বহুচৰ্চিত মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ চৰ্চালৈ আহিছে তদন্তকাৰী সংস্থা CBIৰ ভূমিকা।
জানিব পৰা মতে, দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে CBIয়ে কোনো ধৰণৰ নটিচ জাৰি কৰা নাছিল বুলি আদালতত বিষয়টো উত্থাপিত হয়। অভিযোগ অনুসৰি, তদন্ত প্ৰক্ৰিয়াত প্ৰয়োজনীয় আইনী নিয়ম সঠিকভাৱে পালন নকৰাৰ ফলতেই দীপাংকৰ বৰ্মনে জামিন লাভ কৰিবলৈ সক্ষম হয়।
সূত্ৰ অনুসৰি, CBIয়ে মূল অভিযুক্ত দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত কাঢ়া ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে কেৱল কিছু কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি তদন্তৰ দায়িত্ব সামৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।
ইফালে, উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে সাধাৰণ ৰাইজৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে CBIৰ তদন্ত পদ্ধতি আৰু দায়িত্বশীলতাক লৈ প্রশ্ন উত্থাপন কৰিছে।
উল্লেখ্য যে দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে বৃহৎ আৰ্থিক কেলেংকাৰি আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছিল আৰু এই ঘটনাই ৰাজ্যজুৰি যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
ডিজিটেল ডেস্ক, ১৪ মে’