নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্রেম উন্মোচিত হোৱাৰ আশংকাত ডিমৌত স্কুটীৰে গৈ পত্নী–কন্যাসহ আত্মহত্যা শিক্ষকৰ

নিয়মীয়া বার্তা, ২৩ জুনঃ শিৱসাগৰ জিলাৰ ডিমৌ থানাৰ অন্তর্গত নিতাইপুখুৰী আৰক্ষী চকীৰ অধীনৰ হাওবুঢ়া চুক নিৱাসী তথা নিতাইপুখুৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক কল্যাণ গগৈ নামৰ এজন ব্যক্তিয়ে পৰকীয়া প্রেমৰ পৰিণতিত নিজৰ কলংকিত চৰিত্র উন্মোচিত হোৱাৰ আশংকাত পত্নীসহ এটি চাৰিবছৰীয়া কন্যা সন্তানক লৈ ডিমৌ নৈত স্কুটীসহ আত্মহত্যা কৰা ঘটনাই সমগ্র নিতাইপুখুৰী–ডিমৌত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ জানিব পৰা মতে, কল্যাণ গগৈয়ে নিতাইপুখুৰী নাওজান গাঁৱৰ এগৰাকী মহিলাৰ সৈতে দীর্ঘদিন ধৰি অবৈধ সম্পর্ক ৰক্ষা কৰি আহিছিল৷ কালি কল্যাণ গগৈয়ে নিজৰ ফেচবুক একাউণ্টত এটা বিতর্কিত পোষ্ট আপলোড কৰে৷ পোষ্টটোত নাওজান গাঁৱৰ দম্পতী ডিম্পী চেতিয়া আৰু স্বামী জিতু তপন চেতিয়াই তেওঁক ব্লেকমেইলিং কৰি দহ লাখ টকা দাবী কৰাৰ অভিযোগ কৰে৷ কল্যাণ গগৈয়ে নাওজানৰ ডিম্পী চেতিয়াৰ সৈতে দীর্ঘদিন ধৰি অবৈধ সম্পর্ক ৰক্ষা কৰাৰ কথা উল্লেখ কৰি ১০ লাখ টকা দাবী কৰি পতি–পত্নীয়ে ব্লেকমেইলিং কৰাৰ কথা উল্লেখ কৰে৷ উক্ত টকা নিদিলে সমগ্র ঘটনা আৰক্ষীক অৱগত কৰিব বুলি ফেচবুক পোষ্টত লিখাৰ লগতে তেওঁলোকৰ বাবেই এই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লোঁ বুলি উল্লেখ কৰিছে৷ লগতে উক্ত দম্পতীক কোনো কাৰণতে এৰি নিদিবলৈ আহ্বান জনায়৷ উক্ত পোষ্টটো আপলোড কৰাৰ কিছু সময়ৰ পাছতেই কল্যাণ গগৈ (২৬)য়ে পত্নী দীপা গগৈ (২২) আৰু চাৰিবছৰীয়া কন্যা সন্তান প্রিয়দর্শিনীক লগত লৈ এ এছ–০৪ জি–৭৫৯৬ নম্বৰৰ স্কুটীখনেৰে গৈ স্থানীয় ধেমেচী কেকেৰণি চুকস্থিত ডিমৌ নৈত আত্মহননৰ প্রয়াস কৰে৷ চাঞ্চল্যকৰ ফেচবুক পোষ্ট আপলোড কৰাৰ পাছতে অঞ্চলটোত তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ সেই সময়তে উক্ত ঘটনা সংঘটিত কৰা এজন স্থানীয় লোকে প্রত্যক্ষ কৰি ওচৰ–চুবুৰীয়াক অৱগত কৰাত হুৱাদুৱা লাগে অঞ্চলটোত৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কল্যাণ গগৈৰ ম’বাইলটো উদ্ধাৰ কৰাৰ লগতে এজোপা গছত লাগি থকা এটা হেলমেট প্রত্যক্ষ কৰে৷ ইয়াৰ পাছতে কল্যাণ গগৈসহ তিনিজনীয়া পৰিয়ালটো ডিমৌ নৈত পৰি আত্মহত্যা কৰা ঘটনা আৰক্ষীয়ে নিশ্চিত কৰে৷ আনহাতে উদ্ধাৰ অভিযানৰ বাবে এছ ডি আৰ এফ বাহিনী উক্ত স্থানত উপস্থিত হৈ ডিমৌ নৈত অভিযান চলাই স্কুটীখন উদ্ধাৰ কৰে যদিও বাতৰি লিখাৰ সময়লৈকে কোনো মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই৷ ইফালে কল্যাণ গগৈয়ে ফেচবুক পোষ্টত উল্লেখ কৰা নাওজানৰ দম্পতী ডিম্পী চেতিয়া আৰু স্বামী জিতু তপন চেতিয়াক নিতাইপুখুৰী আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰে৷ আনহাতে, কল্যাণ গগৈৰ জ্যেষ্ঠ ভাতৃ বিশ্বজিৎ গগৈয়ে নাওজানৰ জিতু তপন চেতিয়া আৰু ডিম্পী চেতিয়াই ব্লেকমেইলিং কৰি দহ লাখ টকা দাবী কৰাৰ অভিযোগত নিতাইপুখুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ তদুপৰি কল্যাণ গগৈৰ পত্নী দীপা গগৈৰ পিতৃ দিলীপ গগৈয়েও উক্ত দম্পতীৰ বিৰুদ্ধে নিতাইপুখুৰী আৰক্ষী চকীত আন এখন এজাহাৰ দাখিল কৰে৷

You might also like