নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী আৰক্ষীৰ সফলতা : নাৰী দেহ ব্যৱসায়ীৰ চক্ৰ উৎখাত

নিয়মীয়া বাৰ্তা, ২৫ মেঃ শিশু আৰু নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত এটি বৃহৎ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয় বজালী আৰক্ষী৷ এক গোপন সূত্ৰৰ পম খেদি বজালী আৰক্ষীয়ে যোৱানিশা গুৱাহাটীৰ হাতীগাঁও আৰু কোকৰাঝাৰত অভিযান চলাই তিনিগৰাকী ভুক্তভোগী যুৱতী আৰু কিশোৰক উদ্ধাৰ কৰাৰ লগতে লক্ষাধিক টকা, দহটা মোবাইল হেণ্ডচেট, টেবলেট আৰু UPI স্কেনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্যযে বজালী আৰক্ষীয়ে গুৱাহাটীৰ হাতীগাঁওৰ মাৰ্জিনা আলিয়াচ আচিয়া বেগমৰ গৃহত অভিযান চলাই চাৰি নাৰী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ বজালী উপ আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা অনুসৰি আৰু এক গোপন তথ্যৰ ভিত্ততি গুৱাহাটীৰ হাতীগাঁৱৰ মাৰ্জিনা আলিয়াচ আচিয়া বেগমৰ গৃহত চলি আহিছিল দেহ ব্যৱসায়৷ ইয়াৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই মাৰ্জিনাৰ সহযোগী আক্কাছ আলী, ৰাজদীপ পোদ্দাৰ আৰু চামচুল হকক আটক কৰে৷ আটকাধীন আটাইকেইগৰাকীকে বজালী আৰক্ষীয়ে পাঠশালা আৰক্ষী চকী, সৰুপেটা আৰক্ষী চকী, পাটাছাৰকুছি থানাত ৰাখি জেৰা চলাই আছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like