা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সৰিয়হৰ ডুলিতে ভূত দেখা দিছে জিলাখনৰ খোদ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত।অভিযোগ অনুসৰি, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত এটুকুৰা ভূমি বেদখল কৰি সেই ভূমিত ষ্ট্যাম্প ভাণ্ডাৰৰ বেহা আৰম্ভ কৰাৰ বাবে এটি পকী ঘৰ নিৰ্মান কৰিবলৈ উঠিপৰি লাগিছে মনোৱাৰ হুছেইন নামৰ এজন লোকে।কাৰ সাহসত এনেদৰে অবৈধভাৱে ঘৰ সাজি ষ্ট্যাম ভাণ্ডাৰৰ বেহা আৰম্ভ কৰিবলৈ বিচাৰিছে।খোদ চক্ৰ বিষয়াৰ নিৰ্দ্দেশতেই এনেদৰে কাৰ্যালয় চৌহদত বেদখল চলিছে নেকি বুলি বহুতৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।এনে অবৈধ কাৰ্যকলাপত জিলা উপায়ুক্ত কাৰ্যালয়ৰ এটা চক্ৰৰে এনে অবৈধ কাৰ্যত বৃহৎ লেনদেন চলা বুলি অভিযোগ উঠিছে।অভিযোগ অনুসৰি,পূৰ্বে এইজনা মনোৱাৰ হুছেইনে দুটাকৈ আধাৰ কেন্দ্ৰ কাৰ্যালয় চৌহদত স্থাপন কৰি জনগনৰ পৰা বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰিবলৈ সুবিধা লাভ কৰিছে। উল্লেখ্যযে, বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত চৰকাৰী মাটি বেদখল কৰি ঘৰ বন্ধা উদাহৰন এইটোৱেই নহয়,চক্ৰ বিষয়াৰ মণ্ডলৰ কাৰ্যালয়ৰ গাতেই লাগি থকা এটুকুৰা মাটিত মোস্তাফা নামৰ এজন লোকে পকী ঘৰৰ প্ৰিন্থ এটা বনাই বিগত এবছৰে ধৰি পেলাই থয়।এই ঘৰটোত গেলামালৰ দোকান দিয়াৰ উদ্দেশ্যেৰে বনোৱা বুলি চৰ্চিত  হৈছে কাৰ্যালয়ৰ বাহিৰে-ভিতৰি। মন কৰিৱ লগা যে, উপায়ুক্ত, মহকুমাধিপতি,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত কোনো  ষ্ট্যাম্প ভাণ্ডাৰ বা তৰনী সন্থা থাকিব নোৱাৰে।কিন্তু ইমানৰ পিছতো বৰক্ষেত্ৰীত কাৰ সাহসত চলিছে ঘৰ নিৰ্মাণৰ কাম।এই ক্ষেত্ৰত চক্ৰ বিষয়াৰ  সোঁৱে-বাৱে দিনে-নিশাই লাগি থকা এগৰাকী লাট মণ্ডলৰ মধ্যস্থতাত এনে ব্যাপক অনিয়ম কাৰ্য সংঘটিত হোৱা বুলিও কাৰ্যালয়ৰ বাহিৰে-ভিতৰি আন এক ব্যাপক চৰ্চা চলিছে। উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীৰ দিনা নলবাৰী জিলা প্ৰশাসনে বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়া উদয় শংকৰ দত্ত আৰু নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ বাহিনীয়ে ২ নং ভেলামাৰীৰ বেদখলকৃত ১৫০ বিঘা মাটিত উচ্ছেদ অভিযান চলায়।লগতে চৰকাৰী ভূমিত নিৰ্মাণ কৰি বসবাস কৰি থকা ২৬ টা পৰিয়ালৰ  বাসগৃহ ভাগি পেলাই আৰক্ষীৰ অভিযানকাৰী দলটোৱে। এনে পৰিস্থিতিৰ মাজতে খোদ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা বেদখলৰ বিষয়টোৱে বৰক্ষেত্ৰী অঞ্চলত অধিক চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।এনে অবৈধ বেদখল মুক্ত হৱ কেতিয়া বুলিও প্ৰশ্ন উত্থাপন হৈছে।
প্ৰেৰক অৰূপ বৰ্মন
You might also like