নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সম্বৰ্ধনা দেশী জনগোষ্ঠীয় মঞ্চৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ বকো থানাৰ অন্তৰ্গত মন্দিৰা আৰক্ষী চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিশিৰ কুমাৰ বসুমতাৰীক আজি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক উপ সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সাংস্কৃতিক উপ সমিতিৰ বিষয়ববীয়া দেলোৱাৰ হুচেইনে জনোৱা মতে, যিহেতু মন্দিৰা অঞ্চলটোত যথেষ্টসংখ্যক দেশী জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু সেয়েহে সংগঠনৰ কাম কাজত সহায়ক হোৱাৰ স্বাৰ্থত প্ৰশাসনিক বিষয়া সকলোৰ লগত সদভাৱ সম্প্ৰীতি বজাই ৰখা দৰকাৰ। অনাগত দিনত অঞ্চলটোৰ বিকাশৰ স্বাৰ্থত জাতীয় সংগঠনটোৱে প্ৰশাসনক সহযোগ আগবঢ়াই যাৱ বুলি জানিবলৈ দিয়ে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কৰ্মীসকলে।

প্ৰেৰক  বিষ্ণু ৰাম দাস

You might also like