অপাৰেচন সিন্দূৰত ধ্বংস সন্ত্রাসবাদীৰ ঘাটি নির্মাণৰ ধন দিছে পাক চৰকাৰে
নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানৰ স্বৰূপ উদঙালে স্বয়ং দেশখনতেই লালিত-পালিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাই৷
ভাৰতৰ অপাৰেচন সিন্দূৰত বিধ্বস্ত হোৱা পাকিস্তানস্থিত সন্ত্রাসবাদীৰ শিবিৰসমূহ পুনৰ মেৰামতিৰ বাবে ধন চৰকাৰে যোগান ধৰা বুলি সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ উপ–মুৰব্বী ছাইফুল্লা কছুৰীয়ে প্রকাশ কৰিছে৷
সামাজিক মাধ্যমত প্রচাৰ হোৱা এক ভিডিঅ’ত সন্ত্রাসবাদী সংগঠনটোৰ মুৰিডকেৰ মুখ্য কার্যালয়ত পাকিস্তান চৰকাৰে শিবিৰ মেৰামতিৰ বাবে ধন যোগান ধৰা বুলি ছাইফুল্লা কছুৰীয়ে কৰা মন্তব্য প্রকাশ পাইছে৷
ইপিনে, উপ–মুৰব্বী ছাইফুল্লাই অপাৰেচন সিন্দূৰৰ সময়ত নিহত হোৱা সন্ত্রাসবাদীক পাকিস্তান চৰকাৰে চৰকাৰীভাৱে সন্মান জনোৱা বুলিও বিস্ফোৰক মন্তব্য কৰিছে৷ দুই মিনিটজোৰা ভাষণত সন্ত্রাসবাদী কছুৰীয়ে ভাৰতৰ বিৰুদ্ধে ভয়াৱহ আক্রমণ চলোৱাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীকো ভাবুকি প্রদান কৰিছে৷