নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোপত অসমৰ চাহে পাব নতুন বজাৰ

নিউজ ডেস্ক, ২২ জানুৱাৰী : ইণ্ডো–ইউকে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ আৰু আগন্তুক ইণ্ডো–ইউৰোপীয় ইউনিয়ন চুক্তিৰ জৰিয়তে অসমৰ চাহে নতুন বজাৰ লাভ কৰিব৷ ডোভাছত দ্বিতীয় দিনা অসমৰ চাহ উদ্যোগৰ বিকাশ তথা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰ কথা সন্দর্ভত চাহৰ এক নতুন বজাৰ লাভৰ কথা এইদৰে উল্লেখ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ডাভোছত আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠান এএনআইৰ সৈতে হোৱা বার্তালাপত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই চাহ উদ্যোগ সন্দর্ভত কয় যে ভাৰতৰ ঘৰুৱা বজাৰখন শক্তিশালী হৈ আছে যদিও ইণ্ডো–ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি কার্যকৰী হ’লে অসমৰ চাহে এক বৃহৎ অগ্রগতি লাভ কৰিব৷ যাৰ ফলত অসমৰ চাহে ৰপ্তানিৰ বাবে এক গুৰুত্বপূর্ণ কৰিড’ৰ লাভ কৰিব৷ তেওঁ কয়– অসমৰ চাহৰ এক নতুন বজাৰ আমি মুকলি কৰিবলৈ সাজু হৈছোঁ৷ চাহ একমাত্র পানীয় নহয়, ইয়াৰ ঔষধি মূল্য আছে, আয়ুর্বেদিক সামগ্রীৰ সৈতে মিহলাই নতুন ধৰণৰ চাহৰো সৃষ্টি কৰিব পাৰি৷ এইধৰণৰ প্রক্রিয়া অসমে অব্যাহত ৰাখিছে৷

চাহ উদ্যোগে সন্মুখীন হোৱা প্রত্যাহ্বানসমূহৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বর্তমান ভাৰতীয় চাহ ৰোপণকাৰীসকলে যি সামাজিক স্থিতি লাভ কৰি আহিছে, তেনে স্থিতি কেনিয়া আৰু শ্রীলংকাৰ চাহ ৰোপণকাৰীসকলে লাভ নকৰে৷ বিশেষকৈ অসমত চাহ শ্রমিকৰ বাবে আন্তঃগাঁথনি উন্নয়ন তথা এক সামাজিক মর্যাদা প্রদান কৰা হৈছে৷ চাহ উৎপাদনৰ মূল লক্ষ্য হৈছে উৎপাদন ব্যয় হ্রাস কৰা৷ উৎপাদন ব্যয় হ্রাস কৰাৰ লক্ষ্যৰে শ্রমৰ সংহিতা গ্রহণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে চাহ উদ্যোগে খৰচ যথেষ্ট হ্রাস কৰিবলৈ সক্ষম হ’ব৷ সমান্তৰালভাৱে চাহ উদ্যোগে সুস্থিৰতা লাভ কৰিব আৰু স্থানীয় খেতিয়কসকলক সবল কৰাৰো লক্ষ্য লোৱা হৈছে৷ ৰাজ্য চৰকাৰৰ দৃষ্টিভংগী হৈছে চাহ উৎপাদনত বিভিন্ন ক্ষেত্রত উৎসাহ–সহযোগিতা আগবঢ়োৱা হৈছে৷ যাৰ জৰিয়তে উৎপাদন ব্যয় হ্রাস কৰি এই উদ্যোগটোক অধিক লাভজনক আৰু প্রতিযোগিতামূলক কৰি তোলা হৈছে৷

আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই কালি অসমত ধঁপাত সেৱনৰ প্রত্যাহ্বান সন্দর্ভত এক আলোচনাত মিলিত হয়৷ ৱ’র্ল্ড ইক’নমিক ফ’ৰাম (ডব্লিউইচি)ত ধঁপাত সেৱনৰ বিষয়টো প্রসংগত ফিলিপ মৰিচ ইণ্টাৰনেচনেলৰ মুখ্য কার্যবাহী বিষয়া ফ্রেডেৰিক ডি ৱাইল্ডৰ সৈতে এক আলোচনাত মিলিত হয়৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে ধঁপাত সেৱনৰ প্রসংগ উত্থাপন কৰি কয়– অসমত ধঁপাত সেৱন এক বৃহৎ প্রত্যাহ্বান আৰু আমি ৰাজ্যখনক নিক’টিনমুক্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ৷ আমি এই উদ্দেশ্যৰ সৈতে আগবাঢ়িবলৈ এক পৰিৱর্তনশীল পদক্ষেপ হিচাপে ফিলিপ মৰিচ ইণ্টাৰনেচনেলে ধঁপাতৰ ক্ষতি ৯৫–৯৬ শতাংশ হ্রাস আৰু ধোঁৱামুক্ত/দাহ্য ধঁপাতৰ বিকল্প প্রস্তাৱ আমাৰ সন্মুখত আগবঢ়াইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত প্রকাশ কৰে যে ফিলিপ মৰিচ ইণ্টাৰনেচনেলে দাঙি ধৰা প্রস্তাৱৰ প্রসংগত পৰৱর্তী সময়ত নীতিগতভাৱে বিধিবদ্ধ অনুমোদনৰ পাছত বিকল্পসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ’ব৷

উল্লেখ্য যে কালি ডব্লিউইচিৰ দ্বিতীয় দিনা মুখ্যমন্ত্রী ড০ শর্মাই বৰাহা গ্রুপৰ মুখ্য পৰিচালন বিষয়া ইকাৰাজ জানজেনৰ সৈতেও এক ফলপ্রসূ সাক্ষাতত মিলিত হয়৷ বায়’চাৰ, পুনৰ উৎপাদনশীল কৃষি, বনানীকৰণৰ পদক্ষেপৰ জৰিয়তে এক মিলিয়ন টন কার্বন–ডাই-অক্সাইড আঁতৰোৱাৰ লক্ষ্যৰে বৰাহা গ্রুপে বিশেষভাৱে কাম কৰি আছে৷ এই সাক্ষাৎকালত মুখ্যমন্ত্রীয়ে অসমৰ কৃষক সমাজৰ উপকাৰৰ বাবে বৰাহা গ্রুপক অসমত কাম কৰাৰ বাবে আমন্ত্রণ জনোৱাৰ চিন্তা–চর্চাৰ কথা ব্যক্ত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগত উল্লেখ কৰে যে কৃষি, মেন্যুফেকচাৰিং ইণ্ডাষ্ট্রী, সেৱা খণ্ডতো অসমে গুৰুত্বপূর্ণভাৱে আত্মপ্রকাশ কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ অসমে এতিয়া ছেমিকণ্ডাক্টৰ, ম’বাইল মেন্যুফেকচাৰিং আদিতো বিশেষ গুৰুত্ব প্রদান কৰিব৷

মুখ্যমন্ত্রী ড০ শর্মাই আন্তর্জাতিক সন্মিলনখনত কালি সংযুক্ত আৰবমূলৰ লুলু গ্রুপৰ অধ্যক্ষ ইউছুফ আলীৰ সৈতেও এক বিশেষ আলোচনাত মিলিত হয়৷ এই গ্রুপে অসমৰ কৃষি সংসাধন, আতিথ্য আৰু বাণিজ্যিক খুচুৰা খণ্ডত বিনিয়োগ কৰাৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰি আছে৷ ইয়াৰ পূর্বে প্রথম অসমীয়া মুখ্যমন্ত্রী হিচাপে ডব্লিউইচিত অংশগ্রহণ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি আন্তঃৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান এনআইৰ সৈতে হোৱা বার্তালাপত উল্লেখ কৰে যে ৱর্ল্ড ইক’নমিক ফ’ৰামত টীম ভাৰতৰ অংশ হিচাপে অসমৰ উপস্থিতিয়ে এইটো স্পষ্ট কৰে যে এতিয়া দেশৰ প্রতিটো অংশই বিনিয়োগৰ বাবে সম্পূর্ণভাৱে সাজু৷ যোৱা দুটা দিনত আমি অত্যন্ত ফলপ্রসূ আলোচনা কৰিলোঁ, যিয়ে ভৱিষ্যৎ দিনসমূহত আমাৰ বিকাশক অধিক গতি প্রদান কৰিব৷ আমি সাৰ আৰু ৰাসায়নিকৰ ওপৰত কথা পাতিছোঁ, ছেমিকণ্ডাক্টৰৰ ওপৰত কথা পাতিছোঁ, ইলেক্ট্র’নিক–সেউজ শক্তিৰ বিষয়ে বৈঠকত বহিছোঁ৷ মই ভাবোঁ ৱ’র্ল্ড ইক’নমিক ফ’ৰামত এটা চিন ৰাখিবলৈ সক্ষম হৈছোঁ৷

উল্লেখ্য যে ডব্লিউইচিত যোৱা দুটা দিনত মুখ্যমন্ত্রীৰ ব্যস্ততাভৰা কার্যসূচীৰ মাজত দ্বিতীয় দিনা সন্ধিয়া তেওঁ অসমত ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্রসাৰ কৰা আৰু ভিন্নমুখী যোগান ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে বিশ্বৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ আগশাৰীৰ নেতৃত্বৰ সৈতে এক অতি গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰে৷ এই বৈঠকত ছিনপপিছ, কোৱালাকম, এনালগ ডিভাইচেছ, থার্ম’ফিচাৰ, হ’নিৱেল, হেংকেল আদি প্রতিষ্ঠানৰ নেতৃস্থানীয় প্রতিনিধিসকল উপস্থিত আছিল৷ বিশেষ ঘূৰণীয়া মেজমেলত মুখ্যমন্ত্রী ড০ শর্মাই টাটা গ্রুপৰ অধ্যক্ষ এন চন্দ্রশেখৰণৰ সৈতে সাক্ষাতৰ লগতে অসমত বিনিয়োগৰ সম্ভাৱনা অন্বেষণ সন্দর্ভত আইবিএমৰ উপাধ্যক্ষ গেৰী ক’ন’ৰ সৈতেও বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত জনায় যে দক্ষতা বিকাশ, এআই অভিযোজন আৰু সম্পর্কিত অন্যান্য পদক্ষেপৰ সুযোগসমূহ মূল্যায়ন কৰিবলৈ আইবিএমৰ এটি প্রতিনিধি দল শীঘ্রেই অসমত উপস্থিত হ’ব৷ বুধবাৰে মুখ্যমন্ত্রীয়ে ভ্রমণ আৰু পর্যটন–দৃষ্টিৰ নেপথ্য ১০ ত্রিলিয়ন ডলাৰৰ ক্ষেত্র শীর্ষক এক আলোচনাত ভাষণ দিয়াৰ লগতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্রহণ কৰে৷

You might also like