নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ অক্টোবৰৰ পৰা ১৪ দিনীয়াকৈ ঐতিহাসিক বিজনী লক্ষ্মী পূজা আৰু মেলা

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : ইতিহাসপ্ৰসিদ্ধ ৰজাদিনীয়া বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী পূজা এইবেলি ১৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি বিজনী চহৰৰ ঐতিহাসিক শ্ৰীশ্ৰী লক্ষী পূজা আৰু মেলাত এইবেলি নিশা ১২ বজালৈ মেলা অনুষ্ঠিত কৰিব বুলি পূজা কমিটীয়ে আজি এখন সংবাদ মেলযোগে জানিবলৈ দিয়ে।

পূজা কমিটীৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদ মেলত পূজা কমিটীৰ সভাপতি ধনঞ্জয় ৰায় আৰু কাৰ্যকৰী সভাপতি ভবেন বৰ্মনে এইবেলি বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী পূজা ৬ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ ১৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে মেলা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে। অৱশ্যে লক্ষ্মী মন্দিৰ প্ৰাংগণত স্থানীয় দোকান-পোহাৰ থকাৰ লগতে ১৪ দিনীয়া কাৰ্যসূচীত নাম-প্ৰসংগ চলি থাকিব বুলি সংবাদ মেলত ঘোষণা কৰে।

You might also like