নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাই পুনৰ হ’ব অসমৰ মুখ্যমন্ত্রী, ‘কালচক্র’ৰ ভৱিষ্যদ্বাণী

নিউজ ডেস্ক, ২২ জানুৱাৰী : অসমৰ মুখ্যমন্ত্রীৰ পদত পুনৰ ড০ হিমন্ত বিশ্ব শর্মাই অধিষ্ঠিত হ’ব৷ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত একাংশ ৰাজনৈতিক সমীক্ষাৰ পাছত এইবাৰ জ্যোতিষীয় বিশ্লেষণতো এনে ইংগিতেই দিয়া হৈছে৷

দিছপুৰ প্রেছ ক্লাবত ২০২৬–২৭ বর্ষৰ কালচক্র পূর্ণাংগ পঞ্জিকা উন্মোচনী অনুষ্ঠানত পঞ্জিকাখনৰ সম্পাদক তথা ব্যৱস্থাপক জ্যোতিষী পুলিন চন্দ্র শর্মাই ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে ড০ শর্মাৰ নামকেই প্রথম স্থানত ৰাখে৷ এই সন্দর্ভত জ্যোতিষী শর্মাই কয় যে অসমৰ কাৰক ৰাশি কর্কট আৰু মুখ্যমন্ত্রী ড০ শর্মাৰ জন্মৰাশিও কর্কট হোৱাৰ বাবে ৰাশিগত সামঞ্জস্যই ৰাজ্য–নেতৃত্বৰ মাজত এক স্বাভাৱিক ঐক্যৰ সৃষ্টি কৰিছে৷

গণনা অনুসৰি, ২০২৬ চনৰ ২৫ আগষ্টলৈ বৃহস্পতিৰ শুভ দশা চলি থকাৰ ফলত মুখ্যমন্ত্রী ড০ শর্মাৰ ৰাজনৈতিক জীৱনত সফলতা–জনসমর্থ স্থায়িত্ব অধিক হ’ব৷ এই সময়ছোৱাত শাসন ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে জনসাধাৰণৰ আস্থা আৰু বিশ্বাসো দৃঢ় হোৱাৰ অনুমান কৰা হৈছে৷ যদিও শনিৰ প্রভাৱত কিছুমান সময়ত সমালোচনা, চাপ আৰু ৰাজনৈতিক আঘাত আহিব পাৰে তথাপি সেইবোৰে নেতৃত্বক দুর্বল কৰিব নোৱাৰে বুলি জ্যোতিষী শর্মাই মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে শনি মুখ্যমন্ত্রী ড০ শর্মাৰ জন্মৰাশিৰ পৰা অষ্টম স্থানত থকাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও গণনাত পোৱা যায়৷

সেইদৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ ওপৰত শনিৰ দৃষ্টি থকাৰ কথাও জ্যোতিষীয় বিশ্লেষণত উল্লেখ কৰা হৈছে৷ এই প্রসংগত জ্যোতিষী শর্মাই কয় যে মুখ্যমন্ত্রীৰ ক্ষেত্রত দুজন সমপর্যায়ৰ শক্তিশালী ব্যক্তি থাকিলে কিছুমান সমীকৰণ জটিল হ’ব পাৰে৷ কিন্তু সামগ্রিকভাৱে এই পৰিস্থিতিতো মুখ্যমন্ত্রী ড০ শর্মাই আগস্থান বজাই ৰাখিব৷

ইফালে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ক্ষেত্রত জ্যোতিষীয়ভাৱে বিশেষ প্রভাৱ বিস্তাৰৰ যোগ দেখা পোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকৰ ৰাশিত চলি থকা ‘চাৰে চাটি’ৰ ফলত সিদ্ধান্ত গ্রহণত বিভ্রান্তি, দিশাহীনতা আৰু ৰাজনৈতিক ভুলৰ সম্ভাৱনা বৃদ্ধিৰ ইংগিত পোৱা গৈছে৷ এই সকলো পৰিস্থিতিৰ মাজতে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৰ উত্থানক সম্ভাব্য প্রত্যাহ্বান হিচাপে চিহ্ণিত কৰা হৈছে যদিও বর্তমানৰ ৰাজনৈতিক আৰু জ্যোতিষীয় পৰিস্থিতিত তেওঁ পূর্ণ শক্তিৰে প্রতিদ্বন্দ্বিতা কৰিবলৈ অধিক সময় আৰু পৰিৱেশৰ প্রয়োজন হ’ব৷ এইসকল নেতাৰ ৰাশিচক্রক কেন্দ্র কৰি এই গণনা কৰা হৈছে৷ জন্মৰ তাৰিখ, সময় আৰু স্থানৰ বিশ্লেষণত সামান্য তাৰতম্য ঘটিব পাৰে৷

You might also like