গোৱালপাৰা জিলাৰ ১৫নং দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰংগিৰি এখন সৰু চহৰ। এই দৰংগিৰিস্থিত কলৰ বজাৰখন এছিয়া মহাদেশৰ ভিতৰতে এখন বৃহৎ কলৰ পাইকাৰী বজাৰ হিচাপে চিহ্নিত হৈ ব্যৱসায়ীক মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
কৃষি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনত কৃষক সকলৰ লগতে চৰকাৰী ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত দৰংগিৰি বজাৰখনে সুকিয়া স্থান লাভ কৰাটো লক্ষনীয়।
দৰংগিৰি কলৰ বজাৰক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোৰ কৃষক সকলৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী, দোকানী সকল যথেষ্ট লাভবান হোৱাৰ লগতে আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হৈছে। সমগ্র বিশ্বৰ কলৰ বজাৰৰ মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত এই বজাৰ খনত বছৰৰ সকলো সময়তে বিভিন্ন প্ৰজাতিৰ কল উপলব্ধ।
গোৱালপাৰা, কামৰূপ জিলাৰ লগতে চুবুৰীয়া মেঘালয়ৰ গাৰোপাহাৰৰ বিভিন্ন প্ৰান্তৰ কলৰ খেতিয়ক সকলৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ী সকলে কল কেঁচাতে সংগ্ৰহ কৰি বিক্ৰীৰ বাবে আনে ব্যৱসায়ীসকলে।
দৰংগিৰি উন্নয়ন সমিতিৰ পৰিচালনাত বজাৰখনত সপ্তাহত দুদিনকৈ কলৰ বজাৰ হয় বুলি জানিবলৈ দিয়ে।ব্যৱসায়ী সকলৰ সুবিধাৰ বাবে প্ৰতি সোমবাৰে মালভোগ কল আৰু বৃহস্পতিবাৰে অন্যান্য কলৰ বজাৰ বহে।
বছৰৰ সকলো ঋতুতে উপলব্ধ কলৰ খেতিৰ বাবে অতি উপযোগী মাটি হোৱা বাবে সমগ্ৰ অঞ্চলটোতে কলৰ বৃহৎ বৃহৎ উদ্যান গঢ়ি উঠাৰ লগতে প্ৰতিটো পৰিয়ালৰে বাৰি চৌহদত কলৰ খেতি আছে। কল গছৰ ফল, পাত, ফুলৰ লগতে অন্যান্য অংশ স্বাস্থ্যৰ বাবে উপকাৰী, পুষ্টিৰে সমৃদ্ধ কলৰ চাহিদা সদায় আছে আৰু থাকিব।
পূজা, উৎসৱ পাৰ্বণৰ লগতে পুষ্টিকাৰক খাদ্য হিচাপে কলৰ জনপ্ৰিয়তা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে মাজত জনপ্ৰিয়। সকলো পূজা, উৎসৱ পাৰ্বনৰ লগতে মাংগলিক অনুষ্ঠানৰ লগতে দীপাৱলীৰ পৰা কালী পূজা আৰু ষট্ পূজা উপলক্ষে সমগ্ৰ সনাতন হিন্দু ধৰ্মালম্বী সকলৰ মাজত ব্যাপক হাৰত কলৰ চাহিদা বৃদ্ধি পায়।
সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ পিছতে নেপাল, ভূটানত সনাতন হিন্দু ধৰ্মাৱলম্বী লোক বেছি পৰিমাণে বসবাস কৰে ইয়াৰ পৰিপেক্ষিতত কলৰ চাহিদা অন্যান্য অঞ্চলতকৈ বেছি। সেয়েহে দীপাৱলীৰ পৰা কালী পূজা, ষট্ পূজা উপলক্ষে এছিয়াৰ বৃহৎ কলৰ বজাৰ দৰংগিৰি বজাৰখনত সীমাহীন ব্যস্ততা দেখাপোৱা যায়।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, বিহাৰ, উত্তৰপ্ৰদেশ, ছত্তীছগঢ়,ঝাৰখণ্ডৰ লগতে চুবুৰীয়া নেপাল, ভূটানৰ পৰা বহু সংখ্যক ব্যবসায়ীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। প্ৰাপ্ত তথ্য মতে দৰংগিৰি কলৰ বজাৰৰপৰা সম্প্ৰতি সম্প্ৰতি প্ৰতিদিনে ২০-৩০ ট্ৰাক বিভিন্ন প্ৰজাতিৰ কল বহিঃৰাজ্য তথা বহিঃৰাষ্ট্ৰলৈ সৰবৰাহ হয় বুলি বজাৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।
ব্যৱসায়ী সকলৰ বাবে সকলো সুবিধা উপলব্ধ দৰংগিৰি বজাৰখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগিতাত এক বৃহৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যও চলি আছে।
নিয়মীয়া বাৰ্তা, টিপলাই, ২৩ অক্টোবৰ