নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ পৰা সুস্থ হৈ উঠা লোকক প্লাজমা দান কৰাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ যিসকল ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সুস্থ হৈ উঠাৰ পাছত প্লাজমা দান কৰিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এজনৰ প্লাজমাই বচাব পাৰে দুজন ৰোগীৰ জীৱন। ইতিমধ্যে বহুকেইজন লোকে দান কৰিছে প্লাজমা।

উল্লেখযোগ্য যে প্লাজমা দান কৰাৰ কোনো ধৰণৰ পাৰ্শ্চক্ৰিয়া নাই। ক’ৰোনা আক্ৰান্ত হৈ সুস্থ হৈ উঠা কোনো লোকে প্লাজমা দান কৰিব বিচাৰিলে 104ক ফোন কৰি যোগাযোগ কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। এই পদ্ধতিৰ দ্বাৰা স্বাস্থ্যকৰ্মীসকলৰ বহুখিনি সুবিধা হ’ব। ক’ৰোনাৰ লক্ষণ থকা ৰোগীয়েহে দান কৰিব পাৰিব প্লাজমা।

এই সন্দৰ্ভত ৰাজ্য চৰকাৰে বহুল ভাৱে প্ৰচাৰ আৰম্ভ কৰিব। ৰাষ্ট্ৰীয় পৰ্যায়তো বিজ্ঞাপনৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে।বহিঃৰাজ্যৰ লোকে প্লাজমা দান কৰিলে পাব ৰাজ্য়িক অতিথিৰ মৰ্যাদা। তেওঁলোকৰ সকলো ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে।

যিসকল লোকে প্লাজমা দান কৰিব তেওঁলোকক চৰকাৰীভাৱে বিশেষ সুবিধা প্ৰদান কৰা হ’ব। স্বাস্থ্য বিভাগৰ পৰাও দিয়া হ’ব এখনকৈ প্ৰমাণ পত্ৰ। সকলোধৰণৰ চৰকাৰী কামত অগ্ৰাধিকাৰ পাব প্লাজমাদান কৰা লোকসকলে। সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like