নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই খানাপাৰাত নিযুক্তিপত্ৰ বিতৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিশেষ বাৰ্তা, ২৫ মেঃ যোৱা বিধানসভা নির্বাচনৰ সময়ত ১ লাখ চৰকাৰী চাকৰি প্রদানৰ বাবে দিয়া প্রতিশ্রুতি পূৰণৰ ক্ষেত্রত এক বৃহৎ পদক্ষেপ হিচাপে আজি একেদিনাই ৪৪,৭০৩গৰাকী প্রার্থীক নিযুক্তিপত্র প্রদান কৰে৷ ইয়াৰ পূর্বে যোৱা দুটা বছৰত বিভিন্ন সময়ত ৰাজ্য চৰকাৰখনে মুঠ ৪১,৯২০গৰাকী প্রার্থীক নিযুক্তি দিছে৷ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি আয়োজিত বিশাল নিয়োগ সমাৰোহখনত কেন্দ্রীয় গৃহ আৰু সমবায় বিভাগৰ মন্ত্রী অমিত শ্বাহে নিযুক্তিপত্র বিতৰণৰ শুভাৰম্ভ কৰে৷ গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি নিযুক্তিপ্রাপ্তসকলে অহা ২৫–৩০ বছৰ অসমক সেৱা কৰাৰ সুযোগ পালে৷ অসমত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ হোৱাৰ সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যেতিয়া ১ লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰি নিযুক্তি দিয়াৰ কথা প্রথম উলিয়াইছিল, তেতিয়া প্রথমাৱস্থাত তেওঁলোকে চিন্তাত পৰিছিল৷ সেই সময়ত ড০ শর্মাই কৈছিল– অসমৰ বিকাশত ৰাজ্যখনৰ যুৱক–যুৱতীসকলক্ অংশীদাৰ কৰিব৷ তাৰ বাবে ১ লাখ নিবনুৱাক চাকৰি দিব৷ সেই সময়ত দিয়া প্রতিশ্রুতি পূৰণ হ’ল৷ আজি দুবছৰত মুঠ ৮৬ হাজাৰক নিযুক্তি দিয়া হ’ল৷ কোনেও ক’তো এটকা নিদিয়াকৈ সম্পূর্ণ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে৷ বাকী ১৪ হাজাৰ বাকী আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁক কৈছে – চৰকাৰখনৰ আঢ়ৈ বছৰ কার্যকাল সম্পূর্ণ হোৱাৰ পূর্বেই বাকী থকা পদখিনিও পূৰণ কৰি ১ লাখ নিযুক্তিৰ প্রতিশ্রুতি সম্পূর্ণ কৰিব৷ ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে বিজেপি টীম আৰু মিত্রজোঁটৰ অংশীদাৰ দলসমূহক ধন্যবাদ জ্ঞাপন কৰে৷  ভাষণত শ্বাহে আৰু কয় যে প্রধানমন্ত্রী মোদীয়ে অসমত বিকাশৰ নতুন যুগ আৰম্ভ কৰিলে৷ অসমৰ ৰাইজে আজি শান্তি বিচাৰে৷ ভাৰতৰ লগত অসমে সমানে দৌৰিব বিচাৰে৷ যোৱা নির্বাচনৰ সময়ত নির্বাচনী ইস্তাহাৰত যিমান প্রতিশ্রুতি দিয়া হৈছিল, প্রতিটো প্রতিশ্রুতি অহা নির্বাচনৰ পূর্বে পূৰণ কৰিব৷

You might also like