নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই ছাত্রীক বহিঃৰাজ্যৰ নাৰীদেহ চক্রক বিক্রীৰ ব্লুপ্রিণ্ট ৰচিছিল দৃষ্টিহীন মাধৱে

🔹 মহানগৰীৰ কিশোৰী অপহৰণ কাণ্ডৰ বিস্ফোৰক তথ্য ফাদিল

বিশেষ বাৰ্তা, ১৭ ফেব্রুৱাৰী : ‘ডাঙৰ মানুহ’ কৰাৰ সপোন দেখুৱাই ফুচুলাই অপহৰণ কৰা মহানগৰীৰ নুনমাটিৰ কিশোৰীদ্বয়ক বহিঃৰাজ্যৰ নাৰীদেহ ব্যৱসায়ী চক্রৰ ওচৰত বিক্রী কৰাৰ ভয়ংকৰ পৰিকল্পনা যুগুত কৰিছিল দৃষ্টিহীন মগনীয়া মাধৱ দাস ওৰফে ৰাহুল, ফেৰীৱালা অৰুণ দাস আৰু বুদ্ধজিৎ কলিতাই৷ সৰস্বতী পূজাৰ দিনাখন হঠাতে নিখোজ হোৱা কিশোৰীদ্বয়ক পৰহি সন্ধিয়া নাটকীয়ভাৱে নলবাৰী জিলাৰ টিহুত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতেই ফাদিল হৈছে এই বিস্ফাৰক তথ্য৷ ঘটনাটোৰ অন্যতম অভিযুক্ত দৃষ্টিহীন মগনীয়া মাধৱ দাসৰ নেতৃত্বত ব্লুপ্রিণ্ট ৰচনা কৰা হৈছিল এই ভয়ংকৰ কাণ্ডৰ৷ ৰাহুল ছদ্মনাম লৈ মাধৱ দাসে কিছুদিন পূর্বে মিছকলৰ জৰিয়তে চিনাকি হৈছিল অপহূত এগৰাকী কিশোৰীৰ সৈতে৷ ৰে’লেৰে ভ্রমণ কৰা অৱস্থাত কৌশলেৰে কিশোৰীৰ পৰা সংগ্রহ কৰিছিল ফোন নম্বৰ৷ প্রথমে চা–চিনাকি, তাৰ পিছত প্রেমৰ সম্পর্ক এগৰাকী কিশোৰীৰ সৈতে গঢ়ি তোলাৰ চেষ্টা চলাইছিল মাধৱ দাসে৷ দীর্ঘম্যাদী এই পৰিকল্পনাত সফলতাও লাভ কৰিছিল মাধৱ দাসে৷ প্রথম অৱস্থাত মুঠ তিনিগৰাকী কিশোৰীক বহিঃৰাজ্যৰ নাৰীদেহ ব্যৱসায়ী চক্রৰ হাতত বিক্রী কৰাৰ পৰিকল্পনা আছিল মাধৱ দাস এণ্ড কোম্পানীৰ৷ কিন্তু ফোনত চিনাকি হোৱা এগৰাকী কিশোৰীৰ বান্ধৱীসহ দুগৰাকীহে অৱশেষত ব্যৱসায়ী চক্রক বিক্রী কৰাৰ দুষ্কার্যত লিপ্ত হৈছিল দৃষ্টিহীন মাধৱ দাসে৷ দিনে–নিশাই কিশোৰীগৰাকীক ফোন আৰু হোৱাটছএপত মেছেজ প্রেৰণ কৰা মাধৱ দাসে ছলাহী কথাৰে মন সলনি কৰি পেলাইছিল৷ পৰিস্থিতি এটা সময়ত এনে হ’ল যে জন্মদাত্রী পিতৃ–মাতৃৰ কথাও কিশোৰীগৰাকীৰ বাবে নির্যাতনৰ দৰে হৈ পৰিল৷ পাষণ্ড মাধৱ দাসে দুয়োগৰাকী কিশোৰীক নিজৰ খৰচত ডাঙৰ মানুহ কৰি গঢ়ি তুলিম বুলি প্রলোভন দিছিল৷ পিতৃ–মাতৃয়েও দিব নোৱাৰা সুখ দুয়োগৰাকীকে দিম বুলি প্রতিশ্রুতি দিছিল৷ মাধৱ দাসৰ ছলাহী কথাত এসময়ত ভোল গৈছিল অপৰিপক্ব বয়সৰ কিশোৰী দুগৰাকী৷ যাৰ ফলত সৰস্বতী পূজাৰ দিনাখন তেওঁলোকে চিৰদিনৰ বাবে ঘৰ এৰি ডাঙৰ মানুহ হোৱাৰ বাসনাত মাধৱ দাসৰ সৈতে বাহিৰলৈ ওলাই যাম বুলি প্রতিশ্রুতিবদ্ধ হৈছিল৷ পৰিকল্পনা সম্পূর্ণ হোৱাৰ পিছতে দৃষ্টিহীন মাধৱ দাসক সহায়ৰ বাবে আগবাঢ়ি আহিছিল বন্ধুদ্বয় ক্রমে অৰুণ দাস আৰু বুদ্ধজিৎ কলিতা৷ পৰহি আৰক্ষীয়ে অৰুণ দাসকো টিহুৰ পৰাই গ্রেপ্তাৰ কৰিছিল৷ ৰে’লত ফেৰীৱালা হিচাপে কাম কৰা অৰুণ দাসেও মাধৱ দাসৰ দৰেই নাৰী সৰবৰাহকাৰী চক্রৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, মাজনিশা চানমাৰিৰ এখন ৰেস্তোৰাঁৰ পৰা গ্রেপ্তাৰ কৰা হয় বুদ্ধজিৎ কলিতাক৷ নলবাৰী জিলাৰ ঘগ্রাপাৰৰ মহিনাত ঘৰ ধৃত বুদ্ধজিৎ কলিতাৰ৷ একেখন জিলাৰ বাসিন্দা হোৱাৰ সুবাদতে অৰুণ–মাধৱৰ সৈতে বুদ্ধজিৎ কলিতাৰ পূর্বৰে পৰাই আছিল বন্ধুত্বপূর্ণ চিনাকি৷ কিশোৰী দুগৰাকীক গুৱাহাটীৰ পৰা টিহুলৈ নিয়াৰ ক্ষেত্রত প্রয়োজনীয় সহায় আগবঢ়াইছিল বুদ্ধজিৎ কলিতাই৷ অৱশ্যে কি ধৰণে তেওঁ সহায় কৰিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ পৰহি নিশাৰ ভাগত তিনিওজনকে নুনমাটি আৰক্ষী থানাত মাৰাথন জেৰা চলোৱা হয়৷ আৰক্ষীৰ জেৰাত কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ সূত্রটোৱে সদৰী কৰা মতে, ৰে’লত ভিক্ষা মাগি ফুৰা সময়তে পশ্চিমবংগৰ নাৰীদেহ ব্যৱসায়ী চক্রৰ সৈতে চিনা পৰিচয় হৈছিল মাধৱ দাসৰ৷ ধনৰ প্রতি অত্যন্ত দুর্বলতা থকা মাধৱ দাসক কম বয়সীয়া ছোৱালী প্রেৰণ কৰিব পাৰিলে মোটা অংকৰ ধন আদায় দিয়াৰ প্রতিশ্রুতি দিছিল উক্ত চক্রটোৱে৷ সেইবাবেই দীর্ঘদিন ধৰি মাধৱ দাসে কিশোৰী, যুৱতী অথবা বিবাহিত মহিলাক নিজৰ জালত পেলাবলৈ চেষ্টা চলাই আছিল৷ ৰে’লত ভিক্ষা মাগি ফুৰা সময়তে কৌশলেৰে এগৰাকী কিশোৰীৰ পৰা ফোন নম্বৰ সংগ্রহ কৰা মাধৱ দাসৰ ম’বাইল ফোনটো পৰীক্ষা কৰি সম্প্রতি বাকৰুদ্ধ হৈ পৰিছে মহানগৰ আৰক্ষী৷ কিয়নো, দৃষ্টিহীন মাধৱ দাসৰ ম’বাইল ফোনটোত আৰক্ষীয়ে লাভ কৰিছিল বহু যুৱতী, মহিলা, কিশোৰীৰ ফোন নম্বৰৰ লগতে মহিলা, যুৱতীৰ নগ্ণ ফটোও৷ কিন্তু দুয়োটা চকুৰে অকণমানো নেদেখা মাধৱ দাসে এই ফোন নম্বৰ তথা নগ্ণ চিত্রবোৰ কি কাৰণত ম’বাইলত ৰাখিছিল সেয়া আৰক্ষীয়ে ধৰিব পৰা নাই৷ তদুপৰি অত্যন্ত চতুৰ মাধৱ দাসে অসমৰ প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি বিভিন্ন থানাৰ আৰক্ষী বিষয়াৰ নাম–ঠিকনা জানিছিল৷ জেৰা চলোৱাৰ সময়তো আশ্চর্যজনকভাৱে কি কি ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব পাৰে সেয়াও আৰক্ষীৰ আগত প্রকাশ কৰি একপ্রকাৰ তদন্তকাৰী দলক হতভম্ব কৰি তুলিছিল৷ গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিলেও যেনেকৈয়ে নহওক জামিন লৈ তেওঁ বাহিৰত অতি সোনকালে ওলাই আহিবলৈ সক্ষম হ’ব বুলি আৰক্ষীক প্রত্যুত্তৰো দিছিল৷ বাহিৰৰ পৃথিৱীখন চকুৰে উপভোগ কৰিব নোৱাৰিলেও দৃষ্টিহীন মাধৱ দাসৰ ম’বাইল ফোন চলোৱাৰ কায়া প্রত্যক্ষ কৰি হতভম্ব হৈ পৰিছে আৰক্ষী৷ একপ্রকাৰ ক’বলৈ হ’লে দৃষ্টিহীন হ’লেও অপৰাধীসুলভ এটা মানসিকতা পূর্বৰে পৰা মাধৱ দাসৰ মন–মগজুত সক্রিয় হৈ আছিল৷ লক্ষণীয় যে সৰস্বতী পূজাৰ দিনাখন দুয়োগৰাকী কিশোৰীক টিহুত ৰখাৰ লগে লগেই বহিঃৰাজ্যলৈ প্রেৰণ কৰাৰ পৰিকল্পনা আছিল মাধৱ আৰু অৰুণ দাসৰ৷ কিন্তু অৰুণ দাসৰ ভনীয়েকে এই কথা কিবাপ্রকাৰে অৱগত হৈ কিশোৰীদ্বয়ক টিহুৰ হাটখোলাত থকা নিজৰ ভাৰাঘৰত ৰখাৰ বাবে জোৰ–জবৰদস্তি কৰিছিল ভাতৃ অৰুণ দাসক৷ জ্যেষ্ঠ ভগ্ণীৰ কথা শুনি নিশাটোৰ বাবে দুয়োগৰাকী কিশোৰীক টিহুৰ ভাৰাঘৰটোতে ৰাখিছিল অৰুণ–মাধৱে৷ পিছদিনাখন অর্থাৎ কালি দুয়োকে ৰে’লেৰে বহিঃৰাজ্যলৈ প্রেৰণ কৰাৰ পৰিকল্পনা আছিল দুয়োজন অপৰাধীৰ৷ কিন্তু মহানগৰ আৰক্ষীৰ তৎপৰতাৰ বাবে এই পৰিকল্পনা বাস্তৱত পৰিণত নহ’ল৷ নাৰী সৰবৰাহকাৰী এই চক্রটোৰ সৈতে আন এজন যুৱকো জড়িত থকাৰ সম্ভেদ আৰক্ষীয়ে লাভ কৰিছে৷ উক্ত যুৱকজনক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বর্তমানলৈকে কৰায়ত্ত কৰিব পৰা নাই ৰহস্যময় যুৱকজনক৷ ঘটনাটো সন্দর্ভত নুনমাটি আৰক্ষীয়ে ২৬/২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে৷

You might also like