দিল্লী বিস্ফোৰণ-ক লৈ উচটনিমূলক পোষ্ট : অসমত গ্ৰেপ্তাৰ ৫
অসম আৰক্ষীয়ে জানিবলৈ দিছে যে সামাজিক মাধ্যমৰ জৰিয়তে ঘৃণা, বিভাজনমূলক ভাবধাৰা বা সন্ত্ৰাসবাদক উৎসাহিত কৰা যিকোনো কাৰ্যত জড়িত ব্যক্তি বা গোটৰ বিৰুদ্ধে কঠোৰ আৰু তৎপৰতাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব
শেহতীয়াকৈ সংঘটিত দিল্লী বিস্ফোৰণ ৰ ঘটনাৰ পটভূমিত অসম আৰক্ষীয়ে অনলাইন মাধ্যমত আপত্তিজনক আৰু উচটনিমূলক বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকল হ’ল ক্ৰমে মতিউৰ ৰহমান (দৰং), হাছান আলী মণ্ডল (গোৱালপাৰা), আব্দুল লতিফ (চিৰাং), ৱাজহুল কামাল (কামৰূপ) আৰু নূৰ আমিন আহমেদ (বঙাইগাঁও)।
অসম আৰক্ষীয়ে জানিবলৈ দিছে যে সামাজিক মাধ্যমৰ জৰিয়তে ঘৃণা, বিভাজনমূলক ভাবধাৰা বা সন্ত্ৰাসবাদক উৎসাহিত কৰা যিকোনো কাৰ্যত জড়িত ব্যক্তি বা গোটৰ বিৰুদ্ধে কঠোৰ আৰু তৎপৰতাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আৰক্ষীয়ে লগতে জনতাক আহ্বান জনাইছে যাতে সামাজিক মাধ্যমত কোনো তথ্য বা উচটনিমূলক বিষয় শ্বেয়াৰ নকৰিব, কাৰণ এনে কামে সমাজত বিভেদ আৰু অশান্তি সৃষ্টি কৰে।
ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ