নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৌ ম’হখুঁটিত তিনি কিশোৰৰ সলিল সমাধি

দিৰৈ নৈত সাঁতুৰিবলৈ গৈ উটি গ’ল প্রবল সোঁতত

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ ডিমৌৰ কাষৰীয়া ম’হখুঁটি চুমনিবস্তি অঞ্চলত আজি দিৰৈ নদীত সাঁতুৰিবলৈ গৈ তিনি কিশোৰৰ সলিল সমাধি হোৱা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মৃত কিশোৰকেইটা হৈছে চুমনিবস্তি নিৱাসী কুসু বাউৰীৰ পুত্র দীপ বাউৰী (১২), কর্ণ ভূঞাৰ পুত্র আকাশ ভূঞা (১২), আনটি শিশু ডিব্রুগডৰ জিণ্টু কর্মকাৰ (১০)৷ ঘটনাৰ বিৱৰণী অনুসৰি তিনি শিশুৱে আজি দুপৰীয়া কাষতে থকা দিৰৈ নদীত সাঁতুৰিবলৈ গৈছিল৷ সাঁতুৰি থকাৰ সময়তে দিৰৈ নদীৰ প্রবল সোঁতত উটি যায় আৰু পিছত পানীত ডুব যায়৷ বিয়লি দিৰৈ নদীত মাছ মাৰিবলৈ অহা এজন মাছমৰীয়াই দিৰৈ নদীত এটি শিশুৰ মৃতদেহ উপঙি থকা প্রত্যক্ষ কৰে আৰু স্থানীয় ৰাইজক খবৰ দিয়ে৷ স্থানীয় ৰাইজ দিৰৈ নদীত উপস্থিত হৈ শিশুটিক চিনাক্ত কৰাৰ পিছতহে গাঁওখনত হুৱাদুৱা লাগে৷ বাতৰি লিখাৰ সময়লৈকে এটি শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও আন দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই৷ গাঁৱৰ ৰাইজে শিশু দুটাৰ মৃতদেহ বিচাৰি নদীখনত অভিযান অব্যাহত ৰাখিছে৷ ঘটনা সন্দর্ভত ডিমৌ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷ তিনি শিশুৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ বন্যা বৈছে৷

You might also like