নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ক’ভিড আতংক 

অসমৰ অকল নির্বাচনী পৰিৱেশতেই নহয়, প্রায় সকলো ঠাইতেই মানুহৰ যি ধৰণৰ সমাগম হৈছে, মাস্ক পিন্ধা অভ্যাস আৰু সামাজিক ব্যৱধান ৰক্ষা কৰাৰ মানসিকতাক জলাঞ্জলি দিছে, সেই কথাবোৰলৈ চাই সহজেই পতিয়ন যাব পাৰি যে অসমক এতিয়ালৈকে ক’ৰোনাই আক্রমণ কৰা নাই৷ কিন্তু বিশেষকৈ চৰকাৰৰ বিৰোধী মহলত আলোচনা হৈ থকা আৰু সামাজিক মাধ্যমযোগে প্রচাৰ হৈ থকা কথাটো হ’ল যে চৰকাৰে নির্বাচনৰ বাবে ক’ভিড সংক্রান্তীয় নীতি–নিয়মবোৰ শিথিল কৰি দিছে৷ এই কথাটোৰ সত্যতা থকা হ’লে চৰকাৰৰ বিৰোধী পক্ষই অন্ততঃ ক’ভিড বিধি মানি সেই কথাটোৰে ভোটাৰসকলৰ মাজত চৰকাৰবিৰোধী প্রচাৰ চলোৱাৰ প্রচুৰ সম্ভাৱনা আছিল৷ কিন্তু কোনেও সেইটো কৰা নাই৷ প্রত্যেকেই সমানেই ক’ৰোনাহীন অৱস্থাৰ পৰিৱেশকেই উপভোগ কৰিছে৷ অকল নির্বাচনী পৰিৱেশে সামৰি লোৱা মানুহেই নহয়, নির্বাচনৰ পৰা ভালেখিনি দূৰৈত থকা ৰাইজেও ক’ভিড বিধি মানি চলা নাই৷ ৰাজনৈতিক নেতাৰ কাৰচাজি বুলি ক’ব বিচাৰিলেও মানুহে নিজৰ স্বাস্থ্যক লৈ কোনেও সহজে ভোল যোৱাৰ কথা নাই৷ তদুপৰি কেইমাহমান আগতে অসমত ক’ভিড নিয়ন্ত্রণৰ বাবে চৰকাৰে যি অমানুষিক কষ্ট কৰিছিল আৰু ক’ভিড নিয়ন্ত্রণত ভাৰতৰ ভিতৰতে প্রথম ঠাই লাভ কৰিছিল, সেই কথা মনত ৰাখি সাধাৰণ লোকে চৰকাৰৰ কথাকে বিশ্বাস কৰিছিল৷ স্বাস্থ্যমন্ত্রীয়ে অসমত ক’ভিড নাই আৰু সেইবাবে মাস্কৰো প্রয়োজন নাই বুলি কোৱা কথাখিনিকো ৰাইজে সৰল বিশ্বাসেৰেই গ্রহণ কৰিছিল৷ মন্ত্রীগৰাকী আৰু বিৰোধীকে ধৰি আন ৰাজনৈতিক নেতাসকলেও কোনোধৰণৰ ক’ভিড প্রট’কল মনা নাছিল বাবেই ক’ভিডৰ অনুপস্থিতিৰ কথাটোৰ গ্রহণযোগ্যতা বাঢ়ি গৈছিল৷ কিন্তু হঠাতে ভাৰতত ক’ভিড আক্রান্তৰ সংখ্যা বাঢ়ি যোৱা আৰু প্রধানমন্ত্রীয়ে ইয়াৰ বাবে জৰুৰী সভা আহ্বান কৰা কথাটোৱে মানুহক চিন্তিত কৰি তুলিছে৷ এইখিনিতে এটা কথা চাব লাগিব যে প্রধানমন্ত্রীয়ে কিন্তু অসম প্রসংগত একো মন্তব্য কৰা নাই৷

ক’ভিড যুদ্ধ পূর্ণ পর্যায়ত চলি থাকোঁতে অসমৰ স্বাস্থ্যমন্ত্রীগৰাকীয়্ নিজৰ ৰক্ষণাবেক্ষণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিহে যুদ্ধভূমিত নামি পৰাটো সকলোৰে চকুত পৰিছিল৷ কিন্তু নির্বাচনৰ সময়ত তেওঁক সম্পূূর্ণ মুকলিভাৱে ৰাইজৰ মাজত ঘূৰি ফুৰা দেখা গৈছে৷ এই উদাহৰণেও ৰাইজক কিছু আশ্বস্ত কৰিব পাৰিছে৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শেহতীয়া যুদ্ধকালীন তৎপৰতাই ৰাইজৰ মনত আতংকৰ সৃষ্টি কৰিছে আৰু তাৰ পৰিণামত ৰাইজ কিছু পৰিমাণে সজাগ হৈছে, অন্ততঃ বহুতে ৰাজহুৱা স্থানত মাস্ক লৈ উপস্থিত হৈছে, কিছুমান দোকানীয়ে পূর্বৰ দৰে ছেনিটাইজাৰৰ ব্যৱস্থা কৰিছে আৰু দোকানত গ্রাহকৰ প্রৱেশ সীমিত কৰি দিছে৷ ক’ৰোনাৰ প্রথম ঢ়ৌৱে শীর্ষস্থান পাওঁতেও এদিনত আক্রান্তৰ সংখ্যাই লাখৰ ঘৰ অতিক্রম কৰা নাছিল৷ কিন্তু শেহতীয়াভাৱে সেই সংখ্যাই ৯৩ লাখৰ ঘৰ অতিক্রম কৰাৰ লগে লগে ঘটনাই যথেষ্ট গভীৰ ৰূপ ধাৰণ কৰিলে৷ নির্বাচনৰ জটিল সময়তো প্রধানমন্ত্রী ব্যস্ত হৈ পৰিছে ক’ৰোনা নিয়ন্ত্রণৰ বাবে৷এইবাৰ প্রচাৰ কৰা হৈছে পাঁচ খলপীয়া সাৱধান ব্যৱস্থা– টেষ্টিং, ড্রেচিং, চিকিৎসা, ক’ভিড বাধা–নিষেধ পালন আৰু টিকাকৰণ৷ ক’ৰোনাত সর্বাধিক আক্রান্ত হোৱা ৰাজ্য মহাৰাষ্ট্র, ছত্তিশগড আৰু পঞ্জাবৰ গহীন অৱস্থাৰ পৰিপ্রেক্ষিতত সেইবোৰত লকডাউন, নাইট কার্ফিউ, উইক্লী লকডাউন আদিৰ দৰে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ কম বয়সৰ মানুহক ভেকচিন দিয়াৰ ক্ষেত্রত কেন্দ্রৰ যি ধৰণৰ বাধা–নিষেধ ৰখা হৈছিল, তাকো তুলি দিবলৈ মহাৰাষ্ট্র চৰকাৰে অনুৰোধ কৰিছে৷ অৱশ্যে এইটোও ঠিক যে ভেকচিনৰ সহজ প্রাপ্তিয়ে মানুহৰ ভয় কিছু কমায়ো দিছে৷ প্রধানমন্ত্রীয়ে ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ লগত আলোচনা কৰি গ্রহণ কৰিবলগীয়া সিদ্ধান্তত এটা কথাই থাকিব যে কেনেদৰে দৈনন্দিন জীৱনক ক্ষতিগ্রস্ত নকৰাকৈ ক’ৰোনাৰ স’তে মোকাবিলা কৰিব পৰা যায়, তাৰ পথ নির্ধাৰণ কৰা৷ লকডাউনে অর্থনীতিৰ যিখিনি ক্ষতি কৰিছিল, সেই দিশলৈ চাই পুনৰ লকডাউন দিব বুলি ক’ব নোৱাৰি৷ কিন্তু ৰাইজকতো সাৱধান কৰি ৰাখিবই লাগিব আৰু সেই সাৱধানতা অৱলম্বনৰ বাবে আৰোপিত বাধা–নিষেধ কিছু কঠিন পর্যায়লৈ যোৱাৰো সম্ভাৱনা আছে৷ অকল চৰকাৰে বান্ধি দিয়া নিয়মলৈ অপেক্ষা কৰাৰ পৰিৱর্তে ৰাইজে নিজৰ ফালৰ পৰাও সাৱধানতা অৱলম্বন কৰাটোহে ভাল নাগৰিকৰ লক্ষণ৷

You might also like