ৰাজ্যত কূটাঘাতৰ আছিল পৰিকল্পনা… খাৰুপেটীয়াত কুখ্যাত জেহাদী গ্ৰেপ্তাৰ
দৰঙৰ খাৰুপেটীয়াত কুখ্যাত জেহাদী গ্ৰেপ্তাৰ। মুনসেৰ আলীক Arakan Rohingya Salvation Army আৰু Tahrik -E- Taliban Pakistanৰ লগত সুসম্পৰ্ক থকাৰ অভিযোগত কমাৰপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
মুনসেৰ আলী কিছুদিন পূৰ্বে তামিলনাডু কৰ্মস্থলীৰ পৰা খাৰুপেটীয়ালৈ উভতি আহিছিল। মুনসেৰ আলীৰ সামাজিক মাধ্য়মযোগে বাংলাদেশী উগ্ৰপন্থীৰ লগত আছিল সুসম্পৰ্ক।
খাৰুপেটীয়াৰ লগতে ৰাজ্যৰ বহুকেইটা ঠাইত কূটাঘাতৰ আছিল পৰিকল্পনা।
খাৰুপেটীয়া আৰক্ষী থানাৰ কেচ সংখ্যা ১৩৪/২০২৫ ধাৰা ১৪৭/১৪৮/১৫২/১৯৬ BNS আৰু R/W ধাৰা ৩৯(২) UA (P) এক্টত গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।
ডিজিটেল ডেস্ক, ২৬ নৱেম্বৰ