ডিজিটেল ডেস্ক, ১৪ মে’ : উত্তৰ প্ৰদেশত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ৷ প্ৰবল ধুমুহা-বৰষুণৰ ফলত উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হৈছে। এই দুৰ্যোগত এতিয়ালৈকে ৰাজ্যখনত ৫৪জন লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। বহু লোক আহত হৈছে। বিভিন্ন অঞ্চলত গছ ভাঙি পৰাৰ ফলত যান-বাহন চলাচল ব্যাহত হৈছে। কেৱল সেয়াই নহয়, ধুমুহাৰ তাণ্ডৱত বহু ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যুতৰ তাঁৰ ছিঙি গৈছে। ক্ষতিগ্ৰস্ত অঞ্চলত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰকাৰ্য আৰম্ভ কৰা হৈছে।
বুধবাৰে বিয়লিৰ পৰা উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত ধুমুহা-বৰষুণ আৰম্ভ হয়। কিছু সময়ৰ ভিতৰতে পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। গোটেই নিশা ধৰি চলা এই দুৰ্যোগত এতিয়ালৈকে ৫৪জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। অৱশ্যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ধুমুহা-বৃষ্টিত সৰ্বাধিক মৃত্যুৰ খবৰ পোৱা গৈছে প্ৰয়াগৰাজত, য’ত ১৬ জনৰ মৃত্যু হৈছে। ভাদহীত মৃতকৰ সংখ্যা ১৫ আৰু মিৰ্জাপুৰত ১০ জনৰ মৃত্যু হৈছে। বিভিন্ন অঞ্চলত বহু গছ ভাঙি পৰাৰ ফলত ৰাস্তা-ঘাট অৱৰুদ্ধ হৈ পৰিছে।
এই দুৰ্যোগৰ পাছতেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক্ষতিগ্ৰস্তসকলক উদ্ধাৰৰ লগতে ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ লগতে ভুক্তভোগী পৰিয়ালসমূহক ২৪ ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণ প্ৰদানৰ বাবেও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।