নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগ্ৰাসী খ্ৰীষ্টান : গির্জাৰ তথ্য সংগ্রহৰ নির্দেশনা ৰাজ্যৰ গৃহ বিভাগৰ

বিশেষ বাৰ্তা, ৩০ মেঃ ৰাজ্যত মাদ্রাছা বিলুপ্তিৰ পাছত এইবাৰ গির্জাৰ বিৰুদ্ধেও চৰকাৰ তৎপৰ হৈ পৰিছে৷ ৰাজ্যৰ প্রতি জিলালৈ গির্জাৰ তথ্য সংগ্রহৰ বাবে নির্দেশনা জাৰি দিছে গৃহ বিভাগে৷ প্রতিখন থানালৈ বার্তা প্রেৰণ কৰি গৃহ বিভাগে গির্জাৰ সকলো তথ্য সংগ্রহ কৰাৰ লগতে প্রতিটো গির্জাৰ লগত জড়িত ব্যক্তিৰ তথ্য সংগ্রহৰ বাবে নির্দেশ দিছে৷ কিন্তু গির্জাৰ সকলো তথ্য সংগ্রহ কৰিবলৈ প্রতিখন থানালৈ দিয়া নির্দেশে যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি কৰিছ ৷ মন কৰিবলগীয়া যে কিছুদিন পূর্বে সুদূৰ নেদাৰলেণ্ডৰ পৰা অহা কেইজনমান ধর্মীয় যাজকে কিছু অশিক্ষিত তথা গ্রাম্য এলেকাৰ লোকক খ্রীষ্টান ধর্ম গ্রহণৰ বাবে প্রভাৱান্বিত কৰাৰ চেষ্টা চলাই ৰাইজৰ ৰোষত পৰিছিল৷ এই বিষয়টোক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে মাজুলীত নাগালেণ্ডৰ পৰা অহা যাজকে গির্জা পৰিচালনা কৰাৰ তথ্য পোহৰলৈ আহিছে৷ গৃহ বিভাগৰ এক সূত্রই প্রকাশ কৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্রান্তত বিশেষকৈ চাহ জনজাতি অধ্যুষিত অঞ্চল, আদিবাসী অধ্যুষিত অঞ্চল, পাহাৰীয়া জিলা ক্রমে কার্বি আংলং–ডিমা হাচাও, লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাত খ্রীষ্টান ধর্ম প্রচাৰৰ বাবে একাংশই আৰম্ভ কৰিছে ব্যাপক তৎপৰতা৷ পর্যটকৰ ভিছা লৈ অসমলৈ অহা বহিঃৰাষ্ট্রৰ এই লোকসকলে কোনো বিষয়ত গৱেষণা কৰাৰ বাবে এনেবোৰ অঞ্চলত বহি লৈ তলে তলে আৰম্ভ কৰিছে খ্রীষ্টান ধর্ম প্রচাৰ৷ আনকি গির্জা স্থাপনৰ বাবেও এই লোকসকলে তৎপৰতা আৰম্ভ কৰিছে৷ এনে তৎপৰতাৰ ফলতে ৰাজ্যৰ বিভিন্ন প্রান্তত যোৱা সময়ছোৱাত মূৰ দাঙি উঠিছে বহু গির্জাই৷ এই বিষয়বোৰৰ প্রতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে গির্জাৰ বিৰুদ্ধে তথ্য সংগ্রহত নামি পৰিছে৷ প্রতিখন থানাক দিয়া নির্দেশত থানাখনৰ এলেকাধীন অঞ্চলত যদি গির্জা আছে, এনে ধর্মীয় অনুষ্ঠান কেতিয়া গঢ় লৈ উঠিছে ইয়াৰ আঁৰত কোন কোন লোক জড়িত হৈ আছে তাৰ তথ্য দিবৰ বাবেও থানাসমূহক স্পষ্ট নির্দেশ দিয়া হৈছে৷

You might also like