নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক ভোটদান কৰক : আইমী বৰুৱা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ এপ্ৰিলঃ আমাৰ পৰিয়ালটোক যিখিনি আশীৰ্বাদ কৰিছে, আপোনালোকৰ বাবে আজি যিখিনি পাইছো, তাৰ ধাৰ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো। মাত্ৰ অতি গৌৰৱেৰে কওঁ যে আপোনালোকৰ পৰিয়ালৰ এটা অংশ হৈ আছিলো, আছো আৰু সদায় থাকিম। – এই মন্তব্য অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্নী আইমী বৰুৱাৰ।   আজি জাগীৰোডত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীপত্নী তথা অভিনেত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ আৰু কয় যে যেতিয়াই শুনিছো কাৰোবাৰ ঘৰত কিবা অসুবিধা হৈছে, মাতষাৰ লগাবলৈ চেষ্টা কৰিছো। কোনোবা ঢুকাইছে মাতষাৰ লগাইছো, কাৰোবাৰ বিয়া হৈছে মাতষাৰ লগাইছো। আৰু এইখিনি কাম এইবাবেই কৰো কাৰণ আমি নিজকে আপোনালোকৰ পৰিয়াল বুলি ভাবো। স্বামীৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে আপোনালোকক লৈ যি সপোন তেখেতৰ, যিধৰণে আগুৱাই যাব খোজে, সেইখিনি শুনাৰ পাছত নিজেও জাগীৰোডবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছো। সভাত ৰাইজৰ বিপুল উপস্থিতি সঁহাৰি-সমৰ্থন সেয়া দেখি অভিনেত্ৰীগৰাকীয়ে কয় যে এই উপস্থিতিয়ে প্ৰমাণ কৰি দিছে যে ৰাইজ কাৰ লগত আছে। এই বিষয়ে নতুনকৈ একো ক’বলগীয়া নাই বুলি অভিনেত্ৰীগৰাকীয়ে কয়। নিৰ্বাচনৰ সময়ত তেওঁ সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে আমি সকলোৱে বিজেপিক সমৰ্থন কৰো যদিও নিৰ্বাচনৰ সময়ত আমি সদায় একেখিনি ভুল কৰো যে আমি সকলোৱে ভোট দিবলৈ নাযাওঁ, কাৰোবাক নহয় কাৰোবাক ঘৰ ৰখীয়া কৰি থৈ ভোট দিবলৈ যাওঁ। আপোনালোকে এইবাৰ এই ভুল নকৰিব। এনেকুৱা কৰিলে এজন এজন ঘৰ ৰখীয়া গৈ ১০০জন ঘৰ ৰখীয়াৰ ভোট লাভৰ পৰা আমি বঞ্চিত হওঁ আৰু সেই ১০০জন ঘৰ ৰখীৰ ভোটকেইটা নোপোৱাৰ বাবে হয়তো আমি নিবিচৰা এজন প্ৰাৰ্থী জয়ী হয় অহা ৫ টা বছৰৰ বাবে। ফলত কাম নকৰা এজন লোক নিৰ্বাচিত হোৱাৰ ফলত পাঁচটা বছৰে আমি হা-হুমুনিয়াহ কাঢ়ি থাকিব লাগিব। সেয়ে তেওঁ এইবাৰ কাকো ভোটটো পিছত দিম বুলি ৰৈ নাথাকিবলৈ আহ্বান জনায়। তেওঁ প্ৰত্যককে নিজৰ নিজৰ ধুনীয়া ৰাস্তাটোৰ নামত, নিজৰ নিজৰ ধুনীয়া মথাউৰিটোৰ নামত, নিজৰ নিজৰ লৰা-ছোৱালীয়ে পইচা নিদিয়াকৈ পোৱা চাকৰিটোৰ নামত, নিজৰ নিজৰ লৰা-ছোৱালীৰ ভৱিষ্যতৰ নামত, অনুষ্ঠানৰ নামত, জাতিটোৰ ভৱিষ্যতৰ নামত অভিনেত্ৰীগৰাকীয়ে বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

You might also like