নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ বছৰেও নহ’ল দলং! ডিব্ৰুগড়ৰ মধুপুৰত ৰাইজৰ যমৰ যন্ত্ৰণা

বিশেষ বাৰ্তা, ২মাৰ্চ: চৌদিশে উন্নয়নৰ জয়ঢোল;কিন্তু সুদীৰ্ঘ ৩০ বছৰে স্থাপন নহল এখনো দলং।যাৰ পৰিপ্ৰেক্ষিতত পাঁচখনকৈ গাওঁৰ সহস্ৰাধিক ৰাইজে সন্মুখীন হব লগাত পৰিছে সীমাহীন যমৰ যন্ত্ৰণাৰ।ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত,ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ অধীনৰ, বৰবৰুৱা উন্নয়ন খণ্ডৰ গৰুধৰীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ ১নং চৰাই হাবি আৰু ২নং চৰাই হাবি গাঁৱৰ সংযোগী ড্ৰেইনৰ ওপৰত বিগত ৩০বছৰে ধৰি দলং স্থাপন নোহোৱাৰ ফলত স্থানীয় পাঁচখনকৈ গাঁৱৰ ৰাইজে জীয়াতু ভূগিব লগাত পৰিছে।উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহচক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ এলেকাস্থিত বানবিধ্বস্ত বৃহত্তৰ মধুপুৰ অঞ্চলৰ অন্তৰ্গত ১নং আৰু ২নং চৰাই হাবি গাঁৱৰ সংযোগ স্থলীৰ ড্ৰেইনৰ ওপৰত একমাত্ৰ বাহঁৰ সাঁকো ডালেই যাতায়তৰ বাবে ভৰষা;যদিও বিপদ সংকূল যাত্ৰাৰে ৰাইজে সকলো বিপদকো নেওচি অহা-যোৱা কৰি আহিছে।বিপদ সংকূল যাত্ৰাৰে বাহঁৰ সাঁকো ওপৰেদি শিক্ষানুষ্ঠানলৈ শিক্ষাৰ্থী সকলে জীৱন মৰণৰ শংকা আৰু আতংকৰ মাজতে অহা-যোৱা কৰিব লগীয়া হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। ইতিমধ্যে মধুপুৰ ১নং আৰু ২নং চৰাই হাবি ড্ৰেইনৰ ওপৰৰ বিপদাপন্ন সাঁকো ডালৰ ওপৰেৰে পাৰ হোৱা সময়ত ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈছে।স্থানীয় ৰাইজে বিগত ৩০ বছৰ ধৰি ১নং আৰু ২নং চৰাই হাবি গাঁৱৰ সংযোগী ড্ৰেইনৰ ওপৰত দলং স্থাপন কৰা সন্দৰ্ভত বিভাগীয় কতৃপক্ষক আবেদন নিবেদন জনাই আহিছে যদিও আজিকোপতি কোনো ইতিবাচক সহাৰি পৰিলক্ষিত নহ’ল।স্থানীয় ১নং আৰু ২নং চৰাই হাবিকে পাঁচ খন গাৱঁৰ ৰাইজৰ অভিযোগ মতে বিগত সৰহভাগ কং(ই)দলীয় চৰকাৰ,দুটাকৈ অগপৰ দলৰ শাসন কাল, আৰু বৰ্তমানৰ বি জে পি মিত্ৰজোঁটৰ চৰকাৰৰ শাসন কালৰ সময় পৰ্যন্ত ড্ৰেইনৰ ওপৰত আজিকোপতি পকী দলং স্থাপন নকৰিলে বুলি ক্ষোভ ব্যক্ত কৰে।ভৰ বাৰিষা কালত ১নং আৰু ২নং চৰাই হাবি গাঁৱৰ সংযোগী ড্ৰেইনেৰে তীব্ৰ বেগেৰে যোৱা জলধাৰাই বাহঁৰ সাঁকো ডালত ভয়ংকৰ কম্পনৰ সৃষ্টি কৰাৰ ফলত যাতায়ত বিঘ্নিত হৈ পৰে আৰু সেই সময়ত যাতায়ত কৰাটো এক প্ৰকাৰ জীৱন মৰণৰ দৰে হৈ পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।বৰ্তমানৰ অসম চৰকাৰে যাতায়তৰ বাবে প্ৰয়োজনীয় সকলো ঠাইতে পকী দলং স্থাপন কৰাৰ কথা ঘোষণা কৰি আহিছে যদিও লৰুৱা মৌজাৰ গৰুধৰীয়া পঞ্চায়তৰ মধুপুৰ অঞ্চলৰ ১নং আৰু ২নং চৰাই হাবি গাঁৱৰ সংযোগী ড্ৰেইনৰ ওপৰত কিয় পকী দলং স্থাপন কৰাৰ ক্ষেত্ৰত অদ্যপৰিমিত পদক্ষেপ গ্ৰহণ নকৰে বুলি স্থানীয় ৰাইজে আবেগিক ভাৱে আক্ষেপ প্ৰকাশ কৰিছে।আগন্তুক বাৰিষাৰ আগমূহুৰ্ত্তত ১নং আৰু ২নংচৰাই হাবি গাঁৱৰ সংযোগী ড্ৰেইনৰ ওপৰত শ্ৰীঘেই দলং স্থাপন নকৰিলে, স্থানীয় কেবাখনো গাঁৱৰ ৰাইজে সমাগত লোকসভাৰ নিৰ্বাচন বৰ্জন কৰিব বুলিও সকিয়াই দিছে।সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ চৰম উদাসীনতাৰ বাবেই দলং হোৱা নাই বুলিও অভিযোগ উঠিছে যদিও অনাগত দিনত বিধায়ক গৰাকীয়ে বা চৰকাৰে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে,সেয়া লক্ষ্যনীয় হৈ ৰব।

প্ৰেৰক বিভাস দুৱৰা

You might also like