নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলমুক্ত হ’ল গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চল…

বাৰ্তা ব্যুৰ’, গোৱালপাৰা, ৯ নৱেম্বৰ : ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আজি গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত চলোৱা হয়। গোৱালপাৰা জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত পুৱা ৭ বজাৰ পৰাই ৪০খন এক্সকেভেটৰৰ সহায়ত সমগ্ৰ বেদখলীকৃত এলেকাটোক ৫টা খণ্ডত বিভক্ত কৰি বিশাল আৰক্ষীৰ জোৱান, ব্লেক কমাণ্ডো তথা বন সুৰক্ষা বাহিনীৰ জোৱান মোতায়েন কৰি উচ্ছেদ অভিযান চলোৱা হয়। বন বিভাগৰ বিশেষ সচিব এম কে যাদৱ, জিলা আয়ুক্ত প্ৰদীপ টিমুং, আৰক্ষী অধীক্ষক নৱনীত মহন্তকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

আজিৰ এই উচ্ছেদ অভিযানত ৫৮০টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলোৱা হয়। তদুপৰি সোণাপুৰ মছজিদকে ধৰি মুঠ ৪টা মছজিদৰ লগতে সোণাপুৰত থকা কুৰিখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ চলোৱা হয় । উল্লেখ্য যে দহিকটা সংৰক্ষিত বনাঞ্চলৰ মাজতে থকা গোৱালপাৰাৰ ঐতিহাসিক শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানৰ মুঠ ২৫৫২ বিঘা ভূমিৰ ৮৮১ বিঘাই বেদখলকাৰীৰ কবলত আছিল । আজিৰ এই উচ্ছেদ অভিযানৰ ফলত সম্পূৰ্ণৰূপে বেদখলমুক্ত হয় মহাপীঠস্থানখনো ।

ইফালে, দহিকটা সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত হোৱাৰ বাতৰিত সন্তোষ প্ৰকাশ কৰিছে গোৱালপাৰাৰ প্ৰকৃতিপ্ৰেমীসকলে। পূৰ্বে বন্যহস্তীৰ মুক্ত বিচৰণস্থলী তথা আশ্ৰয়স্থলী হিচাপে পৰিচিত দহিকটা সংৰক্ষিত বনাঞ্চল বিগত ২০/২৫ ধৰি একাংশ সন্দেহযুক্ত লোকে জধে-মধে বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰি একোখনকৈ বৃহৎ বৃহৎ গাঁও স্থাপন কৰাৰ লগতে মছজিদ তথা একোখনকৈ বৃহৎ বৃহৎ বজাৰৰ সৃষ্টি কৰিছিল । যাৰ ফলত বন্যহস্তীয়ে বিচৰণ কৰাৰ কোনো পৰিৱেশ নথকাত কাষৰীয়া অঞ্চল লালাবড়ী, দহিকটা, ৰাজাপাৰা, মৰনৈ, নেপালীখুঁটি, মাটিয়া আদি অঞ্চলত উপদ্ৰৱ বৃদ্ধি পাই আহিছিল । অৱশেষত আজিৰ পৰা বনহস্তীয়ে যেন পুনৰ ঘূৰাই পালে নিজৰ বাসস্থান ।

ইফালে, উচ্ছেদস্থলীত উপস্থিত থাকি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মেই মুঠ ৩০ দিন সময়সীমা দি উচ্ছেদৰ জাননী জাৰি কৰি নিজৰ নিজৰ ঘৰ-বাৰী উঠাই নিবলৈ সুবিধা দিয়া হৈছিল । ইফালেস শেষৰ দুদিনত বহু লোকে নিজে নিজেই ঘৰ-বাৰী ভাঙি লৈ যায়। মুঠ পাঁচটা ব্লকত বিভক্ত কৰি বেদখল হৈ থকা মুঠ ১১৪০ বিঘা ভূমিত বসবাসকাৰী ৫৮০টা পৰিয়ালক উচ্ছেদ অভিযান চলোৱা হয়।

উচ্ছেদ অভিযান সন্দৰ্ভত বন বিভাগৰ দায়িত্বত থকা বিশেষ সচিব এম কে যাদৱে এখন সংবাদ মেল সম্বোধন কৰি কয় যে কোনো অসুবিধা নোহোৱাকৈ খুব শান্তিপূৰ্ণভাৱেই দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১৫৩ হেক্টৰ অৰ্থাৎ ১১৪০ বিঘা মাটি বেদখল কৰি বসবাস কৰি থকা ৫৮৮টা পৰিয়ালৰ প্ৰায় ৮০০ৰ পৰা ৮৫০টা ঘৰ ভাঙি দি উচ্ছেদ চলোৱা হয়। অৱশ্যে উচ্ছেদ অভিযানৰ পূৰ্বেই বহু লোকে স্বত:স্ফূৰ্তভাৱেই বনাঞ্চলৰ পৰা ওলাই যোৱা বুলি উল্লেখ কৰে বিশেষ সচিবগৰাকীয়ে। কাইলৈৰ পৰা উদ্ধাৰ হোৱা ভূমিখিনিৰ সুৰক্ষাৰ বাবে বেৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে ৫০ হেক্টৰ ভূমিত বৃক্ষৰোপণ কৰা হ’ব বুলি উল্লেখ কৰে এম কে যাদৱে। অহা মাৰ্চ মাহৰ ভিতৰত গোটেই এলেকাত বৃক্ষৰোপণ কৰি তোলাৰ লগতে হাতীৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু গছ-গছনি ৰোপণ কৰা হ’ব। লগতে আগন্তুক ৪-৫ বছৰৰ ভিতৰত অঞ্চলটো বনাঞ্চলেৰে চহকী হৈ উঠিব বুলিও আশা প্ৰকাশ কৰিছে বিশেষ সচিবগৰাকীয়ে।

জিলাখনৰ সকলো সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ পৰা উদ্ধাৰ হ’লে হাতী-মানুহৰ সংঘাত হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমীসকলে।

You might also like