নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিৰ খলনায়িকা নূপুৰৰ মুখত কেইবাজনো মণ্ডলৰ নাম, শীঘ্রে জেৰা তিনিজনক

চৰকাৰী চাকৰিৰ নামত কার্যালয়ত এখন বজাৰ সৃষ্টি কৰা দুর্নীতিৰ ৰাণী, বিতর্কিত এচিএছ বিষয়া নূপুৰ বৰাৰ জিম্মাৰ পৰা এতিয়ালৈকে চিএম ভিজিলেঞ্চৰ দলে জব্দ কৰিছে এক কোটি ১৬ লাখ টকা৷ এগৰাকী চৰকাৰী বিষয়াৰ বাবে সপোনৰ দৰেই এই বৃহৎ ধনৰাশি ছবছৰীয়া চাকৰিৰ জীৱনত দুর্নীতিৰে সংগ্রহ কৰিছিল নূপুৰ বৰাই৷

আয়–বহির্ভূত সম্পত্তিক লৈ চিএম ভিজিলেঞ্চে তদন্ত অব্যাহত ৰখাৰ সময়তে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷

উল্লেখ্য যে বৰপেটা আৰু গুৱাহাটীৰ নূপুৰ বৰাৰ চাৰি স্থানৰ পৰা যোৱা ১৬ ছেপ্টেম্বৰত চিএম ভিজিলেঞ্চৰ দলে জব্দ কৰিছিল প্রায় ৯২ লাখ টকাৰো অধিক নগদ ধন৷ তাৰ পিছতে বৰপেটাৰোডৰ ভাৰতীয় ষ্টেট বেংকত থকা লকাৰ দুটাতো তদন্তকাৰী দলে অভিযান চলায়৷

আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, দুয়োটা লকাৰৰ ভিতৰত এটা বিষয়াগৰাকীৰ নিজৰ নামত থকাৰ লগতে আনটো লকাৰ পিতৃৰ সৈতে যুটীয়াভাৱে আছিল৷ ইয়াৰে এটা লকাৰত কালি ২৩ লাখ ৭৫ হাজাৰ টকা জব্দ কৰা হৈছে যদিও আনটো লকাৰৰ পৰা একো উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে৷

সত্রৰ মাটিত জালিয়াতিৰে মিঞাক বিক্রী কৰাৰ ক্ষেত্রত আগভাগ লোৱা বিষয়াগৰাকীয়ে এই সমস্ত ধন নিজৰ দৰমহাৰ পইচা নহয় কেৱল দুর্নীতিৰ পৰা সংগ্রহ কৰাহে৷ আনহাতে গোলাঘাটৰ এটা বেচৰকাৰী বেংকতো নূপুৰ বৰাৰ লকাৰ এটাৰ সম্ভেদ তদন্তকাৰী দলে লাভ কৰিছে৷

উক্ত লকাৰটোত থকা সামগ্রী জব্দ কৰাৰ বাবে চিএম ভিজিলেঞ্চৰ এটা দল গোলাঘাটলৈ ৰাওনা হৈছে৷ আজি দলটোৱে বেংকটোৰ লকাৰৰ লগতে নূপুৰ বৰাৰ গোলাঘাটৰ প্রকৃত ঘৰতো অভিযান চলায়৷

বৰপেটাৰোডৰ এছবিআইৰ লকাৰত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাৰ পাছত গোলাঘাটৰ বেচৰকাৰী বেংকৰ লকাৰত বহু টকা মূল্যৰ সোণৰ অলংকাৰ থকাৰ সন্দেহ প্রকাশ কৰা হৈছে৷ কিয়নো ইতিমধ্যে চিএম ভিজিলেঞ্চে নূপুৰ বৰাৰ বাসভৱনৰ পৰা প্রায় ২ কোটি টকাৰ হীৰা তথা সোণৰ আ–লংকাৰ জব্দ কৰিছে৷

জব্দকৃত একোডাল অলংকাৰৰ মূল্য ১–২ লাখ টকা হ’ব বুলি প্রকাশ কৰিছে সূত্রটোৱে৷ ইপিনে ঘোচঘোৰ বিষয়াজনৰ আন কেইবাটাও বেংকত গোপন লকাৰ আছে বুলি সন্দেহ প্রকাশ কৰিছে তদন্তকাৰী দলে৷ কিয়নো অভিযানৰ সময়ত বিষয়াজনৰ জিম্মাৰ পৰা কেইবাটাও লকাৰৰ চাবি পোৱা গৈছে৷ তদন্তৰ খাতিৰত বর্তমানলৈকে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সবিশেষ সদৰী কৰা নাই যদিও উক্ত লকাৰসমূহত থকা সামগ্রীৰ তথ্য বিচাৰি ইতিমধ্যে কেইবাটাও বেংকলৈ চিএম ভিজিলেঞ্চৰ পৰা পত্র প্রেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

দুর্নীতিগ্রস্ত নূপুৰ বৰা জালত পৰাৰ পাছতে পোহৰলৈ আহিছে কেইবাজনো লাট মণ্ডলৰ নাম৷ সূত্রটোৱে জনোৱা মতে, দিনে–নিশাই কেৱল টকাৰ সপোন দেখা নূপুৰ বৰাই চাকৰি জীৱনত সর্বাধিক দুর্নীতি কৰিছিল বৰপেটা ৰাজহ চক্রৰ চক্র বিষয়া হৈ থকা সময়ত৷ জিলাখনৰ কেইবাজনো লাট মণ্ডলক একপ্রকাৰ কালেকচন এজেণ্ট ৰূপে নিয়োগ কৰি প্রতিটো লেনদেনৰ বাবদ বৃহৎ পৰিমাণৰ কমিছন আদায় দি আহিছিল নূপুৰ বৰাই৷

উক্ত এজেণ্টৰূপী লাট মণ্ডলসকলে বিভিন্ন চৰকাৰী মাটি, সত্র তথা ৰাইজৰ ছন পৰি ৰোৱা মাটিৰ তথ্য নূপুৰ বৰাক যোগান ধৰিছিল৷ তাৰ পিছতে বিষয়াজনে এজেণ্টৰূপী লাট মণ্ডলকেইজনৰ সহযোগত মাটিসমূহ জালিয়াতিৰে মিঞাক বিক্রী কৰি লাখ লাখ টকা কমিছন হিচাপে আদায় কৰিছিল৷ সম্প্রতি চিএম ভিজিলেঞ্চৰ জিম্মাত থকা নূপুৰ বৰাই এনে কেইবাজনো এজেণ্টৰূপী মণ্ডলৰ নাম জেৰাত স্বীকাৰ কৰিছে৷ ইয়াৰ ভিতৰত তিনিজন লাট মণ্ডলক শীঘ্রে জেৰা চলোৱাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে চিএম ভিজিলেঞ্চে৷ অৱশ্যে লাট মণ্ডলকেইজন কোনখন জিলাৰ সেয়া এতিয়ালৈকে সদৰী কৰা নাই সূত্রটোৱে৷ ইয়াৰ বাহিৰেও আন কোনো শীর্ষ বিষয়াৰ আশীর্বাদো নূপুৰ বৰাই লাভ কৰিছিল নেকি সেই সন্দর্ভতো তদন্ত চিএম ভিজিলেঞ্চে অব্যাহত ৰাখিছে৷ তদন্ত সম্পূর্ণ হোৱাৰ পাছতহে সকলো তথ্য পোহৰলৈ আহিব যদিও দুর্নীতিগ্রস্ত নূপুৰ বৰাই যে সোঁৱে–বাঁৱে অকল ধনেই ঘটা নাছিল, ইয়াৰ সমান্তৰালকৈ নামে–বেনামে বহু সম্পত্তিও গঢ়িছিল সেই কথা সম্প্রতি নিশ্চিত কৰিছে তদন্তকাৰী দলে৷

You might also like