কামৰূপ জিলাৰ অন্তৰ্গত দদৰা পছৰীয়াস্থ এছিয়াৰ বৃহত্তম হাড়গিলাৰ আৱাসস্থলী সম্প্ৰতি বিলুপ্তিৰ পথত ৷ যাক লৈ দুশ্চিন্তাত পৰিছে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীসকল ৷ একাংশ ভূ-মাফিয়াৰ ছত্ৰছায়াত বণিক গোষ্ঠীয়ে জধে-মধে বনধ্বংসই নহয়, ওখ ওখ গছবোৰ কাটি তহিলং কৰাত বিলুপ্তপ্ৰায় হাড়গিলাৰ আৱাসথল ক্ৰমাৎ নোহোৱা হৈ আহিছে ৷
মন কৰিব লগা যে পূৰ্বতে উক্ত এলেকাৰ ভালেমান ঠাই খাল-বিল-জলাশয়েৰে পৰিপূৰ্ণ আছিল ৷ বণিকসকলে বাধাহীনভাৱে পাহাৰ কাটি ধ্বংসযজ্ঞৰে উক্ত খাল-বিল-জলাশয় পুতি উদ্যোগ গঢ়ি তুলিছে ৷ মলং পাহাৰ, মেকুৰী পাহাৰ আদি নিশ্চিহ্ন কৰি পেলাইছে ৷ ৰাইজে প্ৰতিবাদ কৰিলে চৰকাৰৰ আশিসপুষ্টৰ ইংগিত দিয়ে ৷ এনেবোৰ অপকৰ্ম দেখিও সংশ্লিষ্ট বন বিভাগৰ নিৰ্লিপ্ততাই কি সূচায় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷
উল্লেখ্য যে পূব বংশৰ আঞ্চলিক যুৱ সমাজে সভাপতি ভৱেশ ডেকাৰ নেতৃত্বত বিগত ২০১৬ চনৰ পৰা বৃহত্তৰ পছৰীয়া দদৰা অঞ্চলত প্ৰদূষণ আৰু অবৈধভাৱে পাহাৰ কটাৰ বিৰুদ্ধে স্থানীয় ছাত্ৰ সন্থাৰ লগত সন্মিলিত প্ৰচেষ্টাত চৰকাৰৰ ওচৰত এনে ভয়াৱহ কৰ্ম বন্ধ কৰাৰ বাবে দাবী জনাই আহিছিল ৷ এই ক্ষেত্ৰত চৰকাৰী ধন সু-ব্যৱহাৰ কৰি দুষ্প্ৰাপ্য হাড়গিলাৰ সুৰক্ষা আৰু সংবৰ্ধন তথা বংশবৃদ্ধি কৰাৰ ক্ষেত্ৰত কাম কৰিবলৈ দাবী জনাইছে স্থানীয় প্ৰকৃতিপ্ৰেমীসকলে ৷
বিশেষ বাৰ্তা, শুৱালকুছি, ২১ ডিচেম্বৰ :