🔹 জাননীতে থমকিল প্রশাসনৰ উচ্ছেদ অভিযান
নিয়মীয়া বার্তা, যোগীঘোপা, ২৬ নৱেম্বৰ : বঙাইগাঁও জিলাৰ পাচনীয়া গো–মাঠত থকা ৫৩৩ বিঘা ভূমিত বসবাস কৰা লোকক প্রশাসনে সময়সীমা বান্ধি দি স্ব–ইচ্ছাই আঁতৰি যাবলৈ দিয়া নির্দেশ মানি বেদখলকাৰী আঁতৰি গৈছিল যদিও দীর্ঘদিন ধৰি প্রশাসন নির্লিপ্ত হৈ থকাৰ সুবাদতে পুনৰ একাংশই ঘৰ–দুৱাৰ সাজি থিতাপি লোৱা পৰিলক্ষিত হৈছে৷
জানিব পৰা মতে, জিলাখনৰ সৃজনগ্রাম ৰাজহ চক্রৰ অন্তর্গত পাচনীয়া–খোৰাগাঁও পঞ্চায়তৰ গো–মাঠত দীর্ঘদিন ধৰি একাংশ সন্দেহযুক্ত নাগৰিকে ঘৰ–দুৱাৰ সাজি নিগাজিকৈ বসতি কৰিবলৈ লোৱাত স্থানীয় লোকসকল বিবুধিত পৰে৷ পোহনীয়া জীৱ–জন্তু বিচৰণৰ ঠাই নোহোৱাত সমস্যাত পৰে লোকসকল৷ উল্লেখ্য যে যোৱা ২৯ জুলাইত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ নেতৃত্বত প্রশাসনৰ উচ্চস্তৰীয় দলে গো–মাঠত উপস্থিত হয় আৰু বেদখলকাৰীক এসপ্তাহৰ সময় দি গো–চৰণীয়া পথাৰ এৰিবলৈ মৌখিক জাননী দিয়াত বহু বেখলকাৰীয়ে ঘৰ–দুৱাৰ ভাঙি আন ঠাইলৈ স্থানান্তৰিত হয়৷
জানিব পৰা মতে, ১৯৯৮ চনৰ পৰাই গো–মাঠত বেদখল আৰম্ভ হোৱাৰ পাছত বর্তমানে ডেৰ শতাধিক পৰিয়ালে ভূমি বেদখল কৰি থিতাপি লৈ থাকে৷ প্রথমাৱস্থাত প্রশাসনে বানপীড়িত কেইঘৰমান লোকক অস্থায়ীভাৱে থাকিবলৈ দিছিল যদিও ইয়াৰ গইনা লৈ উক্ত পৰিয়ালবোৰৰ লগতে এডেও দুডেও লোটা নিয়াৰ চেওকৈ বহু পৰিয়ালে গো–মাঠৰ ভূমি বেদখল কৰি নিগাজিকৈ থাকিবলৈ লয়৷ মন কৰিবলগীয়া যে বঙাইগাঁও, গোৱালপাৰা জিলাৰ উপৰি আনকি ধুবুৰী, বৰপেটা জিলাৰ পৰা আহিও উক্ত গো–মাঠৰ ভূমি বেদখল কৰিবলৈ লয়৷ এনে অৱস্থাত পাচনীয়া গো–মাঠ সংৰক্ষণ সমিতিয়ে বেদখলৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰে৷ উক্ত আবেদনৰ ভিত্তিত ন্যায়ালয়ত এটা গোচৰো পঞ্জীয়ন হয়৷ তাৰ পাছত গোচৰ মর্মে উচ্চ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ঋষিকেশ ৰয়ৰ আদালতে পাচনীয়া গো–মাঠ সংৰক্ষণৰ সপক্ষে বিগত ২০০৯ চনতে ৰায় প্রদান কৰে৷
উক্ত ৰায়মর্মে তেতিয়াৰ জিলা উপায়ুক্তই উত্তৰ শালমাৰা মহকুমা প্রশাসনক ব্যৱস্থা লোৱাৰ বাবে নির্দেশ দিয়ে যদিও ১৭ বছৰ ধৰি কার্যকৰী নোহোৱাকৈ থাকে ন্যায়ালয়ৰ ৰায়৷ তদপৰি ন্যায়ালয়ে উচ্ছেদৰ সবিশেষ তথ্য দুমাহৰ ভিতৰত ন্যায়ালয়ত জমা দিয়াৰ বাবে নির্দেশো দিছিল বুলি জানিব পৰা গৈছে৷ শেহতীয়াভাৱে এই সন্দর্ভত পাচনীয়া উন্নয়ন সমিতিয়ে মুখ্যমন্ত্রীক সবিশেষ তথ্যৰে এখন পত্র প্রেৰণ কৰিছিল, তাৰ পিছতে চলিত বর্ষত ৰাজহ বিভাগে গো–মাঠত জৰীপ চলায়৷ তদুপৰি জিলাৰ শীর্ষ প্রশাসন আৰু আৰক্ষী প্রশাসনে গো–মাঠত উপস্থিত হৈ বেদখলকাৰীক সময়সীমা বান্ধি দি আঁতৰি যাবলৈ নির্দেশ দিছিল৷ উক্ত নির্দেশৰ পিছতে বেদখলকাৰীয়ে ঘৰ–দুৱাৰ ভাঙি আন স্থানলৈ আঁতৰি যোৱাত স্বস্তিৰ নিশ্বাস কাঢ়ে স্থানীয় লোকে৷ কিন্তু দীর্ঘদিন ধৰি প্রশাসন নীৰৱ হৈ থকাৰ সুবাদতে পুনৰ উভতি আহি ঘৰ–দুৱাৰ সাজি থাকিবলৈ লোৱাত অস্বস্তিত পৰিছে স্থানীয় লোক৷