নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং: মন্ত্ৰী অতুল বৰাৰ উস্ম আদৰণি

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: দেশৰ প্ৰতিৰক্ষা মন্ত্ৰনালয়ে চীন সীমান্তৰ সকলো স্পৰ্শকাতৰ অঞ্চলত তীক্ষ্ণ নজৰ ৰখাৰ লগতে সেনাক প্ৰতিটো ক্ষণ সস্তম কৰি ৰখাৰ উপৰিও সেনাৰ মানসিক স্থিতি অধিক সৱল কৰিবৰ বাবেই আজি তিনিদিনীয়া অসম-অৰুণাচল ভ্ৰমনসূচী লৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিয়লি বায়ু সেনাৰ বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ বায়ু সেনা ঘাটিত উপস্থিত হয়। ৰাজধানী দিল্লীৰ পৰা বায়ু সেনাৰ বিশেষ বিমানেৰে উৰা মাৰি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত বিয়লি ৪ বজাত অৱতৰণ কৰাৰ পাছত অসম চৰকাৰৰ হৈ কৃষি মন্ত্ৰী অতুল বৰাই ফুলাম গামোচাৰে উস্ম আদৰণি জনায় আৰু লগত সংগ দিয়ে স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে।

মোহনবাৰীৰ বিমান বন্দৰৰ পৰাই সেনাৰ বিশেষ হেলিকপ্টাৰৰ জৰিয়তে বিয়লি ৪:১০ বজাত দিনজানত থকা সেনাৰ চেকেণ্ড মাউনটেন্ট ডিভিজনলৈ ৰাওনা হয়। দিনজানৰ সেনাৰ চাউনীত উপস্থিত হৈ সন্ধ্যা জিঅচি’-৩ ক্ৰপচৰ সৈতে মত বিনিময় কৰাৰ উপৰিও বিভিন্ন সেনা বিষয়াৰ সতে গুৰুত্বপূৰ্ণ আলোচনাত অৰুণাচল প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত প্ৰতিৰক্ষা প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে দিবাং ভেলীৰ সদৰ আনিনীৰ পৰা কিছু নিলগতে আছে ৰঙা চীন সীমান্ত।ৰঙা চীনে অৰুনাচলৰ সীমান্তত বহু অবৈধ নিৰ্মান কাৰ্য চলাই থকাৰ লগতে অৰুনাচলৰ সাধাৰণ জনতাক বহুবাৰ ১৫ দিনৰ অধিক সময় বন্দী কৰি ৰখাৰ বাতৰিয়ে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বেচ চাঞ্চল্যৰ স্বৃষ্টি কৰিছিল।সাধাৰণ জনতাক সচকিত কৰি তোলাৰ সময়তে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ এনে ভ্ৰমন যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলিও বিবেচিত হৈছে।অৰুনাচলৰ দিবাং ভেলীত সেনাৰ বিষয়াৰ সৈতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লৈ আকাশমাৰ্গৰে চীন-ভাৰত সীমান্ত ভ্ৰমন কৰি পুৱা ১০:৪৫ বজাত হেলিকপ্টাৰৰে ডিব্ৰুগড়লৈ উভতি আহিব। দুপৰীয়া ১২:১৫ বজাত মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰি মোহনবাৰীৰ পৰাই দুপৰীয়া ১২:৩০ বজাত তেজপুৰলৈ বিশেষ বিমানেৰে ৰাওনা হ’ব। তেজপুৰত উপস্থিত হৈ তাৰ পৰা সেনাৰ বিমানেৰে ৩০ চেপ্তেম্বৰত অৰুনাচলৰ কামেং জিলালৈ ৰাওনা হৈ বমডিলা আৰু টাৱাং পথত থকা নিৰ্মীয়মান চেলা টানেল পুৱা ১০ বজাত পৰিদৰ্শন কৰিব।

You might also like