নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত কর্মৰত ভাৰতীয়ৰ ৱর্ক পার্মিট বাতিলৰ দাবী হাদিৰ সংগঠনৰ

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : বাংলাদেশৰ স্থানীয় সময় অনুসৰি দেওবাৰে নিশা প্রায় ১০ বজাত ঢাকাৰ শ্বাহবাগৰ ওচৰৰ ইনকিলাব মঞ্চৰ ‘সর্বাত্মক অৱৰোধ’ কার্যসূচীৰ পৰাই ৪ দফীয়া দাবীৰ কথা ঘোষণা কৰে সংগঠনটোৱে৷ দাবী পূৰণৰ বাবে দেশখনৰ অন্তর্ৱর্তীকালীন চৰকাৰক সময়ো বান্ধি দিছে হাদিৰ সংগঠনটোৱে৷ ওছমান হাদিৰ হত্যাকাৰী, পৰিকল্পনা আৰু সহায়কাৰীহঁতক গ্রেপ্তাৰ কৰাৰ উপৰি আৰু তিনিটা দাবী তুলিছে ইনকিলাব মঞ্চই৷

মঞ্চৰ তৰফৰ পৰা জনোৱা হৈছে যে তেওঁলোকৰ মূল দাবী হ’ল হাদিৰ হত্যাকাৰী আৰু হত্যাকাণ্ডৰ সৈতে পোনপটীয়া বা আওপকীয়াকৈ জড়িত আটাইকে বিচাৰৰ আওতালৈ আনিব লাগিব৷ তেওঁলোকৰ বাকী দাবী দুটা ভাৰত সম্পর্কীয়৷ সংগঠনটোৱে বাংলাদেশত কর্মৰত ভাৰতীয়সকলৰ কামৰ অনুমতি বা ৱর্ক পার্মিট বাতিলৰ দাবী তুলিছে৷ এইক্ষেত্রত সংগঠনটোৰ যুক্তি যে বাংলাদেশৰ স্বাধীনতা আৰু সার্বভৌমত্ব অটুট ৰখাৰ স্বার্থত এই পদক্ষেপ অত্যন্ত জৰুৰী৷

উল্লেখযোগ্য যে হাদিৰ মৃত্যুৰ পিছৰে পৰা দেশখনত যি ভাৰতবিৰোধী কার্যকলাপ আৰম্ভ হৈছে, সিয়ে ভাৰতৰ প্রতি এক বিশেষ বার্তা প্রেৰণ কৰিছে৷ এইক্ষেত্রত ভাৰতেও কঠোৰ স্থিতি গ্রহণ কৰিছে৷

You might also like