নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰত শূন্যলৈ ৪১ জাঁই গুলীচালনাঃ চিআৰপিএফৰ ফ্লেগমার্চ

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ দিনৰ ভাগত ঠায়ে ঠায়ে দুই–এটা বিক্ষিপ্ত ঘটনাক বাদ দি আজি তৃতীয় পর্যায়ৰ নির্বাচন শান্তিপূর্ণভাৱে    সম্পন্ন হ’লেও নিশাৰ ভাগত প্রধানতঃ ই ভি এমক কেন্দ্র কৰি কেতবোৰ সমষ্টিত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে৷ বিশেষকৈ পশ্চিম গুৱাহাটী সমষ্টিৰ ধাৰাপুৰৰ মজলীত এনে ধৰণৰ উত্তেজনা প্রশমিত কৰাৰ বাবে নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ ৪১ জাঁই গুলীবর্ষণ কৰিবলগীয়া হোৱাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয়৷ অকল শূন্যলৈ গুলীবর্ষণ কৰাই নহয়, নিশা চি আৰ পি এফে অঞ্চলটোত ফ্লেগমার্চো কৰে৷ সেইদৰে ই ভি এম মেচিন ছীল নকৰাক কেন্দ্র কৰি বৰক্ষেত্রী সমষ্টিৰ কাপলাবড়িতো উত্তেজনাৰ উদ্ভৱ ঘটে৷ আনকি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ লাঠীচার্জ কৰাৰ বিপৰীতে ক্ষুব্ধ একাংশ কংগ্রেছ কর্মীয়ে শিলাবর্ষণ কৰে৷ সেইদৰে কোকৰাঝাৰ পূব বিধানসভা সমষ্টিতো নিশা একাংশ বি পি এফ আৰু ইউ পি পি এল সমর্থক মুকলি সংঘাতত লিপ্ত হয়৷ এই ঘটনাত তিনিজনকৈ বি পি এফৰ সমর্থক আহত হোৱা বুলি জানিব পৰা গৈছে৷ ইফালে, ভোটগ্রহণ চলি থকাৰ মাজতে বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব আৰু গোলকগঞ্জৰ এটাকৈ ভোটকেন্দ্রত মাস্কক লৈ দুষ্টচক্রই বিয়পোৱা উৰাবাতৰিৰ বাবে বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে লাঠীচালনা, শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়৷ সেইদৰে বৰক্ষেত্রী আৰু বৰমাত অতিৰিক্ত ই ভি এম উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ বঙাইগাঁও সমষ্টিতো এটা ভোটকেন্দ্রত অর্ধসামৰিক বাহিনীৰ লাঠীচালনাৰ ঘটনা সংঘটিত হয়৷ অভয়াপুৰী দক্ষিণ সমষ্টিতো এটা ভোটকেন্দ্রত প্রিজাইডিং বিষয়াই কংগ্রেছক ভোট দিবলৈ কোৱাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷
ধাৰাপুৰত শূন্যলৈ গুলী–চিআৰপিএফৰ ফ্লেগমার্চ
পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তর্গত ধাৰাপুৰৰ মজলীত ভোটগ্রহণ পর্ব সম্পন্ন হোৱাৰ পাছতে তীব্র উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়৷ প্রধানতঃ ই ভি এমক কেন্দ্র কৰি সৃষ্টি হোৱা এই উত্তেজনাপূর্ণ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ ৪১ জাঁই গুলীচালনা কৰিব লগা হোৱাৰ বিপৰীতে নিশাৰ ভাগত চি আৰ পি এফে ফ্লেগমার্চ কৰে৷ প্রাপ্ত বাতৰি অনুসৰি নির্ধাৰিত সময় সন্ধিয়া ৬ বজাত ভোটগ্রহণ পর্ব সম্পন্ন হোৱাৰ পাছত মজলীৰ ৯২নং ভোটগ্রহণ কেন্দ্রটোৰ পৰা প্রশাসনে দিয়া বাহনেৰে ই ভি এম নিয়াৰ যো–জা চলোৱা হৈছিল৷ সেই সময়তে সন্ধিয়া প্রায় ৭ বজাত ভোটগ্রহণ কেন্দ্রটোত এ এছ–০১ বি চি–৬০৩৫ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনেৰে উপস্থিত হয় ছেক্টৰ বিষয়াজন৷ ছেক্টৰ বিষয়াজনে ভোটগ্রহণ কেন্দ্রটোলৈ সোমাই যোৱাৰ সময়তে বাহনখনৰ চালকে ডিকি খুলি দিয়াত উপস্থিত একাংশ ভোটাৰে দুটাকৈ ই ভি এম প্রত্যক্ষ কৰে৷ এই ই ভি এম দুটা ক’ৰ পৰা আহিল, তাক লৈ ভোটাৰসকলে প্রশ্ণৰ অৱতাৰণা কৰা বিষয়টোৱে এটা সময়ত উত্তেজনাপূর্ণ পৰিস্থিতিৰ ৰূপ লয়৷ তাৰ মাজতে একাংশই ছেক্টৰ বিষয়াজনৰ বাহনখনত আক্রমণ কৰে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে প্রয়োজন সাপেক্ষ ব্যৱস্থা গ্রহণ কৰে যদিও উত্তেজনা প্রশমিত নোহোৱাত এটা সময়ত ৪১ জাঁইকৈ গুলীচালনা কৰিবলগীয়া হয়৷ ইয়াৰ পাছতো পৰিস্থিতি নিয়ন্ত্রণলৈ নহাত চি আৰ পি এফে অঞ্চলটোত ফ্লেগমার্চ কৰে৷ ইফালে, ষ্ট্রং ৰুম স্থাপন কৰা মণিৰাম দেৱান ট্রেড চেণ্টাৰত নিশা এখন গাড়ীৰ ভিতৰত দুটাকৈ ই ভি এম উদ্ধাৰক কেন্দ্র কৰিও তীব্র উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়৷
কোকৰাঝাৰত নিশা বিক্ষিপ্ত হিংসা
কোকৰাঝাৰ পূব বিধানসভা সমষ্টিত কেতবোৰ অঞ্চলত আজি ভোটগ্রহণৰ দিনা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ ফলত বি পি এফ আৰু ইউ পি পি এল সমর্থকৰ আক্রমণ–প্রত্যাক্রম তিনিজন বি পি এফৰ সমর্থক আহত হোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰে দুজনক কোকৰাঝাৰ চহৰৰ এম আৰ এম নার্ছিং হোমত চিকিৎসাধীন কৰাৰ বিপৰীতে সংকটজনক এজনক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰৰ বাহিৰলৈ প্রেৰণ কৰা হৈছে৷ ঘটনাটো সংঘটিত হয় কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ অন্তর্গত ঝাৰবাৰীত৷ আনপিনে কোকৰাঝাৰ চহৰৰ বেসৌৰগাঁৱত আজি নিশা ৯.৩০ বজাত দুর্বৃত্তৰ দলে ইউ পি পি এল সমর্থকৰ ইন’ভা বাহন এখন ভাঙি চূৰমাৰ কৰা বুলি বাতৰি পোৱা গৈছে৷ ঘটনাক লৈ অৱশ্যে ৰাইজে আক্রমণকাৰী দলটোৱে ব্যৱহাৰ কৰা এখন উইংগাৰ জব্দ কৰাৰ লগতে দুজনক আটক কৰি কোকৰাঝাৰ আৰক্ষীক চমজাই দিয়ে৷
ইভিএম ছীল নকৰাক লৈ বৰক্ষেত্রীৰ কাপলাবডীত উত্তেজনা
তৃতীয় পর্যায়ৰ ভোটগ্রহণ প্রক্রিয়া শেষ হোৱাৰ পাছতে ই ভি এমক লৈ নিশা নলবাৰীৰ ৬০নং বৰক্ষেত্রী বিধানসভা সমষ্টিৰ কাপলাবডীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি৷ অভিযোগ অনুসৰি বৰক্ষেত্রীৰ উত্তৰ প্রান্তৰ কোনো এটা ভোটকেন্দ্রৰ পৰা ই ভি এম ছীল নকৰাকৈয়ে লৈ আনে ভোটকেন্দ্রটোৰ দায়িত্বত থকা নির্বাচনী বিষয়াৰ দলটোৱে৷ নির্বাচনী বিষয়াৰ দলটোক কাপলাবডীত একাংশ কংগ্রেছ কর্মীয়ে আবদ্ধ কৰে৷ তাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় যদিও পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ পৰৱর্তী সময়ত ঘটনাস্থলীত নলবাৰী আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্রণৰ বাবে লাঠীচালনা কৰে৷ লাঠীচালনাত কংগ্রেছ কর্মী অধিক ক্ষুব্ধ হৈ আৰক্ষীলৈ শিলাবর্ষণ কৰে৷ প্রায় এঘণ্টা ধৰি অঞ্চলটো উত্তেজনাই বিৰাজ কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ আৰক্ষীৰ লাঠীচালনাত কেইবাজনো কংগ্রেছ কর্মী গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে কংগ্রেছ কর্মীৰ শিলাবর্ষণত কেইবাজনো আৰক্ষী আহত হয়৷
গোলকগঞ্জৰ দীঘলটাৰীত মাস্কক লৈ উৰাবাতৰিঃ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে শূন্যলৈ গুলীচালনা নিৰাপত্তাৰক্ষীৰ
গোলকগঞ্জ সমষ্টিৰ দীঘলটাৰী হাইমাদ্রাছাৰ চৌহদত ২০৮নং প্রাথমিক বিদ্যালয় তথা ৮০ আৰু ৮১নং দুটা ভোটকেন্দ্রত মাস্কক লৈ প্রচাৰিত এক উৰাবাতৰিত তীব্র উত্তেজনা সৃষ্টি হয়৷ ফলত প্রায় এঘণ্টা ধৰি ভোটগ্রহণ প্রক্রিয়া ব্যাহত হয়৷ চৰকাৰে যোগান ধৰা মাস্ক পিন্ধি ভোট দিলে ভোটাৰে য’তেই ভোট নিদিয়ক কিয়, সেই ভোট এটা বিশেষ ৰাজনৈতিক দলত পৰিব বুলি কোনো এক দুষ্টচক্রই উৰাবাতৰি বিয়পাই দিয়ে৷ দুষ্টচক্রটোৰ প্রচাৰ অনুসৰি মাস্কখনত থকা তামৰ গুণাই ব্লুটুথৰ দৰে কাম কৰি তেওঁলোকৰ ভোট নির্দিষ্ট ৰাজনৈতিক দলটোত পৰাৰ ব্যৱস্থা কৰিছে বুলি ৰাইজক পতিয়ন নিওৱাৰ অপচেষ্টা কৰে৷ ইয়াকে লৈ ভোটকেন্দ্রটোত উত্তেজনা তীব্রতৰ হোৱাত নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফে ৰাইজক নিয়ন্ত্রণ কৰিবলৈ লাঠীচালনা কৰে৷ বি এছ এফৰ প্রহাৰত আব্দুল গোফাৰ, হাছান সৰকাৰ, জীৱন নাহাৰ আৰু শ্বাহনাজ পাৰবিন নামৰ চাৰিগৰাকী লোক আহত হয়৷ বি এছ এফৰ লাঠীচালনাত ৰাইজ অধিক উত্তেজিত হৈ তপন আইচকে ধৰি দুগৰাকী বি এছ এফ জোৱানক প্রহাৰ কৰি আহত কৰে৷ উপায়হীন হৈ বি এছ এফ জোৱানে শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ পাছত ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্র ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে৷
মাস্কক লৈ বিলাসীপাৰা পশ্চিম–বিলাসীপাৰা পূব সমষ্টিৰ দুটাকৈ ভোটকেন্দ্রত হিংসাত্মক ঘটনা
বিলাসীপাৰা পশ্চিম সমষ্টিৰ ২২৩৪নং গুটিপাৰা প্রাথমিক বিদ্যালয় ভোটকেন্দ্রত আজি বিনামূলীয়া মাস্কক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ উত্তেজিত একাংশ জনতাই ভোটকেন্দ্রটোৰ লগতে নিৰাপত্তাৰক্ষীলৈ শিল নিক্ষেপ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ পাছত ধুবুৰীৰ আৰক্ষী অধীক্ষক ভোটকেন্দ্রটোত উপস্থিত হৈ উত্তেজনা সৃষ্টি কৰাৰ অপৰাধত কেইবাজনো লোকক প্রহাৰ কৰাৰ লগতে চাৰিজন যুৱকক আটক কৰে৷ এই উত্তেজনাৰ বাবে ভোটকেন্দ্রটোত প্রায় আধা ঘণ্টা সময় ভোটদান প্রক্রিয়া বন্ধ হৈ পৰে৷ উল্লেখ্য যে এইবাৰ নির্বাচনত ক’ভিড প্রট’কল অনুসৰি সামাজিক দূৰত্ব মনাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰি ভোটাৰৰ শৰীৰৰ উষ্ণতা জুখি হেণ্ড গ্ল’ভছ, মাস্ক আদি বিতৰণ কৰে৷ বিনামূলীয়াকৈ বিতৰণ কৰা মাস্কক লৈ একাংশই উৰাবাতৰি প্রচাৰ কৰে৷ মাস্কৰ ভিতৰত থকা তামৰ গুণাক লৈ একাংশই সেই গুণা টুকুৰাই ভোটাৰে নিজ পছন্দৰ প্রার্থীক ভোট প্রদান কৰিলেও এটা বিশেষ ৰাজনৈতিক প্রার্থীৰ নামত ভোট পৰিব বুলি উৰাবাতৰি বিয়পাই দিয়ে৷ ইয়াকে কেন্দ্র কৰি ভোটকেন্দ্রটোত একাংশই উত্তেজনা সৃষ্টি কৰাৰ লগতে হিংসাত্মক কার্যত লিপ্ত হয়৷ বিলাসীপাৰা পূব সমষ্টিৰ কৈমাৰীতো অনুৰূপ ঘটনা সংঘটিত হয়৷ সেই কেন্দ্রটোতো হোৱা নির্বাচনী হিংসাত বিজেপিৰ বুথ কমিটীৰ সভাপতি আলিউল ইছলাম গুৰুতৰভাৱে আহত হয়৷ মাস্কক লৈ চলা অপপ্রচাৰৰ বাবে একাংশ এ আই ইউ ডি এফৰ সমর্থকে বিজেপিৰ বুথ সভাপতিগৰাকীক আক্রমণ কৰে৷
সৰভোগৰ নিচুকাত ছেক্টৰ বিষয়াক প্রহাৰঃ কালাপানীৰ উত্তৰ গোৱর্ধনা
ভোটকেন্দ্রত উত্তেজনা, ইভিএম কঢ়িওৱা বাহনত শিল নিক্ষেপ, আৰক্ষীৰ লাঠীচালনা
সৰভোগ বিধানসভা সমষ্টিৰ কালাপানীৰ উত্তৰ গোৱর্ধনা হাইস্কুল ভোটগ্রহণ কেন্দ্রত সন্ধিয়াৰ ভাগত ৭০ শতাংশ ভোটদান হোৱা ই ভি এম এটাত হঠাৎ বিসংগতিয়ে দেখা দিয়ে৷ ভোটকেন্দ্রটোৰ প্রিজাইডিং বিষয়াই এই বিষয়ে ছেক্টৰ বিষয়াক অৱগত কৰে৷ ইয়াৰ পাছতেই ছেক্টৰ বিষয়াগৰাকীৰ বাহনত দুটাকৈ ই ভি এম প্রত্যক্ষ কৰি একাংশ ৰাইজৰ মাজত সন্দেহ হয় আৰু ছেক্টৰ বিষয়াগৰাকীক আবদ্ধ কৰে৷ সন্ধিয়াৰ ভাগত ৰাইজৰ উগ্রমূর্তি দেখি ভোটকেন্দ্রটোত অর্ধসামৰিক বাহিনী মোতায়েন কৰাৰ লগতে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যসহ আৰক্ষীৰ দল উপস্থিত হয়৷ আৰক্ষী বিষয়াগৰাকীয়ে পৰিস্থিতি কিছু শান্ত কৰি ই ভি এমসহ বিষয়া–কর্মচাৰীসক আৰক্ষী চকীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে যদিও একাংশ উত্তেজিত ৰাইজে ই ভি এম কঢ়িওৱা বাহনত শিল নিক্ষেপ কৰে৷ ইয়াৰ পাছতে আৰক্ষী–র্ধসামৰিক বাহিনীৰ লোকে লাঠীচালনা কৰিবলৈ বাধ্য হয়৷ এই লাঠীচালনাত ৱেব প’র্টেলৰ এগৰাকী সাংবাদিক আহত হোৱা বুলি জানিব পৰা গৈছে৷ শালবাৰীৰ পালচিগুৰি লাহৰীপাৰাতো একেই পৰিস্থিতি সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে৷ ছেক্টৰ বিষয়াগৰাকীৰ বাহনত ই ভি এম প্রত্যক্ষ কৰি একাংশ লোকে উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰে৷ ইপিনে দিনৰ ভাগত নিচুকাৰ ভোটগ্রহণ কেন্দ্রত আজি একাংশ লোকৰ প্রহাৰত ছেক্টৰ বিষয়া ইছমাইল হুছেইন গুৰুতৰভাৱে আহত হয়৷ সমষ্টিটোৰ ২১০নং নিচুকা এম ই স্কুলৰ ভোটকেন্দ্রত ভোটদান প্রক্রিয়া চলি থকাৰ মাজতে একাংশ লোকে ছেক্টৰ বিষয়াগৰাকীক প্রহাৰ কৰে৷ পাছত আৰক্ষীয়ে ছেক্টৰ বিষয়াগৰাকীক ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি হাস্পতাললৈ প্রেৰণ কৰে৷
বৰমাত ইভিএম কঢ়িয়াই ফুৰা বাহন আবদ্ধ
বৰমা সমষ্টিৰ বাস্কা বুনিয়াদী প্রাথমিক বিদ্যালয়ৰ ৪৬ আৰু ৪৭নং ভোটকেন্দ্র দুটাৰ দায়িত্বত থকা ছেক্টৰ বিষয়াগৰাকীয়ে আৰক্ষী–নিৰাপত্তাৰক্ষ্ অবিহনে নিজৰ গাড়ীত ই ভি এম এটা লৈ ফুৰাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ ৰাইজে ছেক্টৰ বিষয়াগৰাকীক বিভিন্ন প্রশ্ণ কৰি এঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰাখে৷ ৰাইজৰ সন্দেহ ই ভি এম সলনি কৰিবলৈ ছেক্টৰ বিষয়াগৰাকীয়ে তেনেদৰে ই ভি এম কঢ়িয়াই ফুৰিছে৷ পাছত ঘটনাস্থলীত বাগানপাৰা চক্র বিষয়াগৰাকী আৰক্ষীসহ উপস্থিত হৈ ছেক্টৰ বিষয়াগৰাকীক উদ্ধাৰ কৰে৷ আনহাতে, ছেক্টৰ বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, ভোটকেন্দ্রত ই ভি এম বিজুতি হ’লে তাৎক্ষণিকভাৱে দিবৰ বাবেহে তেওঁ ই ভি এম লগত লৈ ফুৰিছে৷
বৰক্ষেত্রীৰ বনপুৰা, বর্ণিবাৰীত ইভিএমক লৈ উত্তেজনাঃ আৰক্ষীৰ লাঠীচালনা, আহত ৪
বৰক্ষেত্রী সমষ্টিৰ বনপুৰা প্রাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রৰ লগতে বর্ণিবাৰী প্রাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রত অতিৰিক্ত ই ভি এমক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ প্রশাসনৰ লোকে দুপৰীয়াৰ ভাগত এখন বাহনত ই ভি এম কঢ়িয়াই লৈ ফুৰাক লৈ আৰক্ষী আৰু ৰাইজৰ মাজত তর্কৰ সূত্রপাত হয়৷ ৰাইজে কোনোপধ্যে কেন্দ্রটোত ই ভি এম নিবলৈ নিদিয়ে বুলি কোৱাত পৰিস্থিতি ইমানেই উত্তপ্ত হয় যে আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়৷ সেইদৰে সন্ধিয়াৰ ভাগত বর্ণিবাৰী এল পি স্কুলত থকা ৬৪,৬৫,৬৭নং ভোটগ্রহণ কেন্দ্রটোৰ সন্মুখতো জিলা প্রশাসনে ই ভি এম অনা দেখি স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে৷ ইয়াতো ৰাইজৰ সৈতে আৰক্ষী–নিৰাপত্তাৰক্ষ্ তর্কযুদ্ধ চলে৷ সমষ্টিটোত হোৱা এই ঘটনাত চাৰিজন লোক আহত হয়৷
বঙাইগাঁৱত ভোটগ্রহণ কেন্দ্রত উত্তেজনা- অর্ধসামৰিক বাহিনীৰ লাঠীচালনা, আহত ৬
বঙাইগাঁও বিধানসভা সমষ্টিৰ ৬১৯নং পশ্চিম ভদ্রাগাঁও প্রাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রত চাইকেল চলাই অহা আৰু শাৰী পতাক লৈ অর্ধসামৰিক বাহিনীৰে বিবাদ সৃষ্টি হয়৷ এটা সময়ত অর্ধসামৰিক বাহিনীৰ দলটোৱে ভোটাৰ ৰাইজক লাঠীচালনা কৰে৷ প্রতিক্রিয়া হিচাপে একাংশ ভোটাৰে অর্ধসামৰিক বাহিনীৰ ওপৰত আক্রমণ কৰে৷ এই ঘটনাত কাজিমুদ্দিন শ্বেখ, ৰছুল হক, য়াকুব আলী শ্বেখ, আনোৱাৰ হুছেইন মণ্ডল, নিতাই সূত্রধৰ নামৰ পাঁচজন লোক আহত হোৱাৰ লগতে চি আৰ পি এফৰ এজন জোৱানো আহত হয়৷ এই উত্তপ্ত পৰিস্থিতিৰ বাবে কেন্দ্রটোত কিছু সময়ৰ বাবে ভোটগ্রহণ বন্ধ হৈ পৰে৷ পাছত ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালসহ জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷
অভয়াপুৰী দক্ষিণত প্রিজাইডিং বিষয়াই কংগ্রেছক ভোট দিবলৈ কোৱাক লৈ উত্তপ্ত পৰিস্থিতি
অভয়াপুৰী দক্ষিণ সমষ্টিৰ নসত্র–বাঘেখাইতী প্রাথমিক বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্রটোত প্রিজাইডিং বিষয়াগৰাকীয়ে একাংশ ভোটাৰক কংগ্রেছক ভোট দিবলৈ কোৱাৰ অভিযোগ তোলে স্থানীয় পঞ্চায়ত সদস্য এগৰাকীয়ে৷ ইয়াকে লৈ ভোটকেন্দ্রটোত কিছু উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ অৱশ্যে পৰৱর্তী পর্যায়ত প্রশাসনে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ উল্লেখ্য যে অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিণ সমষ্টিত আজি অনুষ্ঠিত ভোটদান প্রক্রিয়াত দুই–এটা বিজুতিৰ বাহিৰে ভোটদান প্রক্রিয়া সম্পূর্ণ শান্তিপূর্ণ আছিল৷ অভয়াপুৰী দক্ষিণ সমষ্টিৰ ১১৬নং কুঠিপাৰা প্রাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রত ই ভি এম বিকল হোৱাত পুৱাৰ ভাগত কেন্দ্রটোত কিছু উত্তেজনা সৃষ্টি হয় যদিও প্রশাসনে ই ভি এম মেৰামতি কৰি পাছত ভোটগ্রহণ সম্পন্ন কৰে৷ একেদৰে অভয়াপুৰীৰ শিৱপুৰ এম ই স্কুল ভোটকেন্দ্রৰ সমীপতে থকা চাহ দোকানত চাহ খুৱাই ভোটাৰক প্রলোভিত কৰাৰ অভিযোগক লৈ হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি হয়৷ অৱশ্যে প্রশাসনে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷
বিজনীৰ বিষ্ণুপুৰত ইউপিপিএলৰ কার্যালয়ত আক্রমণ
বিজনী বিধানসভা সমষ্টিৰ ২নং বিষ্ণুপুৰত আজি পুৱতিনিশা অচিনাক্ত দুর্বৃত্তই ইউপিপিএলৰ এটা নির্বাচনী কার্যালয়ত আক্রমণ চলাই কার্যালয়টোৰ ক্ষতিসাধন কৰে৷ ২নং বিষ্ণুপুৰৰ মূল পথৰ দাঁতিত অৱস্থিত কার্যালয়টোত নিশা কোনো নথকাৰ সুযোগ গ্রহণ কৰি দুর্বৃত্তই কার্যালয়টোৰ পৰা বেনাৰ, অস্থায়ী গৃহৰ কাপোৰ আদি ছিঙি পেলোৱাৰ লগতে চকী–মেজ আদিৰো ক্ষতিসাধন কৰে৷ এই ঘটনাই অঞ্চলজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like