নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰিয়াৰৰ জটিল সময়ত ৰান মেচিন কোহলি : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পুনৰ ব্যৰ্থ বিৰাট 

এডিলেইড সদায় তেওঁৰ প্ৰিয় খেলপথাৰ। কিন্তু সময় যেতিয়া বেয়া হয়, সকলো হিচাপ-নিকাচ সলনি হৈ যায়। ঠিক তেনেকুৱাই হৈছে বিৰাট কোহলিৰ সৈতে। কেৰিয়াৰৰ সৰ্ববৃহৎ পৰীক্ষাৰ সন্মুখীন হৈ পুনৰ ব্যৰ্থ হ’ল কোহলি। পাৰ্থৰ পিছত এডিলেইডৰ এদিনীয়াতো শূন্য ৰানত আউট হয় কোহলি। ১৭ বছৰত কোহলিয়ে এয়া প্ৰথমবাৰলৈ ধাৰাবাহিকভাৱে দুখন মেচত শূন্য ৰানত আউট হয়।

অষ্ট্ৰেলিয়াত বৰ্তমান চলি থকা তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথম দুয়োখন মেচতে শূন্য ৰানত আউট হয় কিং কোহলি। পাৰ্থত খেলা প্ৰথমখন মেচত বিৰাটে খেলিছিল আঠটা বল। খেলখনত বিৰাট যেন আৰম্ভণিৰ পৰাই প্ৰচণ্ড চাপত আছিল। বেটত বল স্পৰ্শ কৰাটোও তেওঁৰ বাবে প্ৰত্যাহ্বানজনক যেন লাগিছিল। শেষত ষ্টাৰ্কৰ এটা অফ ষ্টাম্পৰ বাহিৰৰ বল কাট কৰাৰ চেষ্টাত পইণ্টৰ হাতত কেছ তুলি দি শূন্য ৰানত আউট হয় কোহলি। পাৰ্থৰ পিছত এডিলেইডতো কোহলিৰ ব্যৰ্থতাৰ ধাৰা অব্যাহত থাকে। আজি অনুষ্ঠিত মেচখনৰ চতুৰ্থ বলতে বাৰ্টলেটৰ ইনছুইঙত এলবিডব্লিউ হৈ শূন্য ৰানত আউট হয় কোহলি। ফলত চলিত ছিৰিজত বিৰাটে দুবাৰকৈ শূন্য ৰানত আউট হয়।

২০২৭ বিশ্বকাপত ভাৰতীয় ক্ৰিকেটৰ এইগৰাকী কিংবদন্তিয়ে খেলিব নে নাই, সেয়া বহুখিনি নিৰ্ভৰ কৰিছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত এই ৩খনীয়া এদিনীয়া মেচৰ প্ৰদৰ্শনৰ ওপৰত। দুখনকৈ মেচত বিৰাটৰ ব্যৰ্থতাই হতাশ কৰি তুলিছে কোহলিৰ অনুৰাগীক।

ডিজিটেল ডেস্ক, ২৩ অক্টোবৰ :

You might also like