হাত দাঙিলে অভিযন্তা-ই! ডবকাত উৎকোচ লৈ ভিজিলেঞ্চৰ জালত জহুৰ উদ্দিন
বিভিন্ন আঁচনিত দুৰ্নীতি হোৱা সন্দৰ্ভত ইতিমধ্যে ডবকাৰ কেইবাজন ব্যক্তিয়ে অভিযোগ দিছিল মুখ্যমন্ত্ৰীক
পুনৰ হাত দাঙিলে চৰকাৰী অভিযন্তাই। এইবাৰ ৭ হাজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিল বিন্নাকান্দি উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা জহুৰ উদ্দিন চৌধুৰী।
এম জি এনৰেগা আঁচনিৰ বিল মোকলাই দিয়াৰ নামত উৎকোচ লৈ ধৰা পৰে জহুৰ উদ্দিন চৌধুৰী! মাত্ৰ কিছুদিন পূৰ্বে জহুৰ উদ্দিন চৌধুৰীয়ে যোগদান কৰিছিল বিন্নাকান্দি উন্নয়ন খণ্ডত।
উল্লেখ্য যে বিন্নাকান্দি উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া! বিভিন্ন আঁচনিত দুৰ্নীতি হোৱা সন্দৰ্ভত ইতিমধ্যে ডবকাৰ কেইবাজন ব্যক্তিয়ে অভিযোগ দিছিল মুখ্যমন্ত্ৰীক।
সমান্তৰালকৈ যোগাযোগ কৰিছিল দুৰ্নীতি নিবাৰক শাখাৰ সৈতে। আজি উন্নয়ন খণ্ডটোত অভিযান চলাই হাতে লোটে ধৰা পেলায় অভিযন্তা জহুৰ উদ্দিনক। জেৰা চলোৱাৰ অন্তত জহুৰ উদ্দিনক চৌধুৰীক লৈ যায় গুৱাহাটীলৈ।
ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ