মেঘালয়ত লেণ্ড জেহাদ : ২৫.৭৫ হেক্টৰ বনভূমি বেদখল USTM-ৰ
বহু বিতর্কিত মহবুবুল হকৰ ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষা প্রতিষ্ঠান ( USTM ) ‘ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকন’লজী’ (ইউএছটিএম)ৰ মুখা এইবাৰ খোল খালে৷ গোলকীয় উষ্ণতাই সমগ্র পৃথিৱী গ্রহৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে অতি গুৰুত্বপূর্ণ বন (সংৰক্ষণ) আইনৰ ২নং ধাৰা উলংঘাৰে মেঘালয়ৰ পাহাৰ কাটি স্থাপন কৰা হৈছে ইউএছটিএম৷
চুবুৰীয়া ৰাজ্যখনত ‘লেণ্ড জেহাদ’ৰ সূচনাৰে উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ শেহতীয়া ভয়ংকৰ কৃত্রিম বানপানীৰ প্রধান তথা অন্যতম কাৰক হৈ পৰা ইউএছটিএম আৰু পৰিচালন সংস্থা ‘এডুকেচন ৰিছার্চ এণ্ড ডেভেল’পমেণ্ট ফাউণ্ডেচন’–এ ২৫.৭৫ হেক্টৰ বনভূমি বেদখল কৰাৰ তথ্য উচ্চতম ন্যায়ালয়ৰ ‘চেণ্ট্ৰেল এম্পাৱার্ড কমিটী’ চমুকৈ চিইচিৰ প্রতিবেদনত পোহৰলৈ আহিছে৷
মেঘালয়ত সেউজ পাহাৰ টকলা কৰি ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠানখন স্থাপন কৰাৰ বিষয়টো ব্যাপকভাৱে চর্চিত হৈ অহাৰ সময়তে যোৱা ১৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কৰ হাতত চিইচিয়ে প্রতিবেদনখন দাখিল কৰে৷ য’ত ইউএছটিএম আৰু এডুকেচন ৰিছার্চ এণ্ড ডেভেল’পমেণ্ট ফাউণ্ডেচন–এ প্রথম পর্যায়ত ১৩.৬২ হেক্টৰ আৰু পৰৱর্তী পর্যায়ত ১২.১৩ হেক্টৰ মুঠ ২৫.৭৫ হেক্টৰ বনভূমি ‘বন সংৰক্ষণ আইন–১৯৮০’ৰ অধীনত বাধ্যতামূলক অনুমতি অবিহনেই অবৈধভাৱে দখল কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷
প্রতিবেদনত চিইচিৰ তৰফৰ পৰা উল্লেখ কৰা মতে, মেঘালয় আৰু কেন্দ্রীয় চৰকাৰৰ বাৰম্বাৰ নির্দেশৰ পিছতো প্রয়োজনীয় অনুমতি সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা লাভত ব্যর্থ হৈছে ইউএছটিএম৷ উচ্চ শিক্ষা প্রতিষ্ঠানখনৰ নির্মাণকার্য চলা ৯৩ শতাংশ এলেকাই বনাঞ্চলৰ অন্তর্গত৷ ইতিমধ্যে ইয়াৰে ৮৩ শতাংশ এলেকা ব্যৱহাৰ কৰা হৈছে৷ অকল সেয়াই নহয়, চিইচিৰ এক গুৰুত্বপূর্ণ পর্যবেক্ষণ– ভূমি কটাৰ ফলত চৌপাশৰ পৰিৱেশ ব্যাপকভাৱে বিঘ্নিত হোৱাৰ লগতে স্পষ্ট হৈ পৰিছে নির্বিচাৰ ধ্বংসলীলা৷
এনে প্রেক্ষাপটত উচ্চতম ন্যায়ালয়ৰ উচ্চস্তৰীয় কমিটীখনে ইউএছটিএমৰ বিৰুদ্ধে শাস্তি প্রদানৰো প্রস্তাৱ আগবঢ়াইছে৷ ইয়াৰ ভিতৰত প্রধান হ’ল– বেদখলকৃত ভূমিৰ বিপৰীতে বর্তমানৰ মুঠ মূল্য (নেট প্রেজেণ্ট ভেল্যু) আৰোপ কৰা৷ যি মজলীয়া ঘন বনাঞ্চল মানক হাৰত ৫ স্থান হিচাপেও গণনা কৰাৰ লগতে উলংঘাৰ আৰম্ভণিৰে পৰা ১২ শতাংশ হিচাপত সুদ কার্যকৰী হ’ব৷ প্রথম পর্যায়ৰ (১৩.৬২ হেক্টৰ)ৰ ক্ষেত্রত ২০১৭ চনৰ ২০ জুনৰ পৰা ২০১৫ চনৰ ১৫ ছেপ্টেম্বৰলৈকে উলংঘাৰ সময়সীমা নির্দিষ্ট কৰি দিয়াৰ বিপৰীতে দ্বিতীয় পর্যায় (১২.১৩ হেক্টৰ)ৰ বাবে এই সময় স্থিৰ কৰি দিয়া হৈছে ২০১৯ চনৰ ১ এপ্রিলৰ পৰা৷
মন কৰিবলগীয়া যে চিইচিৰ প্রতিবেদনখনত পৰিৱেশনত শাস্তিৰ কেতবোৰ ভয়াৱহ ছবি পৰিস্ফুট হৈছে৷ উদাহৰণস্বৰূপে মজলীয়া ঘন জনাঞ্চল ৰূপে চিহ্ণিত হোৱাৰ পাছতো একমাত্র নির্মাণকার্যৰ বাবেই ব্যাপকভাৱে ধ্বংস কৰা হৈছে বনভূমি৷ পাহাৰ কটাৰ ফলত সেউজ আচ্ছাদন হ্রাস পোৱাৰ সমান্তৰালভাৱে পাৰিপার্শ্বিকতাৰ ওপৰত বিৰূপ প্রভাৱ পৰাৰ কথা অতি স্পষ্টভাৱে উল্লেখ কৰা হৈছে প্রতিবেদনখনত৷ প্রকৃতি ধ্বংসকাৰী এনে দুষ্কার্যৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ে ইউএছটিএম তথা ‘এডুকেচন ৰিছার্চ এণ্ড ডেভেল’পমেণ্ট ফাউণ্ডেচনৰ’ বিৰুদ্ধে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷
নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ১৯ ছেপ্টেম্বৰ